ETV Bharat / bharat

গৌৰী লংকেশ হত্যাকাণ্ড : ১৭ জনক অভিযুক্তৰ বিৰুদ্ধে অভিযোগনামা দাখিল

author img

By

Published : Nov 1, 2021, 5:24 PM IST

সাংবাদিক গৌৰী লংকেশ(Gauri Lankesh) হত্যাকাণ্ড সন্দৰ্ভত ১৭ জনক অভিযুক্তৰ বিৰুদ্ধে অভিযোগনামা দাখিল । বিশেষ আদালতে সমগ্ৰ বিচাৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে । ২০১৭ চনৰ ৫ ছেপ্টেম্বৰত সাংবাদিকগৰাকীক হত্যা কৰা হৈছিল ।

Gauri Lankesh murder case
গৌৰী লংকেশ হত্যাকাণ্ড

নেশ্যনেল ডেস্ক, ১ নৱেম্বৰ : সাংবাদিক গৌৰী লংকেশ(Gauri Lankesh)ৰ চাঞ্চল্যকৰ হত্যাকাণ্ড সন্দৰ্ভত ১৭ জনক অভিযুক্তৰ বিৰুদ্ধে দাখিল কৰিলে অভিযোগনামা । উচ্চতম ন্যায়ালয়ৰ সন্মতি সাপেক্ষে কৰ্ণাটক কন্ট্ৰল অৱ অৰ্গেনাইজড ক্ৰাইম এক্ট ২০০০ৰ অধীনত অভিযুক্ত মোহন নায়ক এনৰ বিৰুদ্ধে তদন্ত বিশেষ আদালতত অভিযোগনামা দাখিল কৰা হৈছে ।

বিশেষ ন্যায়াধীশ অনিল ভীমান্না কাট্টিয়ে শনিবাৰে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে অভিযুক্তক তেওঁৰ বিৰুদ্ধে দাখিল কৰা অভিযোগনামা পঢ়ি শুনাইছিল । অভিযুক্তসকলে বেংগালুৰুৰ পাৰাপ্পানা অগ্ৰহৰা কেন্দ্ৰীয় কাৰাগাৰ, মুম্বাই আৰ্থাৰ ৰোড কাৰাগাৰ আৰু পুণেৰ য়েৰাৱাড়া কাৰাগাৰৰ পৰা ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে বিশেষ ন্যায়াধীশৰে সংযুক্ত হৈছিল ।

অভিযোগনামা কানাড়া আৰু মাৰাঠীৰ ভাষাত পঢ়ি শুনাই দিয়া হৈছিল । আদালতে বিচাৰৰ তাৰিখ নিৰ্ধাৰণৰ বাবে বিষয়টো ৮ ডিচেম্বৰলৈ স্থগিত ৰাখে । অভিযুক্তই কাৰাগাৰত তেওঁলোকৰ অধিবক্তাসকলক সাক্ষাৎ কৰিবলৈ আদালতৰ অনুমতি বিচাৰিছিল আৰু গৌৰী লংকেশৰ হত্যাৰ অভিযোগত দোষী নহয় বুলি স্বীকাৰোক্তি দিছিল । আদালতে তেওঁলোকক এই সন্দৰ্ভত আবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে ।

আদালতৰ সন্মতি অবিহনে অভিযুক্তক আন কাৰাগাৰলৈ স্থানান্তৰিত নকৰিবলৈ কেন্দ্ৰীয় কাৰাগাৰৰ কাৰাগাৰ কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে আদালতে । উল্লেখ্য যে, ২০১৭ চনৰ ৫ ছেপ্টেম্বৰত গৌৰী লংকেশক বাইকেৰে অহা দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিছিল ।

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (RSS)কে ধৰি সোঁ-পন্থী হিন্দু সংগঠনসমূহৰ বিৰুদ্ধে মাত মাতি আহিছিল গৌৰীয়ে । হিন্দু দেৱতা সম্পৰ্কে তেওঁ কৰা মন্তব্যৰ বাবে হিন্দু সংগঠনবোৰৰে বিভেদৰ সৃষ্টি হৈছিল । মাওবাদীসকলক মূলসুঁতিলৈ উভতাই অনাত সক্ৰিয়ভাৱে জড়িত হৈ আছিল গৌৰী লংকেশ । ২০১৫ চনৰ ৩০ আগষ্টত এম এম কালবুৰ্গীৰ হত্যকাণ্ডৰ পাচতে সাংবাদিক গৌৰী লংকেশৰ হত্যাকাণ্ড সংঘটিত হৈছিল ।

লগতে পঢ়ক:কানপুৰত পুনৰ জিকা ভাইৰাছত আক্ৰান্ত 6

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.