নেশ্যনেল ডেস্ক, ৫ মাৰ্চ: অৱশেষত নিৰ্বাপিত হ'ল বাংগালুৰুৰ বেল্লানদুৰ হ্ৰদৰ সমীপত সূত্ৰপাত হোৱা জুই । অগ্নি নিৰ্বাপক বাহিনী আৰু হ্ৰদ মাৰ্শ্বালৰ প্ৰচেষ্টাত বৃহস্পতিবাৰে অগ্নি নিৰ্বাপন কৰা হয় আৰু বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰিত অৱস্থাত আছে । বৃহস্পতিবাৰে পুৱতি নিশা হ্ৰদৰ পানীতো জুই বিয়পি পৰাত আতংকিত হৈ পৰে স্থানীয় লোকসকল। হ্ৰদৰ পানীত বিষাক্ত ৰাসায়নিক পদাৰ্থৰ মিহলি হৈ থকা বাবে জুই নুমুওৱাত ব্যৰ্থ হৈছিল অগ্নি নিৰ্বাপক বাহিনী ।
বুধবাৰে নিশা প্ৰায় ১১ বজাত হ্ৰদৰ সমীপত থকা আৱৰ্জনাৰ দ'মত কোনো লোকে জুই লগাই দিছিল । নিশা প্ৰায় ১ বজাত জুই দপদপাই জ্বলি থকা প্ৰত্যক্ষ কৰিছিল একাংশ লোকে । জুই নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰা হৈছিল যদিও তেওঁলোক বিফল হৈছিল ।
বিডিএৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জনোৱা মতে, সৰ্জাপুৰ অগ্নি নিৰ্বাপক বাহিনীয়ে বহু সময় ধৰি চেষ্টা কৰাৰ পিছত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে । ঘটনা সন্দৰ্ভত বিডিএৰ অধ্যক্ষ এছ আৰ বিশ্বনাথে কয় যে, হ্ৰদটোত ২০১৫ চনৰ মে' মাহত আৰু ২০১৮ৰ জানুৱাৰী মাহত প্ৰদূষক জমা হৈ থকা অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছিল ।
লগতে পঢ়ক:বায়ু প্ৰদূষণে কাশ্মীৰ উপত্যকাৰ সৌন্দৰ্য বিনষ্ট কৰাৰ আশংকা