ETV Bharat / bharat

Dalit girl gang raped in Rajasthan Karauli : ধৰ্ষণ কৰি মুখত এচিড ঢালিলে দুষ্কৃতিকাৰীয়ে; ভুক্তভোগী পৰিয়ালৰ সৈতে ধৰ্ণাত বহিল সাংসদ

author img

By

Published : Jul 14, 2023, 9:08 AM IST

ৰাজস্থানৰ কৰৌল জিলাত ধৰ্ষণৰ বলি 19 বছৰীয়া দলিত যুৱতী ৷ যুৱতীগৰাকী বালঘাট আৰক্ষী থানাৰ অন্তৰ্গত মোহনপুৰা গাঁৱৰ আৰতি বৈৰৱা বুলি চিনাক্ত ৷ ধৰ্ষণ কৰি হত্যা কৰাৰ লগতে মৃতদেহটোৰ ওপৰত এচিড ঢালি কুঁৱাত পেলাই দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন । ভুক্তভোগী পৰিয়ালৰ কাষত সাংসদ কিৰোডী লাল মীনা ৷ ভুক্তভোগী পৰিয়ালটোক ন্যায় প্ৰদানৰ লগতে ক্ষতিপূৰণ দিয়াৰ দাবী ৷

Gang rape in Rajasthan Karauli
ৰাজস্থানৰ কৰৌল জিলাত জঘন্য ধৰ্ষণৰ ঘটনা

নেশ্যনেল ডেস্ক, 14 জুলাই : ৰাজস্থানৰ কৰৌল জিলাত জঘন্য ধৰ্ষণৰ ঘটনা ৷ তিনি-চাৰিজন মুখা পিন্ধা দুষ্কৃতিকাৰীয়ে এগৰাকী 19 বছৰীয়া দলিত যুৱতীক অপহৰণ কৰাৰ লগতে দলবদ্ধ ধৰ্ষণ কৰাৰ উপৰিও হত্যাৰো অভিযোগ উত্থাপিত হৈছে ৷ ইয়াৰোপৰি, মৃতদেহটোৰ গাত এচিড ঢালি কুঁৱাত পেলাই দিয়াৰ অভিযোগ উত্থাপন হৈছে । সাংসদ কিৰোডী লাল মীনাৰ লগতে ভুক্তভোগী পৰিয়ালৰ লোকে দোষীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ লগতে ভুক্তভোগীৰ পৰিয়ালৰ লোকক 50 লাখ টকা ক্ষতিপূৰণ দিয়াৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ।

নদৌটি থানাৰ সীমাৰ অন্তৰ্গত এটা কুঁৱাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় যুৱতীগৰাকীৰ মৃতদেহ । খবৰটো লাভ কৰাৰ লগে লগে আৰক্ষীয়ে উক্ত স্থানত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে । যুৱতীগৰাকী বালঘাট আৰক্ষী থানাৰ অন্তৰ্গত মোহনপুৰা গাঁৱৰ আৰতি বৈৰৱা বুলি জানিবলৈ পৰা গৈছে । মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয় । ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে । বৃহস্পতিবাৰে পোহৰলৈ আহে এই এই দলৱদ্ধ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ কথা । ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ পিছতে সাংসদ কিৰোডী লাল মীনাই উক্ত স্থানত উপস্থিত হৈ পৰিয়ালৰ লোকৰ সৈতে ধৰ্ণাত বহা দেখিবলৈ পোৱা যায় ।

সাংসদগৰাকীয়ে ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে দোষীক গ্ৰেপ্তাৰ কৰাৰ সমান্তৰালকৈ ভুক্তভোগী পৰিয়ালৰ লোকক 50 লাখ টকাৰ ক্ষতিপূৰণ দিবলৈ দাবী জনায় । পৰিয়ালৰ লোকক ঠিকাভিত্তিক চাকৰিত নিযুক্তি প্ৰদানৰ পিচতহে যুৱতীগৰাকীৰ মৃতদেহটো দাহ কৰা হ’ব বুলি সাংসদগৰাকীয়ে দাবী উত্থাপন কৰে । আৰক্ষীয়ে জানিবলৈ দিয়া মতে, বৃহস্পতিবাৰৰ পুৱতি নিশা ঘৰৰ পৰা নিৰুদ্দেশ হৈছিল যুৱতীগৰাকী ।

উল্লেখ্য যে, স্থানীয় লোকে কুঁৱাটোত পানী তুলিবলৈ যাওঁতে মৃতদেহটো প্ৰত্যক্ষ কৰে । সাংসদ কিৰোডী লাল মীনাই কয় যে গেহলট চৰকাৰৰ অধীনত কোনো কন্যা শিশু সুৰক্ষিত নহয় । অনতিপলমে দোষীক গ্ৰেপ্তাৰ কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনায় সাংসদগৰাকীয়ে । তেওঁ কয় যে প্ৰথমে ছোৱালীজনীক অপহৰণ কৰি দলৱদ্ধ ধৰ্ষণ কৰা হৈছিল । ইয়াৰ পিছতে অভিযুক্তই তাইৰ মুখত এচিড ঢালি জ্বলাই মৃতদেহটো কুঁৱাত পেলাই দিয়ে ৷

ভুক্তভোগী ছোৱালীজনীৰ মাতৃয়ে জনোৱা মতে, মাজনিশা প্ৰস্বাৱগাৰলৈ যাবলৈ ওলাওঁতেই ছোৱালীজনী দেখিবলৈ পোৱা নাছিল । তিনি-চাৰিজন মুখা পিন্ধা দুষ্কৃতিকাৰীয়ে তেওঁৰ ছোৱালীজনীক গাড়ীত জোৰকৈ লৈ গৈছিল । নিজ কন্যাৰ মৃত্যুৰ তথ্য পুৱা ছ’চিয়েল মিডিয়াৰ জৰিয়তেহে অৱগত হয় বুলি মাতৃগৰাকীয়ে উল্লেখ কৰে । যুৱতাগৰাকীৰ ইতিমধ্যে এংগেজমেণ্ট হৈ গৈছিল লগতে চাৰিজন পুত্ৰ-কন্যাৰ ভিতৰত তেওঁ জ্যেষ্ঠ বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে ।

লগতে পঢ়ক : PM Awas Yojana in Rangia: 2,173 গৰাকী হিতাধিকাৰীলৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনৰ গৃহ প্ৰদান

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.