আগৰতলা, 19 জুন: ত্ৰিপুৰাৰ বিশালগড়ত দেওবাৰে নিশা ভয়ংকৰ ঘটনা সংঘটিত হয় ৷ মাজনিশা বিশালগড় এছডিপিঅ’ৰ কাৰ্যালয়ৰ বিপৰীতে থকা পেট্ৰ’ল পাম্পত ৫ জনীয়া অস্ত্ৰধাৰী ডকাইতৰ এটা দলে আক্ৰমণ চলায় ৷ এই সমগ্ৰ শিহৰণকাৰী ঘটনা বন্দী হয় চিচিটিভিত ৷
ফুটেজটোত দেখুওৱা অনুসৰি প্ৰথমে অচিনাক্ত ডকাইতৰ দলটোৱে পাম্পটোৰ অফিচ কোঠাটোলৈ লক্ষ্য কৰে ৷ কোঠাটোৰ দুৱাৰখন খুলিয়েই ডকাইতৰ দলটোৱে শুই থকা নৈশ চকীদাৰগৰাকীৰ মূৰত পিষ্টল লগোৱাত তেওঁলোকে বিচলিত নহৈ দলটোৰ লগত ওলোটাকৈ লগত হতাহতিত লিপ্ত হয় ৷ হাতত থকা অস্ত্ৰ, দা, চিপ্ৰাঙেৰে প্ৰথমে এজন নিৰাপত্তাৰক্ষীক মাৰিবলৈ চেষ্টা কৰে যদিও লগত থকা নিৰাপত্তাৰক্ষীগৰাকীয়ে হাতত এখন দা লৈ খেদি অহাত ডকাইতৰ দলটোৱে কোঠাটোৰ পলায়ন কৰে ৷
অনুমান কৰা হৈছে যে তেওঁলোকে হয়তো নৈশ চকীদাৰক মাৰপিট কৰি আন কোঠাৰ চাবি কাঢ়ি নিব বিচাৰিছিল। ইফালে নৈশ চকীদাৰ দুগৰাকীৰ বীৰত্বই তেওঁলোকৰ প্ৰাণ বচোৱাৰ লগতে পেট্ট’ল পাম্পটোত চোৰ হোৱাৰ পৰাও ৰক্ষা পেলায় ৷
পাম্পটোৰ মালিককে ধৰি স্থানীয় ৰাইজে দুই সাহসী নৈশ চকীদাৰদ্বয়ৰ অকল্পনীয় বীৰত্বক শলাগ লৈছে। এতিয়া এই ফুটেজটোৱে সামাজিক মাধ্যমত ব্যাপকভাৱে ভাইৰেল হৈছে ৷
উল্লেখ্য যে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহাই শেহতীয়াকৈ ঘোষণা কৰা মতে উত্তৰ-পূবৰ ভিতৰত ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰী জব্দ কৰাৰ ক্ষেত্ৰত প্ৰথম স্থান অৰ্জন কৰিবলৈ সক্ষম হৈছে ত্ৰিপুৰা । ২০১৮ চনৰ পৰা ২০২২ চনৰ আগষ্টলৈকে নিচাজাতীয় দ্ৰব্য সৰবৰাহ সন্দৰ্ভত ৰুজু হোৱা ১,৭৭৬ টা গোচৰ সন্দৰ্ভত প্ৰায় ২,৭০১ গৰাকী লোকক গ্ৰেপ্তাৰ কৰা হৈছে ।
ৰাজ্যখনত ১ লাখ ৯২ হাজাৰ কিলোগ্ৰামতকৈও অধিক গাঞ্জা, ৮ লাখ ৮ হাজাৰ ৩৮ টা কফ চিৰাপৰ বটল, ৪৫ লাখ ৬৩ হাজাৰ নিচাজাতীয় টেবলেট আৰু ১৮,০৭৩ গ্ৰাম হেৰ'ইন জব্দ কৰা হৈছে ।
লগতে পঢ়ক: War Against Drugs: যোৱা দুদিনত ডিমা হাছাওত ড্ৰাগছ সহ পাঁচ যুৱকক গ্ৰেপ্তাৰ