ETV Bharat / bharat

Dehradun mega land scam: ডেৰাডুনত ভয়ংকৰ ভূমি কেলেংকাৰীৰে জড়িত অসমৰ দুজনক গ্ৰেপ্তাৰ - ডেৰাডুন

ডেৰাডুনৰ ভূমি পঞ্জীয়কৰ কাৰ্যালয়ত ভয়ংকৰ প্ৰৱঞ্চনা আৰু কেলেংকাৰী হোৱাৰ তথ্য পোহৰলৈ আহিছে ৷ এই কেলেংকাৰীৰ সৈতে নাম সাঙুৰ খায় গ্ৰেপ্তাৰ হৈছে অসমৰ দুগৰাকী ব্যক্তি ৷ এতিয়াও পলাতক এই বিয়াগোম কেলেংকাৰীৰ মাষ্টাৰমাইণ্ড ৷

Dehradun mega land scam
Dehradun mega land scam
author img

By

Published : Aug 12, 2023, 10:37 PM IST

ডেৰাডুনত ভয়ংকৰ ভূমি কেলেংকাৰীৰে জড়িত অসমৰ দুজনক গ্ৰেপ্তাৰ

নেশ্যনেল ডেস্ক, 12 আগষ্ট: উত্তৰাখণ্ড আৰক্ষীয়ে ভূমি পঞ্জীয়কৰ কাৰ্যালয়ত নথিপত্ৰৰ কেলেংকাৰীৰ সৈতে জড়িত এটা বৃহৎ আন্তঃৰাজ্যিক দলক কৰায়ত্ত কৰে । নগৰ কোতৱালী আৰক্ষীয়ে কোটি কোটি টকাৰ মাটি কেলেংকাৰীৰ লগত জড়িত তিনিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে ৷ শেহতীয়াকৈ, ডেৰাডুন ভূমি পঞ্জীয়কৰ কাৰ্যালয়ত ভূমি সম্পৰ্কীয় নথিপত্ৰত টেম্পাৰিং কৰাৰ ঘটনা সংঘটিত হৈছিল ।

এই অভিযোগ লাভ কৰি উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীও ভূমি পঞ্জীয়কৰ কাৰ্যালয়ত উপস্থিত হৈছিল আৰু সমগ্ৰ বিষয়টো পৰীক্ষা কৰিছিল । ইয়াৰ পিচত, মুখ্যমন্ত্ৰীয়ে আৰক্ষীক অভিযুক্তসকলক গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ দিছিল । এই নিৰ্দেশনা অনুসৰি, এছ.এছ.পি. ডেৰাডুনে এটা তদন্তকাৰী দল গঠন কৰে ।

দলৰ মাষ্টাৰমাইণ্ড ইমৰান এতিয়াও পলাতক:

আৰক্ষীৰ তদন্তত গম পোৱা গৈছে যে দলটোৰ মাষ্টাৰমাইণ্ড ইমৰান নামৰ লোকজন এজন উকীল । তেওঁ ৰায়পুৰ আৰক্ষী থানা অঞ্চলত দুজন সম্পৰ্কীয় ভাই সন্তোষ আগৰৱালা আৰু দীপচান্দ আগৰৱালাৰ নামত প্ৰায় 12.5 একৰ মাটিৰ কেলেংকাৰী সংঘটিত কৰিছিল ৷ লগতে, পঞ্জীয়কৰ কাৰ্যালয়ত নিযুক্ত এজন পিআৰডি জোৱান দালচান্দৰ সহায়ত, এই ভূমিৰ নথিপত্ৰৰ সৈতে খেলিমেলি কৰা হৈছিল ।

আৰক্ষীয়ে অভিযুক্ত সন্তোষ আগৰৱালা, দীপচান্দ আগৰৱালা আৰু ডালচান্দক গ্ৰেপ্তাৰ কৰিছে । অভিযুক্ত উকীল ইমৰান এতিয়াও পলাতক হৈ আছে । আৰক্ষীয়ে ইমৰানক গ্ৰেপ্তাৰ কৰিবলৈ অনুসন্ধান প্ৰক্ৰিয়া অব্যাহত ৰাখিছে ৷ জানিব পৰা মতে, ইমৰানৰ গ্ৰেপ্তাৰৰ ফলত ডেৰাডুনত ভূমি জালিয়াতিৰ বহুতো ডাঙৰ ৰহস্য উন্মোচন হ'ব পাৰে ।

গোচৰটোৰ তদন্তৰ বাবে এছ.আই.টি. দল গঠন :

15 জুলাইত সহকাৰী মহাপৰিদৰ্শক সন্দীপ শ্ৰীবাস্তৱে অভিযোগ দাখিল কৰে যে জিলা দণ্ডাধীশে গঠন কৰা সমিতিৰ তদন্ত প্ৰতিবেদনত অচিনাক্ত অভিযুক্তৰ মিলাপ্ৰীতিৰে প্ৰৱঞ্চনাৰ উদ্দেশ্যৰে ষড়যন্ত্ৰ কৰি পঞ্জীয়কৰ কাৰ্যালয় আৰু উপ-পঞ্জীয়কৰ কাৰ্যালয়ত বিভিন্ন জমিৰ বিৱৰণৰ সৈতে ভুৱা নামেৰে খেলিমেলি কৰা হৈছে । এই সন্দৰ্ভত অচিনাক্ত অভিযুক্তৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হয় । গোচৰটো পঞ্জীয়ন হোৱাৰ পিচত, এছ.পিয়ে গোচৰটো তৰাৰ বাবে এটা বিশেষ অনুন্ধান দল গঠন কৰিছিল ।

দলটোৱে অভিযুক্তৰ সন্ধান কেনেকৈ পালে:

আৰক্ষীৰ দলে পঞ্জীয়কৰ কাৰ্যালয়ৰ পৰা তথ্য লৈ ৰিং ৰোড সম্পৰ্কীয় 50 খনতকৈও অধিক পঞ্জীয়ন অধ্যয়ন কৰিছিল আৰু সকলো লোকক সোধা-পোছা কৰিছিল । জেৰাৰ সময়ত কিছু ব্যৱসায়ীৰ নাম আহিছিল সন্মুখলৈ ৷ তেওঁলোকক সোধা-পোছা কৰাত, প্ৰৱঞ্চনাটোত উকীল ইমৰানৰ জড়িত থকাৰ তথ্য পোহৰলৈ আহে ৷ লগতে, ভুৱা পঞ্জীয়ন কৰা সন্তোষ আগৰৱালা আৰু দীপচান্দ আগৰৱালাৰ নামো পোহৰলৈ আহে ৷

তেওঁলোকৰ ভাষ্য অনুসৰি পঞ্জীয়কৰ কাৰ্যালয়ৰ পৰা প্ৰস্তুত কৰা নথিপত্ৰ লাভ কৰাৰ পিচত, বহুতো প্ৰৱঞ্চনাৰ তথ্য পোৱা যায় । লগতে, তেওঁলোকৰ বহুতো বেংক একাউণ্টত কোটি কোটি টকাৰ লেনদেনৰ তথ্য পোৱা যায় ৷ দলটোৱে তেওঁলোকৰ গোপন স্থানাত তালাচী চলাইছিল যদিও জালিয়াতিৰে সকলো মানুহ ইতিমধ্যে পলায়ন কৰিছিল ৷

তিনিজন অভিযুক্তক গ্ৰেপ্তাৰ:

লাভ কৰা তথ্য অনুসৰি অসমৰ বিটিএডিৰ চিৰাং জিলাৰ বাসিন্দা সন্তোষ আগৰৱালা আৰু দীপচান্দ আগৰৱালাক চিমলা পাইপপাছৰ পৰা গ্ৰেপ্তাৰ কৰা হয় । তেওঁলোকক জেৰাৰ সময়ত, পঞ্জীয়কৰ কাৰ্যালয়ত নিযুক্ত ডালচান্দ আৰু আনসকলৰ নাম পোহৰলৈ আহে । অভিযুক্ত ডালচান্দক বান্নু স্কুলৰ ওচৰৰ ৰেচ কোৰ্চৰ পৰা গ্ৰেপ্তাৰ কৰা হয় ।

অভিযুক্তসকলে কেনে ধৰণে ভুৱা নামেৰে প্ৰৱঞ্চনা কৰিছিল:

সন্তোষ আগৰৱালা আৰু দীপচান্দ আগৰৱালে স্বীকাৰ কৰে যে তেওঁলোকে কাঠ আৰু কয়লাৰ ব্যৱসায় কৰে । ব্যৱসায় সন্দৰ্ভত, তেওঁলোকে প্ৰায়ে উত্তৰ প্ৰদেশৰ চাহাৰনপুৰৰ এজন ব্যক্তি কেপি সিঙক সাক্ষাৎ কৰিছিল । 2019 চনত, তেওঁলোকে কেপি সিঙৰ জৰিয়তে উকীল ইমৰানক লগ পাইছিল ৷ ইমৰানে তেওঁলোকক ডেৰাডুনলৈ আহিবলৈ কয় আৰু পৰৱৰ্তী সময়ত তেওঁলোকে ডেৰাডুনত ইমৰানক সাক্ষাৎ কৰে । ইমৰান তেওঁলোকক কয় যে ডেৰাডুনৰ বহুতো ভূমি উত্তৰাধিকাৰী অবিহনে বহু বছৰ ধৰি দাবীহীন হৈ পৰি আছে । সেই ভূমিবোৰৰ কিছুমান ইমৰানে তেওঁলোকৰ নামত কৰি দিব পাৰিব বুলিও প্ৰস্তাৱ দিছিল । যাৰ দ্বাৰা তেওঁলোকে কোটি টকাৰে লাভান্বিত হ'ব ।

ইয়াৰ পিছত, ইমৰানে তেওঁলোকক কিছু নথিপত্ৰ দেখুৱায় ৷ এই লোভত পৰি সন্তোষ আগৰৱালা আৰু দীপচান্দ আগৰৱালে তেওঁলোকৰ নামত কিছু ভূমি কাগজ তৈয়াৰ কৰে । ইমৰানে প্ৰতিশ্ৰুতি দিছিল যে তেওঁ অসমৰ লোকদুজনক এই গোচৰত জড়িত হ'বলৈ নিদিব । ইমৰানে তেওঁক পঞ্জীয়কৰ কাৰ্যালয়ৰ এজন কৰ্মচাৰী ডালচান্দৰ সৈতে পৰিচয় কৰাই দিছিল । ডালচান্দেও তেওঁলোকক আশ্বাস দিছিল । এনেদৰে তেওঁলোকেও ধনৰ লোভত দুয়োৰে কথাৰ জালত ভৰি দিছিল ।

ইয়াৰ পিচত, ইমৰানে তেওঁলোকৰ আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ কাৰ্ড আৰু অভিভাৱকৰ মৃত্যুৰ প্ৰমাণপত্ৰ বিচাৰিছিল আৰু তাৰ পিচত ইমৰানে সন্তোষ আগৰৱালা আৰু দীপচান্দ আগৰৱালাৰ নামত ৰিং ৰোড ভূমিৰ কাগজ পত্ৰ তৈয়াৰ কৰিছিল । অৰ্পিত চাওলা নামৰ আন এক উকীলেও ইমৰানৰ সৈতে এই কাকতবোৰ তৈয়াৰ কৰাত সহায় কৰে । এই লোকসকলে অসমৰ দুই ব্যক্তিৰ নামত মহন্ত ইন্দ্ৰেশ চিকিৎসালয়ৰ কাষৰ এটা কোঠা ভাড়ালৈও লৈছিল । এই লোকসকলৰ নামত কোটাক মহিন্দ্ৰা আৰু এক্সিছ বেংকত দুটা একাউণ্টো খুলি দিছিল ঠগ ইমৰানে ।

চেক বহীৰ সৈতে ইমৰান খানে ‘খেল’ খেলিছিল:

ইমৰানে সন্তোষ আগৰৱালা আৰু দীপচান্দ আগৰৱালাৰ দ্বাৰা স্বাক্ষৰিত চেক বহীখন নিজৰ লগত ৰাখিছিল । যেতিয়া সন্তোষ আগৰৱালা আৰু দীপচান্দ আগৰৱালাৰ নামত ৰিং ৰোডৰ ভূমি কাগজত স্থানান্তৰ কৰা হৈছিল, তাৰ পিচত এই লোকসকলে আন এক মাটিৰ লেন দেল কৰিবলৈ ৰাজপুৰ ৰোডলৈ লৈ গৈছিল । য'ত ইমৰানৰ এক সংগী শ্বাহনাৱাজো উপস্থিত আছিল । এই লোকসকলে সম্পত্তি ব্যৱসায়ী গোপাল, চাইনী, গুলেৰিয়া আৰু শ্বাহজাদৰ সৈতে ভূমিৰ লেনদেন কৰিছিল । য'ত 25-30 লাখ টকা নগদ ধন লোৱা হৈছিল । ইমৰানে চেকৰ জৰিয়তে কিছু টকা লৈছিল ।

ইয়াৰ পিচত, 2021-22 বৰ্ষত এই লোকসকলে বিভিন্ন লোকৰ পৰা ভূমিৰ পঞ্জীয়ন সম্পন্ন কৰিছিল । ইমৰানে সকলো ক'লা ধন নিজে ৰাখিছিল আৰু চেকৰ জৰিয়তে সন্তোষ আগৰৱালা আৰু দীপচান্দ আগৰৱালাৰ একাউণ্টলৈ পঞ্জীয়নৰ ধন আহিছিল । ইমৰানে এই সকলো টকা পিচত উলিয়াই লৈছিল । এই লোকসকলে প্ৰায় 25-30 লাখ টকা নগদ ধন দিছিল ।

ইমৰান আৰু শ্বাহনাৱাজে দলচান্দৰ সৈতে ভাল যোগাযোগ ৰক্ষা কৰিছিল, যি পঞ্জীয়কৰ কাৰ্যালয়ৰ ৰেকৰ্ড ৰুমত কৰ্মৰত আছিল । এই লোকসকলে ডালচান্দৰ সহায়ত ভূমি সম্পৰ্কীয় কাগজ-পত্ৰ তৈয়াৰ কৰিছিল আৰু বহুতো মানুহে তেওঁলোকৰ সৈতে আছিল ৷

এছএছপি দলীপ সিং কোঁৱৰে কয়, ‘‘অভিযুক্ত ৰেচ কোৰ্চে জেৰাৰ সময়ত কয় যে তেওঁ পঞ্জীয়কৰ কাৰ্যালয়ত বাইণ্ডাৰ আদি হিচাপে কাম কৰে । ইমৰানে তেওঁক প্ৰলোভিত কৰিছিল আৰু ফাইলৰ পৰা কিছুমান পুৰণি ভূমিৰ মূল নথিবোৰ হস্তগত কৰি আৰু ভুৱা নথিবোৰ প্ৰস্তুত কৰিছিল । ইয়াৰ সহায়ত তেওঁলোকে প্ৰৱঞ্চনাৰ ঘটনা সংঘটিত কৰিছিল ৷

লগতে পঢ়ক: 7 year old girl brutally raped : চুবুৰীয়া পিতা-পুত্ৰৰ ধৰ্ষণৰ বলি ৭ বছৰীয়া কিশোৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.