নেশ্যনেল ডেস্ক, ২ ডিচেম্বৰ: অহা সপ্তাহত গৌতম গম্ভীৰে বিজেপিৰ প্ৰাৰ্থীৰ বাবে জম্মু-কাশ্মীৰত জিলা উন্নয়ন পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে । মঙলবাৰে বিজেপিৰ এক সূত্ৰই প্ৰকাশ কৰে এই তথ্য । ২০২১ত পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনৰ বাবেও গৌতম গম্ভীৰে বিজেপিৰ বহু প্ৰচাৰ অভিযানত অংশ লোৱাৰ সম্ভাৱনা প্ৰকট কৰে সূত্ৰটোৱে । জিলা উন্নয়ন পৰিষদৰ নিৰ্বাচনৰ প্ৰাক ক্ষণত ৭-৯ ডিচেম্বৰৰ ভিতৰত জম্মু-কাশ্মীৰত বিজেপিৰ প্ৰচাৰকৰূপে প্ৰচাৰ অভিযানত অংশ ল'ব গম্ভীৰে । উল্লেখ্য যে, মুঠ ৮ টা পৰ্যায়ত অনুষ্ঠিত হোৱা জিলা উন্নয়ন পৰিষদৰ নিৰ্বাচনৰ ভোটগ্ৰহণ যোৱা ২৮ নৱেম্বৰৰ পৰা আৰম্ভ হৈছে আৰু ১৯ ডিচেম্বৰত সমাপ্ত হ'ব ।
অহা ২২ ডিচেম্বৰত জিলা উন্নয়ন পৰিষদৰ নিৰ্বাচনৰ ভোটগণনা হ'ব । আনহাতে, পশ্চিমবংগৰ বিজেপি নেতাসকলেও বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰক হিচাপে গৌতম গম্ভীৰক বিচাৰিছে । ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত গৌতম গম্ভীৰ কলকাতা নাইট ৰাইডাৰ্ছৰ অধিনায়ক হিচাপেও পশ্চিমবংগত তেওঁৰ এক সুকীয়া জনপ্ৰিয়তা আছে । বিজেপিৰ সূত্ৰই প্ৰকাশ কৰা মতে, পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে গৌতম গম্ভীৰৰ দৰে ব্যক্তিত্ব আৰু জনপ্ৰিয়তা থকা বিকল্প ব্যক্তি ৰাজ্যখনৰ বিজেপি নেতাসকলৰ দৃষ্টিত নাই ।
গম্ভীৰে হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ সময়ত কেইগৰাকীমান প্ৰাৰ্থীৰ বাবে প্ৰচাৰ অভিযানত অংশ লৈছিল । লোকসভা নিৰ্বাচনৰ পূৰ্বে গৌতম গম্ভীৰে বিজেপিত যোগদান কৰে । তেওঁ দিল্লীৰ কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ অৰবিন্দৰ সিং লাভলিক পৰাস্ত কৰি পূৱ দিল্লীৰ আসন দখল কৰিছিল । অতি কম সময়ৰ ভিতৰত ৰাজনৈতিক ক্ষেত্ৰখনতো গম্ভীৰে নিজৰ সবল স্থিতি প্ৰতিপন্ন কৰিবলৈ সক্ষম হৈছে ।
লগতে পঢ়ক:আৰবীয়ান সাগৰত নাও দুৰ্ঘটনাৰ ফলত 6 গৰাকী মাছমৰীয়া সন্ধানহীন