নেশ্যনেল ডেস্ক, ২৩ মাৰ্চ : ৰাহুল গান্ধীৰ পাছত এইবাৰ ৰাজস্থানৰ মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছী নেতা অশোক গেহলটৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিলে কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱতে (Defamation case against Rajasthan CM Ashok Gehlot)। সঞ্জীৱনী কেলেংকাৰী (Sanjeevani Scam) সম্পৰ্কে কৰা কথিত মন্তব্যৰ ৰাজস্থানৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এই মানহানিৰ গোচৰ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ । অৱশ্যে বৃহস্পতিবাৰে দিল্লীৰ আদালতে মানহানিৰ অভিযোগত চমন জাৰি কৰাৰ বিষয়ত আদেশটো সংৰক্ষিত ৰাখে ।
অতিৰিক্ত মুখ্য মেট্ৰ'পলিটান মেজিষ্ট্ৰেট (এচিএমএম) হৰপ্ৰীত সিঙে বিষয়টো তত্বাৱধানৰ পূৰ্ব-তলবদ্ধ কৰাৰ সমাপ্তি আৰু ৰেকৰ্ডিং সমাপ্ত হোৱাৰ পাছত ২৪ মাৰ্চ তাৰিখে চমন জাৰী কৰাৰ আদেশৰ বাবে বিষয়টো শুনানিৰ দিন নিৰ্ধাৰণ কৰে ।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে শেহতীয়াকৈ দিল্লী আদালতৰ কাষ চাপিছে আৰু ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটৰ (Rajasthan CM Ashok Gehlot) বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিছে । তেওঁ অভিযোগ কৰিছে যে গেহলটে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে ভাষণ প্ৰদান কৰি কৈছে যে সঞ্জীৱনী কেলেংকাৰী সম্পৰ্কীয় অভিযোগ তেওঁৰ বিৰুদ্ধে প্ৰমাণ হৈছে । জ্যেষ্ঠ অধিবক্তা বিকাশ পাহৱাই কেন্দ্ৰীয় মন্ত্ৰীৰ বিৰুদ্ধে মানহানিকৰ ভাষণ দিয়াৰ অভিযোগত গেহলটৰ বিৰুদ্ধে গোচৰ দিছিল ।
জ্যেষ্ঠ অধিবক্তা পাহৱাই আৱেদন দাখিল কৰি কয় যে ৰাজস্থানৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কেন্দ্ৰীয় মন্ত্ৰীয়ে উত্থাপন কৰা এয়া এক নতুন অভিযোগ । মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্যৰ দ্বাৰা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ খ্যাতিৰ অপূৰণীয় ক্ষতি হৈছে । এই বিষয়টো এটা গোচৰৰ সৈতে জড়িত যিটো ২০১৯ চনত এজাহাৰ পঞ্জীয়ন কৰা হৈছিল ।
গোচৰটো সন্দৰ্ভত তিনিখন অভিযোগনামা দাখিল কৰা হৈছে । কিন্তু তাত কেন্দ্ৰীয় মন্ত্ৰী শ্বেখাৱতৰ (Central minister Gajendra Singh Shekhawat) নাম ক'তো উল্লেখ নাই । তেওঁক আনকি অনুসন্ধানৰ বাবে মতাও হোৱা নাছিল বুলি জ্যেষ্ঠ অধিবক্তা বিকাশ পাহৱাই উল্লেখ কৰে (Central minister files criminal defamation case)। ইয়াৰ পাছতো গেহলটে কৈছে যে শ্বেখাৱতৰ বিৰুদ্ধে অভিযোগ প্ৰমাণিত হৈছে । ইফালে ৰাজস্থানৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে মানহানিৰ গোচৰ ৰুজু কৰাক লৈ ৰাজনৈতিক মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
লগতে পঢ়ক :Five Naxalites arrested : অমিত শ্বাহৰ ভ্ৰমণৰ পূৰ্বে ছত্তীশগড়ত মাওবাদী গ্ৰেপ্তাৰ