ETV Bharat / bharat

CDS General Bipin Rawat passed away : আজি দিল্লীলৈ অনা হ’ব ৰাৱাট দম্পতীৰ নশ্বৰদেহ

author img

By

Published : Dec 9, 2021, 7:24 AM IST

Updated : Dec 9, 2021, 8:12 AM IST

তামিলনাডুত বুধবাৰে কুনুৰৰ সমীপত হেলিকপ্তাৰ (Coonoor helicopter Crash) দুৰ্ঘটনাত সেনাপ্ৰধান (CDS General Bipin Rawat) বিপিন ৰাৱাট আৰু পত্নী মধুলিকাকে ধৰি ১৩ গৰাকী লোকৰ মৃত্যু ঘটে (CDS General Bipin Rawat passed away) ।

funeral-of-cds-bipin-rawat-his-wife-to-be-done-on-friday-in-delhi-cantonment
সেনাপ্ৰধান বিপিন ৰাৱাটৰ মৃত্যু

নেশ্যনেল ডেস্ক, 9 ডিচেম্বৰ : তামিলনাডুৰ কুনুৰৰ সমীপত বুধবাৰে সংঘটিত হেলিকপ্তাৰ দুৰ্ঘটনাত (Coonoor helicopter Crash) দেশৰ প্ৰতিৰক্ষা বিভাগৰ প্ৰধান জেনেৰেল বিপিন ৰাৱাট (CDS General Bipin Rawat) আৰু পত্নী মধুলিকাৰ মৃত্যু (CDS General Bipin Rawat passed away) ঘটে । তথ্য অনুসৰি, বৃহস্পতিবাৰে সন্ধিয়াৰ ভিতৰত তেওঁলোকৰ নশ্বৰদেহ দিল্লীলৈ অনা হ'ব । শুকুৰবাৰে দিল্লী কেণ্টনমেণ্টত দুয়োগৰাকীৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব ।

ইতিমধ্যে ৰাৱাটৰ গৃহ ৰাজ্য উত্তৰাখণ্ডৰ ৰাজ্য চৰকাৰে এই শোকাকূল ঘটনাৰ বাবে 3 দিনীয়া ৰাজ্যিক শোক ঘোষণা কৰিছে ।

লগতে চাওক: General Bipin Rawat passed away : সেনাৰ হেলিকপ্টাৰতেই জীৱন সামৰিলে জেনেৰেল ৰাৱাটে

সেনাপ্ৰধান বিপিন ৰাৱাট(CDS General Bipin Rawat) আৰু তেওঁৰ পত্নীৰ নশ্বৰদেহ বৃহস্পতিবাৰে সন্ধিয়াৰ ভিতৰত এখন সামৰিক বিমানেৰে ৰাজধানী চহৰ নতুন দিল্লীলৈ অনা হ'ব । শুকুৰবাৰে দুয়োগৰাকীৰে মৃতদেহ নিজ বাসগৃহলৈ অনাৰ পিছত স্থানীয় ৰাইজ তথা অনুগামীসকলক পুৱা ১১ বজাৰ পৰা দুপৰীয়া ২ বজালৈ শেষ শ্ৰদ্ধা জনাবলৈ অনুমতি দিয়া হ'ব । তাৰ পিছত তেওঁলোকৰ নশ্বৰদেহ কামৰাজ মাৰ্গৰ পৰা শোভাযাত্ৰা কৰি দিল্লী কেণ্টনমেণ্টৰ বৰদলৈ চ’ক শ্মশানলৈ লৈ যোৱা হ'ব । ৰাৱাটৰ কনিষ্ঠ ভগ্নী আৰু ভাতৃ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত থাকিব ।

CDS General Bipin Rawat passed away
পত্নীৰ সৈতে সেনাপ্ৰধান বিপিন ৰাৱাট

3 দিনীয়া ৰাজ্যিক শোক

উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে চিডিএছ ৰাৱাট(CDS General Bipin Rawat) ৰ মৃত্যুক লৈ ৰাজ্যখনত তিনিদিনীয়া ৰাজ্যিক শোক ঘোষণা কৰিছে । "চিডিএছ জেনেৰেল বিপিন ৰাৱাটৰ মৃত্যুৰ খবৰ শুনি মই অত্যন্ত দুঃখিত বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে শোক ব্যক্ত কৰে ৷ লগতে কয় যে, ৰাৱাটে নিজৰ জীৱন ৰাষ্ট্ৰৰ বাবে উৎসৰ্গিত কৰিছিল । ৰাৱাটৰ পৰিয়াললৈ মোৰ সমবেদনা জ্ঞাপন কৰিছো" ৷

উত্তৰাখণ্ডৰ সৈতে গভীৰ সম্পৰ্ক

সেনাপ্ৰধান বিপিন ৰাৱাটৰ উত্তৰাখণ্ডৰ পাউৰী গড়ৱালত জন্ম হৈছিল । তেওঁৰ পৰিয়ালে প্ৰজন্মৰ পৰা প্ৰজন্ম ধৰি দেশৰ সেনা বাহিনীত সেৱা আগবঢ়াই আহিছে । ৰাৱাটৰ পিতৃ লক্ষ্মণ সিং ৰাৱাটেও লেফটেনেণ্ট জেনেৰেল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷

লগতে চাওক: Indian Army Chopper Crash : তামিলনাডুৰ হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু 13 জনৰ

শোকসন্তপ্ত পৰিয়ালৰ কাষত প্ৰতিৰক্ষা মন্ত্ৰী

দুৰ্ঘটনাটোৰ খবৰ লাভ কৰাৰ পিছতে ৰাৱাটৰ আত্মীয়সকলে দিল্লীস্থিত চিডিএছৰ বাংলোত উপস্থিত হ'বলৈ আৰম্ভ কৰে । প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৰাৱাটৰ পৰিয়ালটোক সাক্ষাৎ কৰে ৷ উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তীৰথ সিং ৰাৱাটেও শোকসন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰে ৷

চিচিএছ সভাত শ্ৰদ্ধাঞ্জলি

বুধবাৰে সন্ধিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট নিৰাপত্তা সমিতিৰ (চিচিএছ) বৈঠকত হেলিকপ্তাৰ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি দুই মিনিটৰ মৌনতা অৱলম্বন কৰে । লোক কল্যাণ মাৰ্গৰ প্ৰধানমন্ত্ৰী আৱাসত অনুষ্ঠিত বৈঠকত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা (NSA) অজিত ডোভাল, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, গৃহমন্ত্ৰী অমিত শ্বাহ, বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ উপস্থিত আছিল । এই বৈঠকৰ পিছত প্ৰধানমন্ত্ৰী মোডী আৰু অমিত শ্বাহৰ মাজত এক পৃথক দীঘলীয়া বৈঠক অনুষ্ঠিত হয় ।

লগতে চাওক: CDS Gen Bipin Rawat chopper crash : কোন আছিল জেনেৰেল বিপিন ৰাৱাট ?

Last Updated : Dec 9, 2021, 8:12 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.