ETV Bharat / bharat

মঙলবাৰেও বাঢ়িল পেট্ৰ'ল-ডিজেলৰ মূল্য - খাৰুৱা তেলৰ মূল্য বৃদ্ধি

ধাৰাবাহিকভাৱে দেশত বৃদ্ধি হৈছে ইন্ধনজাত সামগ্ৰীৰ মূল্য । পেট্ৰ'ল আৰু ডিজেলৰ মূল্য একেৰাহে বাঢ়ি আছে । ৰাজধানী চহৰত এতিয়া পেট্ৰ'ল প্ৰতি লিটাৰত ১১০.০৪ টকা । মুম্বাইত একে পেট্ৰ'লৰ মূল্য হৈছেগৈ ১১৫.৮৫ টকা ।

Fuel price
মঙলবাৰেও বাঢ়িল পেট্ৰ'ল ডিজেলৰ মূল্য
author img

By

Published : Nov 2, 2021, 11:47 AM IST

নেশ্যনেল ডেস্ক, ২ নৱেম্বৰ : একেৰাহে এসপ্তাহ ধৰি দেশত বৃদ্ধি হৈছে পেট্ৰ'ল-ডিজেলৰ মূল্য । মঙলবাৰেও প্ৰতি লিটাৰ পেট্ৰ’লত ৩৫ পইচাকৈ বৃদ্ধি হৈ ৰাজধানী দিল্লীত পেট্ৰ’লৰ মূল্য হয়গৈ ১১০.০৪ টকা ৷ আনহাতে, ৩৫ পইচা বৃদ্ধিৰে দিল্লীত ডিজেলৰ মূল্য হয় ৯৮.৪২ টকা ৷ মুম্বাই চহৰতো পেট্ৰ’লৰ মূল্য বৰ্তমান প্ৰতি লিটাৰত ১১৫.৮৫ টকা আৰু ডিজেলৰ মূল্য ১০৬.৬২ টকা ৷

কলকাতাত মঙলবাৰৰ দিনটোত পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ১১০.৪৯ টকা আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত ১০১.৫৬ ৷ সমান্তৰালকৈ চেন্নাইত প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য ১০৬.৬৬ টকা আৰু ডিজেলৰ মূল্য ১০২.৫৯ টকা ৷ ইফালে, কেন্দ্ৰীয় চৰকাৰে তেলৰ যোগান আৰু চাহিদা সন্দৰ্ভত কেইবাখনো তেল ৰপ্তানিকাৰী দেশৰ সৈতে আলোচনা কৰি আছে কিন্তু মূল্যত তাৎক্ষণিক সকাহৰ কোনো সম্ভাৱনা নাই ।

ইয়াৰ পূৰ্বে এক সূত্ৰই সংবাদ মাধ্যমক জনাইছিল যে, পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে শেহতীয়াকৈ মুখ্য তেল উৎপাদক দেশসমূহলৈ তেলৰ মূল্য নিৰ্ধাৰণ, যোগান আৰু চাহিদাৰ বিষয়টো সম্পৰ্কে উদ্বেগ প্ৰকাশ কৰিছে । আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খাৰুৱা তেলৰ মূল্য বৃদ্ধি হোৱাৰ লগে লগে পেট্ৰ'লিয়াম মন্ত্ৰালয়ে চৌদি আৰৱ, কুৱেইট, আৰৱ, ৰাছিয়া আদি বহুতো দেশৰ শক্তি মন্ত্ৰালয়ৰ সৈতে আলোচনা কৰিছে ।

পেট্ৰ'ল-ডিজেলৰ মূল্য বৃদ্ধিৰ লগে লগে এতিয়া সমগ্ৰ দেশতে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখা গৈছে । কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে বিভিন্ন স্থানত প্ৰতিবাদ দেখা গৈছে । আনকি পেট্ৰ'ল-ডিজেলৰ মূল্য নিয়ন্ত্ৰণত ব্যৰ্থ হোৱাৰ অভিযোগ তুলি বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তুলিছে বিৰোধী দলসমূহেও । লক্ষণীয়ভাৱে পেট্ৰ'ল-ডিজেলৰ মূল্য বৃদ্ধিৰ লগে লগে আন আন সামগ্ৰীৰো মূল্য যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে ।

লগতে পঢ়ক : অৱশেষত ক’ভেক্সিনলৈ অনুমোদন অষ্ট্ৰেলিয়াৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.