ETV Bharat / bharat

বলীউড তাৰকাৰ ডাটা পুনৰুদ্ধাৰ কৰি দুখন হাৰ্ড ডিস্ক NCBক চমজালে ফৰেনচিক গৱেষণাগাৰে - গুজৰাটস্থিত ফৰেনচিক চায়েন্স গৱেষণাগাৰে

গুজৰাটস্থিত ফৰেনচিক চায়েন্স গৱেষণাগাৰে বলীউড তাৰকাৰ মোবাইল ফোনৰ পৰা পুনৰুদ্ধাৰ কৰিলে ডাটা । বিগত দুবছৰৰ ডাটা পুনৰুদ্ধাৰ কৰি দুখন হাৰ্ড ডিস্ক নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্যুৰ'ক চমজালে ফৰেনচিক চায়েন্স গৱেষণাগাৰে ।

ফৰেনচিক চায়েন্স গৱেষণাগাৰে বলীউড তাৰকাৰ মোবাইল ফোনৰ পৰা পুনৰুদ্ধাৰ কৰিলে ডাটা

author img

By

Published : Dec 19, 2020, 2:12 PM IST

চিটাৰা ডেস্ক, ১৯ ডিচেম্বৰ: প্ৰয়াত বলীউড অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত চিবিআইৰ তদন্ত চলি থকা সময়তে বলীউড তাৰকাই ড্ৰাগছ সেৱন কৰাৰ কথা পোহৰলৈ আহে । ইয়াৰ পিছতে নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্যুৰ'ই তদন্ত আৰম্ভ কৰে । ড্ৰাগছ সেৱন কৰা তথা আনৰ বাবে নিচাযুক্ত দ্ৰব্য যোগাৰ ধৰাৰ অভিযোগত বহু কেইগৰাকী নামী-দামী বলীউড তাৰকা নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্যুৰ'ৰ জেৰাৰ সন্মুখীন হ'বলগীয়া হৈছিল । এই সন্দৰ্ভত অধিক তথ্য লাভৰ বাবে নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্যুৰ'ই গুজৰাটস্থিত ফৰেনচিক চায়েন্স গৱেষণাগাৰৰ সহায় বিচাৰে ।

নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্যুৰ'ই কেইবাগৰাকীও তাৰকাৰ মোবাইল ফোন জব্দ কৰিছিল আৰু বিশ্লেষণৰ বাবে মোবাইল ফোনবোৰ ফৰেনচিক চায়েন্স গৱেষণাগাৰক গতাই দিছিল । এক বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে, ফৰেনচিক চায়েন্স গৱেষণাগাৰে বিগত দুটা বছৰৰ ডাটা পুনৰুদ্ধাৰ কৰিছে । গৱেষণাগাৰ কৰ্তৃপক্ষই নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্যুৰ'ক দুখন হাৰ্ড ডিস্কৰ মাধ্যমেৰে এই ডাটাসমূহ চমজাই দিছে । এই দুখন হাৰ্ড ডিস্ক ১৫০০ এইচ ডি ফিল্মৰ সমান ডাটাৰে ভৰি আছে । ডাটা পুনৰুদ্ধাৰৰ বাবে এক বিশেষ কৌশল অৱলম্বন কৰিছে ফৰেনচিক চায়েন্স গৱেষণাগাৰে ।

নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্যুৰ' তদন্তৰ আওঁতালৈ অহা বলীউড অভিনেতা-অভিনেত্ৰীসকলৰ মুঠ ৮০ টা ইলেক্ট্ৰনিক গেজেটৰ পৰা এই ডাটা পুনৰুদ্ধাৰ কৰা হৈছে । নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্যুৰ'ই এই ডাটা পৰ্যবেক্ষণ কৰাৰ পিছতে বলীউড তাৰকা ড্ৰাগছৰে জড়িত থকাৰ অধিক তথ্য প্ৰকাশ হ'ব । ড্ৰাগছ ব্যৱহাৰ কৰাৰ সৈতে বলীউড তাৰকাৰ নাম সাঙোৰ খোৱা একো আচৰিত হ'বলগীয়া বিষয় নহয় । নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্যুৰ'ই ৮৫ টা গেজেট আৰু ড্ৰাগছৰ ২৫ টা নমুনা গুজৰাটলৈ প্ৰেৰণ কৰিছিল ।

ৰিয়া চক্ৰৱৰ্তী আৰু তেওঁৰ ভাতৃ, ছাৰা আলী খান, দিপীকা পাডুকন আৰু শ্ৰদ্ধা কাপুৰ, অৰ্জুন ৰামপাল আৰু তেওঁলোকৰ বন্ধু-বৰ্গৰ ফোনৰ পৰা ইতিমধ্যে ডাটা পুনৰুদ্ধাৰ কৰিছে ফৰেনচিক চায়েন্স গৱেষণাগাৰে । সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ঘটনাৰ তদন্ত চলি থকা সময়তে ৰিয়া চক্ৰৱৰ্তী আৰু তেওঁৰ ভাতৃ সৌভিক চক্ৰৱৰ্তীয়ে সুশান্ত ড্ৰাগছ লোৱাৰ কথা স্বীকাৰ কৰিছিল । ইয়াৰ পিছতে ইজন পিছত সিজন বলীউড তাৰকাৰ নাম এই ঘটনাৰে সাঙোৰ খায় ।

লগতে পঢ়ক:ছোনিয়া, মনমোহন আৰু ৰাহুলৰে বৈঠকত মিলিত হ'ব G23 নেতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.