ETV Bharat / bharat

বন্ধুত্ব উদযাপনৰ বিশেষ দিনটো মনত আছেনে? - Friendship

প্ৰতিবছৰে আগষ্ট মাহৰ প্ৰথমটো দেওবাৰে উদযাপন কৰা হয় 'আন্তৰ্জাতিক বন্ধুত্ব দিৱস'(International Friendship Day) ৷ এইবেলিও 1 আগষ্টত উদযাপন কৰা হ’ব বন্ধুত্ব দিৱস ৷

friendship day
বন্ধুত্ব উদযাপনৰ বিশেষ দিন
author img

By

Published : Jul 30, 2021, 5:11 PM IST

Updated : Aug 1, 2021, 6:07 AM IST

নিউজ ডেস্ক, 30 জুলাই : মানুহৰ ইজনৰ আনজনৰ সৈতে থকা পাৰস্পৰিক সম্পৰ্কৰ নামেই হৈছে 'বন্ধুত্ব' (Friendship) ৷ বন্ধুত্বক মানৱ জীৱনৰ স্বৰ্গীয় অনুভূতি বুলি অভিহিত কৰা হয় ৷ আত্মাৰ শক্তিশালী বন্ধন হৈছে বন্ধুত্ব ৷ আজিৰ সময়ত এখন ভাল কিতাপ আৰু বন্ধু বিচাৰি পোৱাতো বহুত কঠিন । বন্ধুসকল জীৱনৰ এনে এটা অংশ, যাৰ কোনো সঠিক ব্যাখ্যা নাই ।

এজন বন্ধু এগৰাকী বিশেষ ব্যক্তি, যাৰ সৈতে আপুনি কোনো সংকোচ নকৰাকৈ মুকলিকৈ কথা ক’ব পাৰে । বন্ধুত্ব উদযাপন কৰিবলৈ আন্তৰ্জাতিকভাৱে এটা বিশেষ দিন আছে । কিন্তু বন্ধুবৰ্গৰ বাবে দৰাচলতে কোনো পৃথক দিন নাথাকে । বন্ধুসকল চিৰদিনৰ বাবে....

প্ৰতিবছৰে আগষ্ট মাহৰ প্ৰথমটো দেওবাৰে উদযাপন কৰা হয় 'আন্তৰ্জাতিক বন্ধুত্ব দিৱস' (International Friendship Day) ৷ এইবেলিও 1 আগষ্ট অৰ্থাৎ দেওবাৰে উদযাপন কৰা হ’ব এই বিশেষ দিনটো ৷

কিয় উদযাপন কৰা হয় এই বন্ধুত্ব দিৱস ? 1935 চনত আমেৰিকান চৰকাৰে(America Govt) এজন লোকক হত্যা কৰিছিল । দিনটো আছিল আগষ্ট মাহৰ প্ৰথমটো শনিবাৰ । লোকজনৰ এজন বন্ধুৱে পিছদিনা হত্যাৰ প্ৰতিবাদ কৰি আত্মহত্যা কৰিছিল । তেতিয়াৰ পৰাই সমগ্ৰ বিশ্বতে বন্ধুবৰ্গৰ অৱদানক সন্মান জনাই আগষ্ট মাহৰ প্ৰথম দেওবাৰে বন্ধুত্ব দিৱস হিচাপে উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

সাধাৰণতে আমি ‘ৰাখী’ (Rakhi)ৰ জনপ্ৰিয়তাক বন্ধুত্বৰ লক্ষণ বা ভাতৃত্ববোধৰ বন্ধন হিচাপে গণ্য কৰো । সেই অনুযায়ী বন্ধুত্ব দিৱসতো বন্ধুত্বৰ বাবে থকা সুকীয়া ৰাখীসদৃশ বেণ্ডটো অধিক মূল্যৱান । লগতে বন্ধুত্ব দিৱসত বন্ধুৰ মাজত হালধীয়া গোলাপ ফুল আৰু কাৰ্ডৰো আদান-প্ৰদান হয় ৷ কিয়নো হালধীয়া ৰঙে বন্ধুত্বৰ প্ৰতীকক প্ৰতিফলিত কৰে ৷

2011 চনত ৰাষ্ট্ৰসংঘই 30 জুলাইৰ দিনটো ‘বন্ধুত্ব দিৱস’ হিচাপে ঘোষণা কৰিছে যদিও সেই দিনটো আগষ্ট মাহৰ প্ৰথম দেওবাৰ হ’ব লাগিব । অৱশ্যে বিশ্বৰ অন্য কেইখনমান দেশত আগষ্ট মাহৰ প্ৰথম দেওবাৰৰ পৰিৱৰ্তে আন দিনাও উদযাপন কৰা হয় বন্ধুত্ব দিৱস ৷

বন্ধুত্ব দিৱসত আপোনাৰ বন্ধুসকলৰ বাবে কি লিখিব আৰু কেনেকৈ শুভেচ্ছা জনাব, সেয়া সম্পূৰ্ণৰূপে আপোনাৰ ব্যক্তিগত বিষয় । আপোনাৰ বন্ধুজন আপোনাৰ জীৱনত কিমান গুৰুত্বপূৰ্ণ, সেয়া কেতিয়াও পাহৰা উচিত নহয় । ইটিভি ভাৰতৰ তৰফৰ পৰাও আগতীয়াকৈ থাকিল ‘আন্তৰ্জাতিক বন্ধুত্ব দিৱস’ৰ শুভেচ্ছা ।

লগতে পঢ়ক : মেট্ৰিকৰ ফলাফল : স্থান প্ৰাপক নোহোৱাকৈ ত্ৰিশ সহস্ৰাধিকে পালে ষ্টাৰ-ডিষ্টিংছন

Last Updated : Aug 1, 2021, 6:07 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.