ETV Bharat / bharat

শ্ৰীনগৰৰ ঐতিহাসিক জামা মছজিদত আজি শুকুৰবৰীয়া নামাজৰ অনুমতি - prayers were allowed today at the historic Jama Masjid Srinagar

শ্ৰীনগৰৰ অঞ্জুমান আউকাফ জামা মছজিদে (Anjuman Auqaf Jama Masjid Srinagar) আজি প্ৰশাসনক ভৱিষ্যতে যিকোনো অজুহাতত কোনো ধৰণৰ অশান্তিমূলক কাম সংঘটিত নকৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ।

ঐতিহাসিক জামা মছজিদত আজি শুকুৰবৰীয়া নামাজৰ অনুমতি

author img

By

Published : Jun 24, 2022, 7:46 PM IST

নিউজ ডেস্ক, ২৪ জুন : একেৰাহে দুটাকৈ শুকুৰবাৰৰ পিছত আজি শ্ৰীনগৰৰ ঐতিহাসিক জামা মছজিদত কৰ্তৃপক্ষই শুকুৰবৰীয়া নামাজৰ অনুমতি প্ৰদান কৰে (prayers allowed historic Jama Masjid Srinagar) । যাৰ ফলত অঞ্চলটোৰ ৰাইজে আনন্দ আৰু সন্তুষ্টি প্ৰকাশ কৰে ৷

শ্ৰীনগৰৰ অঞ্জুমান আউকাফ জামা মছজিদে (Anjuman Auqaf Jama Masjid Srinagar) আজি প্ৰশাসনক ভৱিষ্যতে যিকোনো অজুহাতত কোনো ধৰণৰ অশান্তিমূলক কাম সংঘটিত নকৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে । তাৰ বিনিময়ত জামা মছজিদটো বন্ধ কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়, যাতে দূৰ-দূৰণিৰ পৰা আল্লাহৰ আনন্দ বিচাৰি এই মহান উপাসনাস্থলীলৈ অহা লোকসকল বিচলিত হ'ব লগা নহয় ।

অঞ্জুমান আউকাফে এক বিবৃতিত কয় যে ,মিৰৱাইজ-ই-কাশ্মীৰ ড০ মৌলৱী মুহাম্মাদ ওমৰ ফাৰুক (Mirwaiz-e-Kashmir Dr Moulvi Muhammad Umar Farooq) তিনি বছৰ ধৰি গৃহবন্দী হৈ থকাৰ বাবে ইয়াৰ লোকসকলে গভীৰ হতাশা ব্যক্ত কৰি আহিছে । তেওঁৰ অনুপস্থিতিয়ে জনসাধাৰণক গভীৰভাৱে আঘাত কৰিছে । কাল আল্লা ৱা কালা ৰছুল (ছাঃ)ৰ (Allah Wa Qaala Rasool) সৈতে প্ৰতিধ্বনিত হৈ থকা জামা মছজিদটো মিৰৱাইজৰ অনুপস্থিতিত নীৰৱ হৈ আছে ।

আউকাফে লগতে কৰ্তৃপক্ষক আগন্তুক ঈদ-উল-আজহাৰ (Eid-ul-Adha) প্ৰতি লক্ষ্য ৰাখি মিৰৱাইজ-ই-কাশ্মীৰৰ তাৎক্ষণিক আৰু চৰ্তহীনভাৱে মুক্তি নিশ্চিত কৰিবলৈ আহ্বান জনাইছে (urged to release of Mirwaiz-e-Kashmir) । কাৰণ তেওঁ যাতে হজ, কুৰবানী আৰু ধুল হিজ্জাৰ (Hajj, Qurbani and Dhul Hijja)দৰে পবিত্ৰ আৰু আশীৰ্বাদপূৰ্ণ দহ দিনৰ আগমনৰ দৰে ইছলামৰ গুৰুত্বপূৰ্ণ নীতিসমূহ অন্তৰ্ভুক্ত আছে, সেইবোৰ তেওঁ মিৰৱাইজ হিচাপে তেওঁৰ দায়িত্ব পালন কৰিব পাৰে ।

লগতে পঢ়ক :Relief to Afghanistan : ভূমিকম্পপীড়িত আফগানিস্তানলৈ ভাৰতৰ সাহায্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.