ETV Bharat / bharat

বছৰৰ প্ৰথম তুষাৰপাত; জম্মু-কাশ্মীৰৰ গুলমাৰ্গত আনন্দত আত্মহাৰা পৰ্যটক - incredible tourist destination Gulmarg

বৃহস্পতিবাৰে গুলমাৰ্গত বছৰৰ প্ৰথম তুষাৰপাত হয় । গছ-গছনি, পৰ্বত-পথ আদি বৰফৰ আচ্ছাদনেৰে ঢাক খাই পৰে । গছৰ ডালবোৰো বৰফৰ আৱৰণেৰে শুভ্ৰ হৈ পৰে । এই দৃশ্য উপভোগ কৰি পৰ্যটকসকল আপ্লুত হৈ পৰে ।

snowfall in Gulmarg cheers tourists
বছৰৰ প্ৰথম তুষাৰপাত
author img

By ANI

Published : Dec 1, 2023, 8:23 AM IST

নিউজ ডেস্ক, ১ ডিচেম্বৰ : শীতৰ আগমনৰ লগে লগে মনোমোহা হৈ পৰিছে জম্মু-কাশ্মীৰৰ প্ৰাকৃতিক পৰিৱেশ । বিশেষকৈ তুষাৰপাতৰ মনোমোহা দৃশ্যই পৰ্যটকসকলক আকৰ্ষিত কৰি তুলিছে । জম্মু-কাশ্মীৰৰ বিশ্ববিখ্যাত পৰ্যটন আৰু স্কিয়িং স্থলী হৈছে গুলমাৰ্গ । বৃহস্পতিবাৰে জম্মু-কাশ্মীৰৰ বাৰামুলা জিলাৰ গুলমাৰ্গত বছৰৰ প্ৰথম তুষাৰপাত হয় । যাৰ ফলত গছ-গছনি, পৰ্বত-পথ আদি বৰফৰ আচ্ছাদনেৰে ঢাক খাই পৰে ।

গছৰ ডালবোৰো বৰফৰ আৱৰণেৰে শুভ্ৰ হৈ পৰে । এই দৃশ্য উপভোগ কৰি পৰ্যটকসকল আপ্লুত হৈ পৰে । গছৰ ডালত লাগি থকা শুভ্ৰ বৰফৰ কণিকাৰ যি অপৰূপ সৌন্দৰ্য সেয়া সকলো দৃষ্টিকোণৰ পৰায়ে উপভোগ্য আৰু জম্মু-কাশ্মীৰলৈ যোৱা কোনো পৰ্যটকে সেয়া এৰাই চলিব নোৱাৰে । সেয়েহে এই অপৰূপ সৌন্দৰ্য উপভোগৰ বাবে পৰ্যটকসকল বাৰামুলাত উপস্থিত হয় ।

উল্লেখ্য যে, গুলমাৰ্গ হৈছে বিশ্বৰ আটাইতকৈ অবিশ্বাস্য পৰ্যটন স্থলসমূহৰ ভিতৰত এটা । আনহাতে, তুষাৰপাতৰ বতৰত ইয়াৰ দৃশ্য অতি আকৰ্ষণীয় আৰু এই চালে চকু ৰোৱা প্ৰাকৃতিক পৰিৱেশৰ বাবে ই বিখ্যাত । এই শুভ্ৰ বৰফৰ অনুভূতি অনুভৱ কৰিবলৈ প্ৰতিবছৰে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বহু সংখ্যক পৰ্যটকৰ ভিৰ হয় । ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে পুঞ্চতো প্ৰচণ্ড তুষাৰপাত হৈছিল ।

প্ৰচণ্ড তুষাৰপাতৰ বাবে মোগল ৰোডত যান-বাহন চলাচলো স্থগিত ৰখা হৈছিল । কাশ্মীৰ উপত্যকা আৰু লাডাখৰ ওখ অঞ্চলত নতুনকৈ তুষাৰপাত হৈছে । আনহাতে সমভূমিত ধাৰাসাৰ বৰষুণ হৈছে । ইফালে বতৰৰ পৰিৱৰ্তনৰ বাবে উপত্যকাটোৰ তাপমাত্ৰা যথেষ্ট হ্ৰাস পাইছে ।

উল্লেখ্য যে, কাশ্মীৰত মাৰ্গ শব্দটোৰ সৈতে বহু সম্পৰ্ক আছে । যেনে সোণামাৰ্গ, টাংমাৰ্গ, গুলমাৰ্গ, খিলানমাৰ্গ, ইউমাৰ্গ আৰু নাগমাৰ্গ । গুলমাৰ্গ হৈছে কাশ্মীৰীসকলৰ বাবে ঐতিহাসিক গুৰুত্ব থকা মাৰ্গবোৰৰ ভিতৰত এটা । ইয়াৰ অৱস্থিতিৰ বাবেই গুলমাৰ্গে লাখ লাখ পৰ্যটকক আকৰ্ষিত কৰি আহিছে । কিয়নো ইয়াৰ পৃষ্ঠভূমিত আছে হিমালয় পৰ্বতমালাৰ মনোৰম সৌন্দৰ্য ।

সাধাৰণতে শীতকালত গুলমাৰ্গ হৈ পৰে সকলো ধৰণৰ দুঃসাহসিক ক্ৰীড়াৰ বাবেও এক আনন্দদায়ক স্থান । আনহাতে, ডিচেম্বৰৰ পৰা ফেব্ৰুৱাৰীলৈকে তুষাৰপাতৰ বাবে গুলমাৰ্গ ভ্ৰমণ কৰাৰ সৰ্বশ্ৰেষ্ঠ সময় ।

লগতে পঢ়ক : ডুবাইত প্ৰধানমন্ত্ৰী মোদীক উষ্ম আদৰণি প্ৰবাসী ভাৰতীয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.