ETV Bharat / bharat

Weight Loss: কেৱল Mouth freshenerয়েই নহয়, বহু গুণাগুণেৰে সমৃদ্ধ চফগুটি - মেদবহুলতা

ওজন কমোৱাৰ বাবে অতি উপকাৰী চফ ৷ হজম শক্তি বৃদ্ধিৰ পৰা মেদবহুলতা হ্ৰাস কৰা লৈকে ইয়াৰ অন্য উপকাৰিতাসমূহ জানি লওক ৷

Four ways to consume fennel seeds for weight loss
কেৱল Mouth freshenerয়েই নহয়, বহু গুণাগুণেৰে সমৃদ্ধ চফগুটি
author img

By

Published : May 12, 2023, 1:13 PM IST

ওজন কম কৰিবলৈ সঠিক তথা স্বাস্থ্যসন্মত খাদ্য আৰু নিয়মীয়াকৈ ব্যায়ামৰ প্ৰয়োজন যদিও কিছুমান ঘৰুৱা উপায়ো আছে, যিয়ে মেদবহুলতা হ্ৰাস কৰাত সহায় কৰিব পাৰে, যেনে চফ । চফৰ গুটি ওজন কমোৱাত অতি উপকাৰী আৰু ইয়াৰ ব্যৱহাৰে শৰীৰক আকাৰত ৰখাত সহায় কৰে ।

চফৰ গুটিৰ উপকাৰিতা বহুত, কিন্তু ইয়াক সঠিকভাৱে খোৱাটোও অতি প্ৰয়োজনীয় । দৈনিক সৰ্বাধিক দুচামুচ চফ খাব লাগে । চফৰ গুটি খোৱাৰ পিছত ব্যৱহাৰ কৰিব পাৰে বা পানীত তিয়াই থোৱাৰ পিছত সেৱন কৰিব পাৰে (Fennel Seeds Benefits)। চফ সেৱন কৰিলে ওজন হ্ৰাসৰ লগতে স্বাস্থ্যৰ বাবেও উপকাৰী । আজি আমি আপোনালোকক ক'ম যে আপুনি কেনেকৈ দ্ৰুত ওজন হ্ৰাসৰ বাবে চফ সেৱন কৰিব পাৰে (Weight Loss)।

চফ কেনেকৈ খাব লাগে

গুড়ি কৰি

চফ এমুঠি লৈ ভালদৰে পিহি গুড়ি বনাব । এই গুড়ি যিকোনো বেটাৰত মিহলাই ল’ব পাৰে, যেনে দৈ, চেনিৰ চিৰাপ, চাহ বা কফি । ইয়াত মেথি গুটি, ক’লা নিমখ, হিং আৰু চেনিৰ মিঠাইৰ দৰে ঘৰুৱা সামগ্ৰী যোগ কৰিলে সোৱাদ আৰু উপকাৰিতা দুয়োটায়ে বৃদ্ধি কৰিব পাৰি (Lifestyle)। এই গুড়ি নিয়মিতভাৱে সেৱন কৰিলে হজম শক্তি উন্নত হ’ব যিয়ে ওজন কম কৰাত আপোনাক সহায় কৰিব (Fennel Seeds)।

পানীৰ সৈতে

পেটৰ বিষ আৰু পাচনতন্ত্ৰৰ সমস্যা কমোৱাৰ বাবে চফৰ গুটি পানীৰ সৈতে সেৱন কৰাটো এটা সাধাৰণ অভ্যাস । চফৰ গুটি এমুঠি লৈ এগিলাচ পানীত তিয়াই লওক । ৰাতিটো ৰাখি ৰাতিপুৱা খাব (Mouth freshener)। ই শৰীৰত ভিটামিন আৰু খনিজ পদাৰ্থ সৰ্বাধিক শোষণত সহায় কৰে আৰু ওজন কমাবলৈ সহায় কৰে । দুগিলাচ চফৰ পানী সেৱন কৰাটো এটা ভাল সমাধান, যিয়ে আপোনাক মেদবহুলতা হ্ৰাস কৰাত সহায় কৰিব পাৰে, এটা গিলাচ ৰাতিপুৱা আৰু আনটো গধূলি ।

চাহ

চফৰ গুটিৰ পৰা চাহ বনোৱাটো অতি সহজ কাম আৰু ইয়াৰ উত্তম সুফল লাভ কৰিবলৈ প্ৰতিদিনে সেৱন কৰিব পাৰি । মাত্ৰ পানী উতলি থকাৰ সময়ত এচামুচ চফ দি আপোনাৰ সন্ধিয়াৰ চাহ কাপ বনাব (fennel seeds)। ইয়াৰ উপৰিও চফৰ লগতে আধা চামুচ গুড়ো দি এই অদ্ভুত চাহ উপভোগ কৰিব পাৰে । ই আপোনাৰ হজম শক্তি উন্নত কৰাত সহায় কৰিব পাৰে, বিষ কমাব পাৰে, মুখৰ সোৱাদ বৃদ্ধি কৰিব পাৰে আৰু শৰীৰ শীতল কৰিব পাৰে ।

ভাজি লৈ

চফৰ গুটি এটা ডাঙৰ চামুচ লৈ কম জুইত পোৰা । সোৱাদৰ বাবে কিছু পৰিমাণে মিশ্ৰি দিব আৰু প্ৰতিটো আহাৰ খোৱাৰ পিছত এই মিশ্ৰণ খালে হজম শক্তি উন্নত হয় । ইয়াৰ উপৰিও মিশ্ৰি সোৱাদত মিঠা যিয়ে লোভকো আঁতৰাই ৰাখে । ভজা চফ পিহি গুড়ি কৰিও আপুনি দৈনিক খাব পাৰে ।

লগতে পঢ়ক: Diabetes Diet: গ্ৰীষ্মকালত দূৰত্ব বজাই ৰাখক এইসমূহ খাদ্যৰ পৰা, নিয়ন্ত্ৰণত থাকিব তেজত শৰ্কৰাৰ মাত্ৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.