নেশ্যনেল ডেস্ক, ১৬ জুন: পশ্চিমবংগ(WEST BENGAL)ত উদ্ধাৰ হ'ল প্ৰাচীন মূৰ্তি । দক্ষিণ দিনাজপুৰ জিলাৰ কুশমণ্ডি(Kushmandi)ৰ আকচা গাঁও পঞ্চায়তত চাৰিটা প্ৰাচীন মূৰ্তি(Antique idol) উদ্ধাৰ হয় । স্থানীয় পঞ্চায়ত কৰ্মীসকলে পুখুৰীৰ বাবে মাটি খনন কৰি থকা অৱস্থাতে মূৰ্তিবোৰ উদ্ধাৰ কৰা হয় ।
উদ্ধাৰ হোৱা শিলৰ মূৰ্তিকেইটা গাঁওবাসীয়ে গাঁৱত থকা মন্দিৰলৈ লৈ যায় আৰু বিধি অনুসৰি পৰিস্কাৰ কৰাৰ পিছত উপাসনা কৰে । আনহাতে, হঠাতে মূৰ্তি উদ্ধাৰ হোৱাৰ পিছতে সেই স্থানত স্থানীয় লোকসকল একত্ৰিত হয় । আৰক্ষীয়ে ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ আৰু মূৰ্তিবোৰ ল'বলৈ চেষ্টা কৰে যদিও গাঁওবাসীয়ে মূৰ্তিবোৰ হস্তান্তৰ কৰিবলৈ অস্বীকাৰ কৰে । মূৰ্তিবোৰ গাঁৱত উদ্ধাৰ হোৱা বাবে গাঁৱৰ মন্দিৰত ৰাখিবলৈ দাবী জনায় ৰাইজে ।
গাঁওবাসীয়ে আৰক্ষীৰ বাহনৰ সন্মুখত ৰৈ প্ৰতিবাদ সাব্যস্ত কৰে আৰু আৰক্ষীক মূৰ্তিবোৰ নিয়াত বাধা দিয়ে । বহু অনুৰোধ কৰাৰ পিছত, গাঁওবাসীয়ে এটা মূৰ্তি আৰক্ষীক হস্তান্তৰ কৰিবলৈ সন্মত হয় । বাকী তিনিটা মূৰ্তি স্থানীয় মন্দিৰত স্থাপন কৰা হয় ।
জিলা প্ৰশাসনৰ এক সূত্ৰই জনোৱা মতে, তেওঁলোকে সকলো মূৰ্তি উদ্ধাৰ কৰিবলৈ চেষ্টা কৰি আছে যাতে সেইবোৰ স্থানীয় সংগ্ৰহালয়ত সংৰক্ষণ কৰিব পৰা যায় । দক্ষিণ দিনাজপুৰ জিলা দণ্ডাধীশ মনোতোষ মণ্ডলৰ মতে, মাটি খনন কৰাৰ সময়ত স্থানীয় পঞ্চায়ত কৰ্মীসকলে কুশমণ্ডিৰ পৰা মূৰ্তিবোৰ উদ্ধাৰ কৰে ।