ETV Bharat / bharat

Firing in Jaipur Express: চলন্ত ৰে’লত চাৰিজনক গুলিয়াই হত্যা; আৰক্ষীৰ জিম্মাত সুৰক্ষা জোৱান

author img

By

Published : Jul 31, 2023, 8:18 AM IST

Updated : Jul 31, 2023, 12:10 PM IST

মহাৰাষ্ট্ৰত ৰে’লত 4 জন লোকক গুলীয়াই হত্যা কৰে ৰেলৱে সুৰক্ষা বাহিনী সুৰক্ষা ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ৰে’ল সুৰক্ষা বাহিনীৰ কনিষ্টবলজন চেতন কুমাৰক ৷

mh latest news
Firing in Jaipur Express

নেশ্যনেল ডেস্ক, 31 জুলাই : মহাৰাষ্ট্ৰত চাঞ্চল্যকৰ ঘটনা ৷ জয়পুৰৰ পৰা মুম্বাই অভিমুখী ৰেলত থকা মহাৰাষ্ট্ৰৰ 4 জন লোকক গুলীয়াই হত্যা কৰে ৰেলৱে সুৰক্ষা বাহিনীৰ এজন জোৱানে ৷ এই খবৰ পোহৰলৈ অহাৰ পিচতে দেশজুৰি চাঞ্চল্য লাভ কৰা পৰিলক্ষিত হৈছে ৷

Firing in Jaipur Express update
অভিযুক্ত চেতন কুমাৰ

31 জুলাইৰ পুৱা প্ৰায় পাঁচ বজাত এই ঘটনা সংঘটিত হয় বুলি জানিবলৈ পৰা গৈছে । পালঘৰ জিলাৰ সমীপত জয়পুৰৰ পৰা মুম্বাই অভিমুখী এখন চলন্ত ৰে’লত থকা এজন সহকাৰী উপ-পৰিদৰ্শক (এ এছ আই)কে ধৰি চাৰিজন লোকক ৰে’ল সুৰক্ষা বাহিনীৰ এজন কনিষ্টবলে গুলীয়াই হত্যা কৰে বুলি জানিবলৈ পৰা গৈছে । ৰে’ল সুৰক্ষা বাহিনীৰ কনিষ্টবলজন চেতন কুমাৰ বুলি জানিব পৰা গৈছে ।

ঘটনা সংঘটিত কৰি জোৱানজনে দহিছা ষ্টেচনৰ ওচৰত ৰেলৰ পৰা জপিয়াই দিয়ে বুলি জানিবলৈ পৰা গৈছে । গুজৰাটৰ পৰা পালঘৰত প্ৰৱেশ কৰাৰ সময়তে গুলীচালনাৰ ঘটনা সংঘটিত হয় । গুলীচালনাত চাৰিজন লোকৰ মৃত্যু হোৱাৰ লগতে একাংশ যাত্ৰী আহত হৈছে বুলি প্ৰথমিক তথ্যত পোহৰলৈ আহিছে । জি আৰ পি আৰক্ষী আৰু আৰ পি এফ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে । গুলীচালনাৰ পিছতে এক্সপ্ৰেছখন মীৰা-ৰোড দহিছাৰত ৰখাই দিয়া হয় ।

এক্সপ্ৰেছ ট্ৰেইনখনৰ নম্বৰ হৈছে 12957 আৰু ৰে’লখনৰ বি-5 ডবাত সংঘটিত হৈছে এই গুলীচালনাৰ ঘটনা । মৃতসকলৰ চিনাক্তকৰণৰ প্ৰক্ৰিয়া অব্যাহত আছে ৷ জোৱানজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰি বৰিভালি থানালৈ লৈ অনা হৈছে । লগতে জব্দ কৰা হৈছে অভিযুক্তজনৰ মাৰণাস্ত্ৰ ৷ কনিষ্টবলগৰাকীয়ে এস্কৰ্ট ডিউটি ইনচাৰ্জ এ এছ আই টিকা ৰাম মীনাক গুলীওৱাৰ পিচত আন এটা ডবালৈ গৈ আন তিনিজন যাত্ৰীক গুলীচালনা কৰা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ।

বিয়লি 3 বজাত বৰিভলি আদালতত অভিযুক্ত চেতন কুমাৰক হাজিৰ কৰা হ’ব বুলি জানিবলৈ পৰা গৈছে । ঘটনা সংঘটিত হোৱাৰ পিচতে ৰেলযাত্ৰীসকলৰ মাজত হুৱাদুৱা পৰিস্থিতিৰ সৃষ্টি হয় ৷

লগতে পঢ়ক : Gangster Shot Dead in Canada : কানাডাত গেংষ্টাৰ ৰবীন্দৰ সমৰাক গুলীয়াই হত্যা

Last Updated : Jul 31, 2023, 12:10 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.