ETV Bharat / bharat

4 new Omicron cases in Jaipur : জয়পুৰত পুনৰ চাৰিজন লোকৰ দেহত অ'মিক্ৰণৰ অৱস্থিতি

author img

By

Published : Dec 13, 2021, 9:41 AM IST

সোমবাৰে ৰাজস্থানৰ জয়পুৰত পুনৰ চাৰিজন লোকৰ দেহত অ'মিক্ৰণৰ অৱস্থিতি ধৰা পৰে(4 new Omicron cases in Jaipur) ৷ ইতিমধ্যে স্বাস্থ্য বিভাগে ৰোগীকেইজনৰ সংস্পৰ্শলৈ অহা লোকসকলক বিচাৰি অনুসন্ধান আৰম্ভ কৰিছে ৷

omicron-in-rajasthan-4-new-cases-of-omicron-reorted-in-jaipur
জয়পুৰত পুনৰ চাৰিজন লোকৰ দেহত অ'মিক্ৰণ

নেশ্যনেল ডেস্ক, 13 ডিচেম্বৰ : কৰ’ণাৰ নতুন ভেৰিয়েন্ট অ’মিক্ৰণে বিশ্বৰ বহু দেশত প্ৰভাৱ পেলোৱাৰ পিছত ভাৰততো প্ৰৱেশ কৰিছে (Corona variant Omicron in India)। ৰাজস্থানৰ জয়পুৰত ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে অ'মিক্ৰণত আক্ৰান্তৰ সংখ্যা(Increase Omicron cases in Rajasthan) ৷

সোমবাৰে জয়পুৰত পুনৰ চাৰিজন লোক অ’মিক্ৰণত আক্ৰান্ত (4 new Omicron cases in Jaipur) হোৱাৰ খবৰ পোহৰলৈ আহিছে ৷ আক্ৰান্ত লোককেইজন বিদেশৰ পৰা ভাৰতলৈ উভতি আহিছিল ৷ ইয়াৰ পিছতে চাৰিওজন লোকৰ নমুনা সংগ্ৰহ কৰি কৰ’ণা পৰীক্ষা কৰিবলৈ এছ এম এছ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ৷ য’ত লোককেইজন অ’মিক্ৰণত আক্ৰান্ত হোৱাটো নিশ্চিত হয় ৷

লগতে চাওক: First case of omicron in Andhra Pradesh : অন্ধ্ৰপ্ৰদেশত প্ৰথমটো অ'মিক্ৰণৰ ঘটনা

ইতিমধ্যে স্বাস্থ্য বিভাগে এই ৰোগীকেইজনৰ সংস্পৰ্শলৈ অহা লোকসকলক বিচাৰি অনুসন্ধান আৰম্ভ কৰিছে ৷ আক্ৰান্ত ব্যক্তিকেইজনক আৰ এইচ এছ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷ বৰ্তমানলৈকে আটাইকেইজনৰে স্বাস্থ্য়ৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে, পূৰ্বেও জয়পুৰত 9 জন ব্যক্তিৰ দেহত অ'মিক্ৰণৰ উপস্থিতি ধৰা পৰিছিল ৷ তদুপৰি শনিবাৰে দিল্লীত অ’মিক্ৰণৰ আন এক আক্ৰান্তৰ ঘটনা পোহৰলৈ আহিছিল । জিম্বাবৱেৰ এজন ব্যক্তিৰ দেহতো পোৱা গৈছিল অ’মিক্ৰণৰ অৱস্থিতি ৷ দক্ষিণ আফ্ৰিকাত আক্ৰান্ত ব্যক্তিগৰাকীৰ আছিল ভ্ৰমণৰ তথ্য ৷

মহাৰাষ্ট্ৰত বৰ্তমানলৈকে সৰ্বাধিক 17 গৰাকী ব্যক্তি সংক্ৰমিত হৈছে এই নতুন ভেৰিয়েণ্টৰ দ্বাৰা । ইয়াৰ পিছত ক্ৰমে গুজৰাটত 3 গৰাকী, দিল্লী আৰু কৰ্ণাটকত 2 গৰাকীকৈ আৰু অন্ধ্ৰ প্ৰদেশত এগৰাকী ব্যক্তি অ’মিক্ৰণৰ দ্বাৰা সংক্ৰমিত হোৱাৰ ঘটনা পোহৰলৈ আহে ৷ ক্ৰমাৎ দেশত অ’মিক্ৰণত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে ৷

লগতে পঢ়ক : Omicron first case found in Chandigarh : চণ্ডীগড়ত অ’মিক্ৰণত আক্ৰান্ত এজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.