নেশ্যনেল ডেস্ক, 25 নৱেম্বৰ : বুধবাৰে বাংগালুৰুৰ ধাৰৱাডৰ ওচৰত সংঘটিত হয় এক ভংয়কৰ পথ দুৰ্ঘটনা ৷ একেটা পৰিয়ালৰে তিনিজন লোকৰ থিতাতে মৃত্যু হয় এই পথ দুৰ্ঘটনাত ৷ এখন জিপ আৰু চাৰিচকীয়া বাহনৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত এই ভয়ংকৰ পথ দুৰ্ঘটনাটি সংঘটিত হয় ৷ দুৰ্ঘটনাটোত এটা পৰিয়ালৰে তিনি সদস্য়সহ চাৰিজন লোক নিহত হোৱাৰ লগতে আন দুজন লোক আহত হয় ।
আৰক্ষীয়ে জনোৱা মতে, ৰায়চুৰৰ মানভি তালুকৰ এটা পৰিয়ালৰ সদস্যসকলে তেওঁলোকৰ নিজা বাহনখন লৈ হালগা গাঁৱলৈ গৈ থকাৰ সময়তে বিপৰীত দিশৰ পৰা অহা এখন জিপ বাহনে তেওঁলোকৰ বাহনখনত খুন্দিওৱাৰ ফলতে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হয় ৷
আৰক্ষীয়ে প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰাৰ লগতে আহত লোককেইজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷