ETV Bharat / bharat

বিষাক্ত দ্ৰব্য সেৱন কৰি চাৰি বান্ধৱীৰ আত্মহননৰ চেষ্টা, এগৰাকীৰ মৃত্যু

author img

By ETV Bharat Assamese Team

Published : Nov 28, 2023, 12:33 PM IST

পুনৰ দোহাৰিলে ইতিহাস ৷ বিহাৰৰ ঔৰংগবাদত শিহৰণকাৰী আত্মহত্যাৰ ঘটনা ৷ আজিৰ পৰা প্ৰায় ডেৰ বছৰৰ পূৰ্বে ছয়গৰাকী যুৱতীয়ে ঔৰংগবাদ জিলাত বিহ সেৱন কৰি আত্মহত্যা কৰিবলৈ চেষ্টা কৰিছিল, যাৰ ভিতৰত চাৰিগৰাকীৰ মৃত্যু হৈছিল। এইবাৰো পুনৰ সংঘটিত হৈছে অনুৰূপ ঘটনা, পঢ়ক সবিশেষ...

Four girls consumed poison in Aurangabad Bihar
বিষাক্ত দ্ৰব্য সেৱন কৰি চাৰি বান্ধৱীৰ আত্মহননৰ চেষ্টা

নেশ্যনেল ডেস্ক, 28 নৱেম্বৰ : বিহাৰৰ ঔৰংগবাদত লোমহৰ্ষক ঘটনা ৷ চাৰিগৰাকী যুৱতীয়ে বিষাক্ত দ্ৰব্য সেৱন কৰি আত্মহত্যাৰ চেষ্টা চলোৱাৰ বাতৰি পোহৰলৈ আহিছে ৷ চাৰিগৰাকী যুৱতীৰ ভিতৰত দুগৰাকী ভগ্নী বুলি জানিব পৰা গৈছে ৷ বিষক্ৰিয়াৰ ফলত এগৰাকী যুৱতীৰ মৃত্যু হোৱাৰ লগতে আন তিনিগৰাকী যুৱতীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে । সম্প্ৰতি তিনিওগৰাকীকে গয়া মগধ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে ।

ঘটনাৰ বিৱৰণী অনুসৰি, দেওবাৰে বিয়লি কুণ্টুবা থানাৰ অন্তৰ্গত এখন গাঁৱত সংঘটিত হৈছে এই শিহৰণকাৰী ঘটনা ৷ লগে লগে গাঁওখনত হুলস্থুলীয়া পৰিৱেশৰ উদ্ভৱ হয় ৷ চাৰিগৰাকী যুৱতীয়ে একেলগে বহি বিষাক্ত দ্ৰব্য সেৱন কৰে ৷ যুৱতীকেইগৰাকীৰ বয়স প্ৰায় 18 ৰ পৰা 20 বছৰৰ ভিতৰত আছিল বুলি জানিব পৰা গৈছে ৷

খবৰ লাভ কৰিয়েই ততালিকে চাৰিগৰাকী যুৱতীৰ পৰিয়ালৰ লোকে তেওঁলোকক ঔৰংগবাদ সদৰ হাস্পতাললৈ লৈ যায়, কিন্তু চিকিৎসকে যুৱতীগৰাকীৰ অৱস্থা সংকটজনক হোৱা দেখি মগধ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে ৷ কিন্তু দুৰ্ভাগ্যৱশতঃ বিষক্ৰিয়াৰ ফলত হাস্পতাললৈ নিয়াৰ পথতে এগৰাকী যুৱতীয়ে প্ৰাণ হেৰুৱায় ৷

এই ঘটনাৰ সন্দৰ্ভত দুগৰাকী যুৱতীৰ পৰিয়ালৰ লোকে কয়, "এই ঘটনা সংঘটিত কৰা যুৱতী চাৰিগৰাকী বান্ধৱী আছিল ৷ ইয়াৰ দুগৰাকী মোৰ কন্যা আছিল ৷ আমি বুজিব পৰা নাই কিয় চাৰিগৰাকীয়ে এই ভয়ংকৰ সিদ্ধান্ত গ্ৰহণ কৰিলে, কি খালে সেই বিষয়ে আমিও গম পোৱা নাই ৷"

ইতিমধ্যে ঘটনা সন্দৰ্ভত স্থানীয় আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷ আৰক্ষীৰ অনুুসন্ধানৰ পিচতহে এই ঘটনাৰ আঁৰৰ কাৰণ পোহৰলৈ আহিব বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে ৷ যুৱতীকেইগৰাকীয়ে জানি বুজি বিষাক্ত দ্ৰব্য সেৱন কৰিছিলনে নজনাকৈ সেৱন কৰিছিল সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত ৷

উল্লেখ্য যে, 2022 চনত ঔৰংগবাদ থানাৰ অন্তৰ্গত প্ৰেমজনিত কাৰণত 6 গৰাকী যুৱতীয়ে বিহপান কৰি আত্মহননৰ চেষ্টা কৰিছিল ৷ ইয়াৰে চাৰিগৰাকী যুৱতীয়ে থিতাতে মৃত্যুবৰণ কৰিছিল ৷

লগতে পঢ়ক: ছত্তীশগড়ৰ দান্তেৱাড়াত ১৫ খনকৈ বাহনত অগ্নিসংযোগ মাওবাদীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.