ETV Bharat / bharat

উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কল্যাণ সিঙৰ স্বাস্থ্যৰ গুৰুতৰ অৱনতি

author img

By

Published : Jul 23, 2021, 7:15 PM IST

গুৰুতৰভাৱে স্বাস্থ্যৰ অৱনতি ঘটিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপি (BJP)ৰ জ্যেষ্ঠ নেতা কল্যাণ সিং (Kalyan Singh)ৰ ৷ ক্ৰিটিকেল কেয়াৰ মেডিচিন (CCM)ৰ কাৰ্ডিওল’জী (Cardiology), নেফ্ৰোল’জী (Nephrology), নিউৰোল’জী (Neurology) আৰু এণ্ডোক্ৰিনোল’জী (Endocrinology) বিভাগসমূহৰ অধীনত চিকিৎসাধীন হৈ আছে প্ৰাক্তন মুখ্য়মন্ত্ৰীগৰাকীয়ে ৷

former uttar pradesh cm kalyan singh in critical condition
কল্যাণ সিঙৰ স্বাস্থ্যৰ গুৰুতৰ অৱনতি

নেশ্যনেল ডেস্ক, 23 জুলাই : উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপি (BJP)ৰ জ্যেষ্ঠ নেতা কল্যাণ সিং (Kalyan Singh)ৰ স্বাস্থ্যৰ গুৰুতৰভাৱে অৱনতি ঘটনা বুলি জানিব পৰা গৈছে ৷ সম্প্ৰতি তেওঁক ভেণ্টিলেৰটত ৰখা হৈছে ৷ শুকুৰবাৰে সঞ্জয় গান্ধী পোষ্ট গ্ৰেজুৱেট ইন্সটিটিউট অৱ মেডিকেল চায়েন্সেছ (SGPGIMS)ৰ চিকিৎসকে এই কথা সদৰী কৰে ৷ ক্ৰিটিকেল কেয়াৰ মেডিচিন (CCM)ৰ কাৰ্ডিওল’জী (Cardiology), নেফ্ৰোল’জী (Nephrology), নিউৰোল’জী (Neurology) আৰু এণ্ডোক্ৰিনোল’জী (Endocrinology) বিভাগসমূহৰ অধীনত চিকিৎসাধীন হৈ আছে বৰিষ্ঠ নেতাগৰাকীয়ে ৷

প্ৰতিষ্ঠানটোৰ সঞ্চালক আৰ কে ধিমানে দৈনিক ভিত্তিত তেওঁৰ স্বাস্থ্যৰ অৱস্থা নিৰীক্ষণ কৰি আছে । বিগত 8 জুলাইত শৰীৰত সংক্ৰমণ আৰু অক্সিজেনৰ মাত্ৰা হ্ৰাস পোৱাৰ বাবে হাস্পতালখনৰ আই চি ইউ (ICU)ত ভৰ্তি কৰোৱা হৈছিল জ্যেষ্ঠ বিজেপি নেতা কল্যাণ সিঙক ৷ ইয়াৰ পূৰ্বে তেওঁ ৰাম মোহন লোহিয়া ইন্সটিটিউট অৱ মেডিকেল চায়েন্সেছ (Ram Manohar Lohia Institute of Medical Sciences)ত চিকিৎসাধীন হৈ আছিল ৷

লগতে পঢ়ক : উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কল্যাণ সিঙৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.