ETV Bharat / bharat

এতিয়াও সংকটজনক কল্যাণ সিঙৰ স্বাস্থ্যৰ অৱস্থা

author img

By

Published : Jul 24, 2021, 10:36 PM IST

উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কল্যাণ সিঙ(Kalyan Singh)ৰ স্বাস্থ্য অৱস্থা এতিয়াও সুস্থিৰ হোৱা নাই । সঞ্জয় গান্ধী স্নাতকোত্তৰ চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানে(Sanjay Gandhi Post Graduate Institute of Medical Sciences) শনিবাৰে জানিবলৈ দিয়া মতে, তেওঁ বৰ্তমানেও সংকটজনক অৱস্থাতে আছে । ৮৯ বছৰীয়া প্ৰবীণ বিজেপি নেতাজনক যোৱা ৪ জুলাইত চিকিৎসালয়খনত ভৰ্তি কৰোৱা হৈছিল ।

Former UP CM Kalyan Singh's health condition remains critical
উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কল্যাণ সিঙৰ স্বাস্থ্য অৱস্থা এতিয়াও সুস্থিৰ হোৱা নাই

নেশ্যনেল ডেস্ক, ২৪ জুলাই: উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কল্যাণ সিঙৰ স্বাস্থ্যৰ অৱস্থাৰ ক্ষেত্ৰত এতিয়াও কোনো পৰিৱৰ্তন হোৱা নাই । ভেণ্টিলেশ্যনতে আছে কল্যাণ সিং । শনিবাৰে সঞ্জয় গান্ধী স্নাতকোত্তৰ চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান(Sanjay Gandhi Post Graduate Institute of Medical Sciences)এ জানিবলৈ দিয়া মতে, সংকটজনক অৱস্থাতে আছে উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী । ক্ৰিটিকেল কেয়াৰ মেডিচিন (critical care medicine), কাৰ্ডিঅ'লজী(cardiology), নেফ্ৰ'লজী(nephrology), নিউৰ'লজী(neurology) আৰু এণ্ড'ক্ৰিন'লজী(endocrinology) বিভাগৰ জ্যেষ্ঠ চিকিৎসকসকলে বৰ্তমান তেওঁৰ স্বাস্থ্যৰ অৱস্থাৰ তদাৰক কৰি আছে ।

চিকিৎসালয় কৰ্তৃপক্ষই প্ৰকাশ কৰা বিবৃতিত উল্লেখ কৰা হৈছে যে, উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ৰাজস্থানৰ প্ৰাক্তন ৰাজ্যপাল কল্যাণ সিং বৰ্তমান ভেণ্টিলেশ্যনত আছে আৰু তেওঁৰ স্বাস্থ্যৰ অৱস্থাত কোনো পৰিৱৰ্তন হোৱা নাই । চিকিৎসালয়খনৰ সঞ্চালক অধ্যাপক আৰ কে ধিমানেও তেওঁৰ স্বাস্থ্যসম্পৰ্কীয় সকলো দিশৰ ওপৰত দৃষ্টি ৰাখিছে বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে । সংক্ৰমণ আৰু আন কেতবোৰ স্বাস্থ্যজনিত সমস্যাৰ বাবে বিজেপিৰ ৮৯ বছৰীয়া প্ৰবীণ নেতাজনক যোৱা ৪ জুলাইৰ সন্ধিয়া চিকিৎসালয়খনৰ আই চি ইউত ভৰ্তি কৰোৱা হয় ।

সঞ্জয় গান্ধী স্নাতকোত্তৰ চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানত ভৰ্তি কৰোৱাৰ কেইদিনমান পিছতে তেওঁৰ স্বাস্থ্যৰ অৱস্থা কিছু সুস্থিৰ হয় যদিও পুনৰ ক্ৰমান্বয়ে স্বাস্থ্যৰ অৱস্থাৰ অৱনতি ঘটিবলৈ ধৰে ।

যোৱা ১৮ জুলাইত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে কল্যাণ সিঙৰ স্বাস্থ্যৰ অৱস্থাৰ বুজ লয় । ইয়াৰ পূৰ্বে, তেওঁ ৰাম মনোহৰ লোহিয়া চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানত চিকিৎসাধীন হৈ আছিল । আনহাতে, প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ স্বাস্থ্য জটিল অৱস্থাই চিন্তিত কৰি তুলিছে দলীয় নেতা-কৰ্মীৰ লগতে তেওঁৰ শুভাকাংক্ষীসকলক । ইফালে, জ্যেষ্ঠ চিকিৎসকৰ তত্বাৱধানত চিকিৎসা চলি থকাৰ পাচতো কল্যাণ সিং সুস্থ হৈ উঠা নাই ।

লগতে পঢ়ক:PEGASUS: মোডী চৰকাৰক 'ব্ৰিটিছ ৰাজত্ব'ৰ সৈতে তুলনা মেহবুবা মুফটীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.