নেশ্যনেল ডেস্ক,২০ আগষ্ট : সঞ্জয় গান্ধী স্নাতকোত্তৰ চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানত (SGPGIMS) ভৰ্তি হৈ আছে ৰাজস্থানৰ প্ৰাক্তন ৰাজ্যপাল তথা উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কল্যাণ সিং (Kalyan Singh) । যোৱা ৪ জুলাইতে তেওঁক হাস্পতালখনৰ আইচিইউত ভৰ্তি কৰোৱা হৈছিল । চিকিৎসা চলি থকাৰ মাজতে পুনৰ স্বাস্থ্যৰ অৱনতি ঘটিছে নেতা গৰাকীৰ ।
সম্প্ৰতি ডায়েলাইচিছ কৰি থকা হৈছে নেতাগৰাকীৰ । হাস্পতালখনৰ সঞ্চালক আৰ কে ধিমানে জনোৱা মতে নেতাগৰাকীৰ ৰক্তচাপ কমি গৈছে আৰু প্ৰস্ৰাৱৰ মাত্ৰা কমিছে । লগতে তেওঁক ভেণ্টিলেটৰত ৰখা হৈছে । অৱশ্যে সন্ধিয়া অথবা কাইলৈৰ দিনটোলৈ অপেক্ষা কৰিছে চিকিৎসকসকলে যাতে তেওঁ স্বাস্থ্য কিছু পৰিমাণে উন্নত হয় ।
উল্লেখ্য যে হাস্পতালত থকা সময়চোৱাত বহু নেতা-মন্ত্ৰীয়ে তেওঁৰ স্বাস্থ্যৰ বুজ লৈছে । কেইবাগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে সিঙক সাক্ষাৎ কৰিছে । তেওঁলোকৰ ভিতৰত আছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ । ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও (Prime minister Narendra Modi) সিঙৰ স্বাস্থ্য সম্পৰ্কে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ সৈতে আলোচনা কৰিছিল আৰু পৰ্যাপ্ত স্বাস্থ্য সেৱা প্ৰদানৰ নিৰ্দেশ দিছিল ।
লগতে পঢ়ক :জম্মু-কাশ্মীৰৰ খ্ৰিও পাম্পোৰত হোৱা সংঘৰ্ষত সন্ত্ৰাসবাদী নিহত