ETV Bharat / bharat

G20 Summit in Delhi : জি-২০ৰ নৈশ ভোজলৈ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙকো আমন্ত্ৰণ; দেৱগৌড়ালৈও নিমন্ত্ৰণী পত্ৰ - HD Deve Gowda

জি-২০ বৈঠকৰ নৈশ ভোজলৈ দেশ-বিদেশৰ বহু নেতাক আমন্ত্ৰণ । প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা বিৰোধী নেতা মনমোহন সিং আৰু এইচ ডি দেৱগৌড়াকো নৈশ ভোজলৈ আমন্ত্ৰণ জনোৱা হৈছে ।

G20 Summit in Delhi
জি-২০ৰ নৈশ ভোজলৈ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙকো আমন্ত্ৰণ
author img

By ANI

Published : Sep 8, 2023, 11:24 AM IST

নেশ্যনেল ডেস্ক,৮ ছেপ্টেম্বৰ : নতুন দিল্লীত জি-২০ বৈঠকৰ ব্যাপক আয়োজন চলিছে । দেশ-বিদেশৰ বিশিষ্ট অতিথিসকলক আদৰিবলৈ সাজু হৈছে ভাৰত চৰকাৰ । দুই এজনকৈ বিশ্বৰ বিশিষ্ট নেতা ইতিমধ্যে আহিবলৈ আৰম্ভ কৰিছে । ৯ আৰু ১০ ছেপ্টেম্বৰত জি-২০ বৈঠকৰ বাবে ৰাষ্ট্ৰীয় ৰাজধানীখনক সুন্দৰকৈ সজ্জিত কৰা হৈছে । এই বৃহৎ অনুষ্ঠানটোক লৈ তৎপৰ হৈ পৰিছে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ । বিদেশী প্ৰতিনিধিৰ উপৰিও বৰ্তমানৰ কেবিনেটৰ সদস্য, সাংসদসকলৰ উপৰিও জি-২০ বৈঠকৰ নৈশ ভোজত দেশৰ কেইগৰাকীমান প্ৰাক্তন জ্যেষ্ঠ নেতাও উপস্থিত থাকিব বুলি আশা কৰা হৈছে ।

তাৰ ভিতৰত ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং আৰু এইচডি দেৱগৌড়াকো জি-২০ বৈঠকৰ নৈশ ভোজলৈ আমন্ত্ৰণ জনোৱা হৈছে । আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ' বিডেন, ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি ছুনাক, চৌদি ক্ৰাউন প্ৰিন্স মহম্মদ বিন ছলমান, কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডো আৰু জাপানৰ প্ৰধানমন্ত্ৰী ফুমিও কিছিদা দেশখনৰ ৰাজধানী চহৰত অনুষ্ঠিত হ'বলগীয়া অনুষ্ঠানটোত অংশগ্ৰহণ কৰিবলগীয়া মুখ্য নেতাসকলৰ ভিতৰত আছে ।

লক্ষণীয়ভাৱে, চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিং আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে এই বৈঠকত অংশগ্ৰহণ নকৰিব । অৱশ্যে চীনৰ প্ৰধানমন্ত্ৰী লি কিয়াঙে বৈঠকত দেশখনক প্ৰতিনিধিত্ব কৰিব আৰু ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী চাৰ্গেই লাভাৰভে ৰাছিয়াক প্ৰতিনিধিত্ব কৰিব ৷ ভাৰতে প্ৰথমবাৰৰ বাবে জি-২০ বৈঠক আয়োজন কৰিছে ৷ ভাৰতৰ পৰম্পৰা আৰু শক্তিক চিহ্নিত কৰিবলৈ ব্যাপক প্ৰস্তুতি চলি আছে ।

জি-২০ সন্মিলনত অংশগ্ৰহণ কৰা দেশসমূহৰ ভিতৰত আছে নাইজেৰিয়া, আৰ্জেণ্টিনা, ইটালী, এ.ই.উ আৰু দক্ষিণ আফ্ৰিকা । বাংলাদেশ, ব্ৰিটেইন, জাপান, চৌদি আৰৱ, কোৰিয়া গণৰাজ্য, ইজিপ্ত, অষ্ট্ৰেলিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা, চীন, ইউ.এ.ই., ব্ৰাজিল, ইণ্ডোনেছিয়া, তুৰস্ক, স্পেইন, জাৰ্মানী, ফ্ৰান্স, মেক্সিকো, ইউৰোপীয় ইউনিয়ন, ছিংগাপুৰ আদি দেশৰ প্ৰতিনিধিও অংশগ্ৰহণ কৰিব ।

জি-২০ বৈঠকৰ অন্তত এ জি-২০ নেতাৰ ঘোষণাপত্ৰ গ্ৰহণ কৰা হ'ব, য'ত নেতাগৰাকীৰ অগ্ৰাধিকাৰৰ প্ৰতি প্ৰতিশ্ৰুতি আৰু কাৰ্যকৰী গোটসমূহৰ ওপৰত আলোচনা কৰা হ'ব । ভাৰতে যোৱা বছৰ নৱেম্বৰত জি-২০ ৰ সভাপতিত্ব গ্ৰহণ কৰিছিল আৰু জি-২০ৰ পৰৱৰ্তী সভাপতিত্ব অহা বছৰ ব্ৰাজিলক হস্তান্তৰ কৰা হ'ব, তাৰ পাছত ২০২৫ চনত দক্ষিণ আফ্ৰিকাক হস্তান্তৰ কৰা হ'ব ।

লগতে পঢ়ক :G20 summit : দেশৰ বৈচিত্ৰ্যপূৰ্ণ ব্যঞ্জনৰ সোৱাদ পাব বিশ্ব প্ৰতিনিধিসকলে; জি২০ ভাৰত বিশেষ সচিব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.