নিউজ ডেস্ক , ৭ জানুৱাৰী: উত্তৰ প্ৰদেশত নৃশংস হত্য়াকাণ্ড । ৰাজ্য়খনৰ মাও জিলাৰ মুহম্মদাবাদ গৌহনা ব্লকৰ প্ৰাক্তন সভাপতি অজিত সিঙক নৃশংসভাৱে গুলীয়াই হত্য়া কৰা হয় । বুধবাৰে নিশা বিভুতিখণ্ড থানাৰ অন্তৰ্গত কথাউতা অঞ্চলত সংঘটিত এই ঘটনাত অজিত সিঙৰ সহযোগীসহ আন এজন লোক আহত হয় ।
লক্ষ্ণৌৰ আৰক্ষী আয়ুক্ত ডি কে ঠাকুৰে সংবাদমাধ্য়ৰ আগত জনোৱা মতে নিশা প্ৰায় ৮.৪৫ বজাত বাইকেৰে অহা তিনি অস্ত্ৰধাৰী দুৰ্বৃত্তই এই ঘটনা সংঘটিত কৰে । দুৰ্বৃত্তৰ দলটোৰ গুলিত মৃত্য়ু হয় অজিত সিঙৰ । লগতে এই ঘটনাত তেওঁৰ সহযোগী মোহৰ সিং আৰু ঘটনাৰ সময়ত সেই অঞ্চলৰে পাৰ হৈ যোৱা আকাশ নামৰ সামগ্ৰী ডেলিভাৰি দিবলৈ যোৱা এজন যুৱকো আহত হয় । দুয়োগৰাকী আহত সম্প্ৰতি সংকটমুক্ত বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । ইফালে ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্য়াহত থকাৰ মাজতে আন এক ৰহস্য়জনক কথা পোহৰলৈ আহিছে ।
আৰক্ষীয়ে জনোৱা মতে মৃত অজিত সিঙ এগৰাকী দাগী অপৰাধী । ইতিমধ্য়ে তেওঁৰ বিৰুদ্ধে ৫টাকৈ হত্য়াকাণ্ডসহ মুঠ ১৮ টা গোচৰ ৰুজু হৈ আছে বিভিন্ন থানাত । আনকি তেওঁক যোৱা ৩১ ডিচেম্বৰত মাও জিলাখনৰ পৰাও বহিস্কাৰ কৰা হৈছিল । আৰক্ষীয়ে সন্দেহ কৰিছে অজিত সিঙক প্ৰতিশোধ ল'বলৈ দুৰ্বৃত্তৰ দলটোৱে এই ঘটনা সংঘটিত কৰিছে । অৱশ্য়ে ঘটনাৰ প্ৰকৃত ৰহস্য় উদঘাটনৰ বাবে লক্ষ্ণৌ আৰক্ষীয়ে তদন্ত অব্য়াহত ৰাখিছে ।
লগতে পঢ়ক :উত্তৰ প্ৰদেশত কৰায়ত্ত ৰোহিংগীয়া মূলৰ ব্যক্তি