ETV Bharat / bharat

Mehbooba Mufti: মক্কালৈ যাবলৈ সাজু; আইনী যুঁজৰ অন্তত ভিছা লাভ কৰিলে মেহবুবা মুফতিয়ে

author img

By

Published : Jun 4, 2023, 9:07 PM IST

দীঘলীয়া আইনী যুঁজৰ পাচত ভিছা লাভ কৰিবলৈ সক্ষম হ’ব জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতিয়ে ৷ ভিছা লাভৰ পাচতেই মাতৃৰ সৈতে মক্কালৈ যাবলৈ সাজু হৈছে মেহবুবা ৷

Mehbooba Mufti
Mehbooba Mufti

নিউজ ডেস্ক, 4 জুন: অৱেশেষত কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা পিপলছ্ ডেমক্ৰেটিক পাৰ্টীৰ (PDP)ৰ অধ্যক্ষ মেহবুবা মুফতিয়ে লাভ কৰিলে ভিছা ৷ বহুকেইখন আইনী যুঁজৰ পাচত প্ৰায় তিনি বছৰৰ পাচত ভিছা লাভ কৰিবলৈ সক্ষম হ’ল মেহবুবা মুফতিয়ে (Mehbooba Mufti issued passport ) ৷

উল্লেখ্য যে, 2019 চনত সমাপ্ত হৈছিল মেহবুবা মুফতিৰ ভিছাৰ সময়সীমা ৷ তেতিয়াৰে পৰা মেহবুবা মুফতি আৰু তেওঁৰ কন্যা ইলতিজাই ভিছা লাভৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছিল ৷ তথ্য সমূহৰ আৰক্ষী প্ৰমাণ (Police Verification) সমাপ্ত নোহোৱাৰ বাবে বাৰে বাৰে পাচপোৰ্ট কাৰ্যালয়ে বাতিল কৰি আহিছিল মেহবুবা মুফতিৰ ভিছা (Mehbooba Mufti got passport) ৷

বিগত ফেব্ৰুৱাৰী মাহত মেহবুবা মুফতিৰ কন্যাই জম্মু-কাশ্মীৰৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান আৰ. আৰ. চুৱাইনে তথ্যৰ প্ৰমাণিকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ নকৰাৰ অভিযোগ উত্থাপন কৰিছিল ৷ যাৰ বাবে বাৰে বাৰে বাতিল হৈছিল ভিছা ৷

ইয়াৰ পাচতেই পাচপৰ্ট কাৰ্যালয়ৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই মেনবুবাৰ জীয়ৰী ইলতিজাই দিল্লী উচ্চ ন্যায়ালয়ৰ লগতে জম্মু-কাশ্মীৰ উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল ৷ অৱশেষত মাত্ৰ দুদিন পূৰ্বে মেহবুবা মুফতিয়ে ভিছা লাভ কৰিবলৈ সক্ষম হয় ৷ এই ভিছাৰ ম্যাদ থাকিব 1 জুন 2023 ৰ পৰা 31 মে’ 2033 লৈকে ৷

উল্লেখ্য যে, এই বছৰৰ মাৰ্চত দিল্লী উচ্চ ন্যায়ালয়ে (Delhi High Court) পাছপোৰ্ট কৰ্তৃপক্ষক মেহবুবা মুফতিক নতুন ভিছা জাৰী কৰাৰ বিষয়ে তিনি মাহৰ ভিতৰত সিদ্ধান্ত ল’বলৈ নিৰ্দেশ দিছিল ৷ এই নিৰ্দেশনাৰ পাচতেই ভিছা লাভ কৰিবলৈ সক্ষম হয় জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

জম্মু আৰু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ আবেদনত কয় যে, সকলো প্ৰমাণ পত্ৰ সঠিক ৰূপত থকাৰ পাচতো তেওঁক নতুন পাছপোৰ্ট জাৰী কৰাত যথেষ্ট পলম কৰিছে । চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত মেহবুবাই পাছপোৰ্ট জাৰী কৰাৰ বাবে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ হস্তক্ষেপ বিচাৰিছিল ৷

লগতে পঢ়ক: Balasore train accident : ভুৱনেশ্বৰলৈ ৰাওনা এইমছৰ বিশেষজ্ঞ চিকিৎসকৰ দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.