ETV Bharat / bharat

Firing on Sandalwood Thieves : কৰ্ণাটকত বনকৰ্মীৰ গুলীত নিহত চন্দন কাঠৰ চোৰাং ব্যৱসায়ী

author img

By ETV Bharat Assamese Team

Published : Aug 30, 2023, 5:31 PM IST

বেনাৰঘাট্টা বন বিভাগৰ কৰ্মচাৰীসকলে নিশা বনাঞ্চলত টহল দি থকাৰ সময়ত চন্দন গছ কাটি থকাৰ শব্দ শুনি ঘটনাস্থলীলৈ আগবাঢ়ি যায় । তেতিয়াই অভিযুক্ত দুজনে বনকৰ্মী দলটোৰ ওপৰত আক্ৰমণ চলাবলৈ চেষ্টা কৰে । বনকৰ্মীৰ গুলীচালনাত এজন চোৰৰ গাত গুলী লাগি ঘটনাস্থলীতে মৃত্যু হোৱা বুলি আৰক্ষী সূত্ৰত প্ৰকাশ ।

Firing on Sandalwood Thieves
Firing on Sandalwood Thieves

নিউজ ডেস্ক, ৩০ আগষ্ট : কৰ্ণাটকত বন বিভাগৰ কৰ্মচাৰীৰ চন্দন কাঠৰ চোৰাং ব্যৱসায়ীৰ ওপৰত গুলীচালনা । চন্দন গছ কাটি থকা অৱস্থাত বন বিভাগৰ এটা দলে চন্দন কাঠ চোৰৰ দলটোক বাধা দিবলৈ চেষ্টা কৰে । তাৰ পিছতে চোৰৰ দলটোৰ ওপৰত গুলীচালনা কৰে বনকৰ্মীৰ দলটোৱে । জানিব পৰা মতে, এই ঘটনাত এজন চোৰৰ মৃত্যু হয় আৰু আন এজন পলাই যাবলৈ সক্ষম হয় । আৰক্ষীয়ে জনোৱা অনুসৰি, মঙলবাৰে নিশা প্ৰায় ১.১৫ বজাত বেনাৰঘাট্টা ৰাষ্ট্ৰীয় উদ্যানৰ কালকেৰে বন অঞ্চলত এই ঘটনাটো সংঘটিত হয় ।

বেনাৰঘাট্টা বন বিভাগৰ কৰ্মচাৰীসকলে নিশা বনাঞ্চলত টহল দি থকাৰ সময়ত চন্দন গছ কাটি থকাৰ শব্দ শুনি ঘটনাস্থলীলৈ আগবাঢ়ি যায় । তেতিয়াই অভিযুক্ত দুজনে বনকৰ্মী দলটোৰ ওপৰত আক্ৰমণ চলাবলৈ চেষ্টা কৰে । সেই সময়ত বনকৰ্মীসকলে সতৰ্ক কৰি দি শূন্যলৈ গুলীচালনা কৰে । কিন্তু তেতিয়াও চোৰৰ দলটোৱে তেওঁলোকৰ কথা নুশুনাত গুলীচালনা কৰে । ফলস্বৰূপে এজন চোৰৰ গাত গুলী লাগি ঘটনাস্থলীতে বাগৰি পৰি মৃত্যু হোৱা বুলি আৰক্ষী সূত্ৰত প্ৰকাশ ।

ঘটনা সন্দৰ্ভত বেংগালুৰু গ্ৰাম্যৰ এছপি মল্লিকাৰ্জুন বালাদাণ্ডীয়ে কয়, "বেনাৰঘাট্টা সংৰক্ষিত বনাঞ্চলত বন্যপ্ৰাণীৰ লগতে যথেষ্ট চন্দন গছ আছে । দুজন মানুহে গছকটা সঁজুলি লৈ অৰণ্যলৈ গৈছিল আৰু মঙলবাৰে নিশা চন্দন কাঠ কাটি আছিল । যেতিয়া বন বিভাগৰ কৰ্মচাৰীসকলে গছকটাৰ শব্দ শুনি ঘটনাস্থলীলৈ দৌৰি যায় আৰু অভিযুক্ত দুজনক বিচাৰি পায় । অভিযুক্তক আত্মসমৰ্পণ কৰিবলৈ সতৰ্ক কৰা সত্ত্বেও তেওঁলোকে ওলোটাই বনকৰ্মীসকলক অস্ত্ৰৰে আক্ৰমণ কৰে । ইয়াৰ পিছত বনকৰ্মীসকলে সতৰ্কবাণী দি শূন্যলৈ গুলীচালনা কৰে । কিন্তু তথাপিও তেওঁলোকে কৰ্ণপাত নকৰাত বনকৰ্মীসকলে অভিযুক্তৰ ওপৰত গুলীচালনা কৰে । আমি পোৱা তথ্য অনুসৰি, এজনৰ ঘটনাস্থলীতে মৃত্যু হয় আৰু আন এজন পলাই যায় ।"

"বন বিভাগৰ জ্যেষ্ঠ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হৈছে । মৃতকৰ পৰিচয় এতিয়াও পোৱা হোৱা নাই । অভিযুক্তৰ মোবাইল ফোনটো পোৱা গৈছে আৰু তেওঁৰ বিষয়ে তথ্য এতিয়াও জানিব পৰা হোৱা নাই । তেওঁলোকে পূৰ্বতেও চন্দন কাঠ চুৰি কৰিবলৈ চেষ্টা কৰিছিল নেকি সেয়া জানিবলৈ তদন্ত কৰা হ'ব । আঙুলিৰ চাপ বিশেষজ্ঞ আৰু এফএছএল দল ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে আৰু প্ৰমাণ সংগ্ৰহত ব্যস্ত হৈ আছে ।" এছপি মল্লিকাৰ্জুন বালাদাণ্ডিয়ে লগতে জনায় ।

উক্ত ঠাইত গছকটা কৰত আৰু কিছু যন্ত্ৰ তথা অস্ত্ৰ-শস্ত্ৰ পোৱা গৈছে । সেইবোৰ জব্দ কৰা হৈছে । এছপি মল্লিকাৰ্জুন বালাদাণ্ডি, বন বিভাগৰ উপ-আৰক্ষী অধীক্ষক লক্ষ্মীনাৰায়ণ আৰু বন বিষয়াসকল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত চলাইছে ।

আনহাতে, বেংগালুৰু মহানগৰ জিলা উপায়ুক্ত দয়ানন্দই ঘটনাস্থলী পৰিদৰ্শন কৰে । "এইটো দেখা গৈছে যে অভিযুক্তসকলে চন্দন কাঠ চুৰি কৰাৰ উদ্দেশ্যে অৰণ্যত প্ৰৱেশ কৰিছিল । চোৰকেইটাই বিভিন্ন অস্ত্ৰ-শস্ত্ৰ লৈ অহাও দেখা গৈছে । আইন অনুসৰি তদন্ত অব্যাহত থাকিব । জ্যেষ্ঠ বিষয়াসকলে ইতিমধ্যে ঘটনাস্থলীলৈ গৈ তদন্ত আৰম্ভ কৰিছে ।" জিলা উপায়ুক্ত দয়ানন্দই কয় ।

লগতে পঢ়ক :Tragic road mishap: ৰৈ থকা ট্ৰাকত দ্ৰুতবেগী স্ক’ৰপিঅ’ৰ খুন্দা; নিহত 7

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.