ETV Bharat / bharat

Foreign Girl Suicide in Raipur : টেটু শিল্পী হ'বলৈ অহা কিৰ্গিস্তানৰ যুৱতীৰ আত্মহত্যা

কিৰ্গিস্তানৰ পৰা টেটু শিল্পী হ'বলৈ ৰায়পুৰলৈ অহা এগৰাকী যুৱতীৰ আত্মহত্যা । আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে । আনহাতে, আৰক্ষীয়ে যুৱতীগৰাকীৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰি আছে ।

author img

By

Published : Jul 20, 2023, 6:30 PM IST

Foreign Girl Suicide in Raipur
Foreign Girl Suicide in Raipur

নিউজ ডেস্ক, ২০ জুলাই : ছত্তীশগড়ৰ ৰায়পুৰৰ পণ্ডেৰী আৰক্ষী থানা এলেকাত বৃহস্পতিবাৰে এগৰাকী বিদেশী যুৱতীৰ আত্মহত্যাৰ ঘটনা পোহৰলৈ আহিছে । যুৱতীগৰাকীয়ে বাৰান্দাত কাপোৰ শুকোৱা তাঁৰত ওলমি আত্মহত্যা কৰে । এই তথ্য লাভ কৰাৰ পিছত আৰক্ষী গৈ ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহটো নিজৰ জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । বৰ্তমান আৰক্ষীয়ে গোচৰটোৰ তদন্তত নিয়োজিত হৈ আছে আৰু কিৰ্গিস্তানত থকা তেওঁৰ পৰিয়ালৰ সদস্যৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰি আছে ।

বৃহস্পতিবাৰে পুৱা অশোক ৰতন ছ'চাইটৰ এটা ফ্লেটত বাস কৰা বিদেশী যুৱতীগৰাকীয়ে চিপ লৈ আত্মহত্যা কৰে । যুৱতীগৰাকীৰ নাম নীনা বিন্দেকো । তেওঁ কিৰ্গিস্তানৰ বাসিন্দা । অশোক ৰতন ছ'চাইটীৰ এটা ভাড়াঘৰত তেওঁ বাস কৰিছিল । যুৱতীগৰাকী কিৰ্গিস্তানৰ পৰা ভাৰতলৈ টেটু শিল্পী হ'বলৈ আহিছিল ।

লগতে পঢ়ক :Ram Rahim granted Parole : আকৌ মুকলি আকাশৰ তললৈ গুৰমীত ৰাম ৰহিম

জানিব পৰা মতে, যুৱতীগৰাকীয়ে তেওঁৰ প্ৰেমিকৰ সৈতে কিবা বিষয়ত কাজিয়াত লিপ্ত হৈছিল । আত্মহত্যাৰ পূৰ্বে তেওঁ প্ৰেমিকলৈ অন্তিম মেছেজ প্ৰেৰণ কৰিছিল । তাত তেওঁ প্ৰেমিকৰ ওচৰত ক্ষমাও বিচাৰে । ক্ষমা বিচাৰি উঠি যুৱতীগৰাকীয়ে চিপ লৈ আত্মহত্যা কৰে । জানিব পৰা মতে, যুৱতীগৰাকী কেইমাহমান পূৰ্বে ৰায়পুৰত থাকিবলৈ আহিছিল ।

পণ্ডেৰী আৰক্ষীয়ে এই সমগ্ৰ ঘটনাটো প্ৰতিটো দিশৰ পৰা তদন্ত কৰি আছে । বিদেশী যুৱতীগৰাকীৰ প্ৰেমিকৰ সৈতে কিবা এটা বিষয়ত বিবাদ হৈছিল, যাৰ বাবে তেওঁ প্ৰেমিকৰ ওচৰত ক্ষমা বিচাৰিছিল । পণ্ডেৰী আৰক্ষীয়ে কিৰ্গিস্তানত থকা মৃতকৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰি আছে । বিদেশী যুৱতীগৰাকীৰ পাছপোৰ্ট আৰু ভিছা আৰক্ষীয়ে জিম্মাত লৈছে । দূতাবাসৰ জৰিয়তে কিৰ্গিস্তানৰ সৈতে যোগাযোগ কৰাৰ চেষ্টা কৰা হৈছে । মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে আম্বেদকাৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে । প্ৰতিবেদন পোৱাৰ পিছতহে আৰক্ষীয়ে পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰিব ।

লগতে পঢ়ক :Manipur women naked paraded video : টুইটাৰ-সামাজিক মাধ্যমক ভিডিঅ' ডিলিট কৰাৰ আহ্বান চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.