নেশ্যনেল ডেস্ক, 1 ফেব্ৰুৱাৰী: বাজেট দাখিলৰ পূৰ্বে ৰাষ্ট্ৰপতিক সাক্ষাৎকালত বিত্তমন্ত্ৰীৰ সৈতে আছিল কেন্দ্ৰীয় ৰাজ্যিক বিত্তমন্ত্ৰী ড৹ ভাগৱত কিষাণৰাও কাৰাডৰ লগতে বিত্ত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকল (Union Budget 2023) ৷
পৰম্পৰি অনুসৰি বাজেট দাখিলৰ পূৰ্বে বিত্তমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি আহিছে ৷ বাজেট দাখিলৰ পূৰ্বে ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰা কালত সীতাৰমণক ক’লা আৰু সোণালী পাৰি দিয়া এখন ৰঙা শাৰী পৰিধান কৰা দেখা পোৱা যায় ৷ ব্ৰীফকেছৰ ঠাইত এটা ৰঙা মোনাত বাজেটখন কঢ়িয়াই নিয়া দেখা গ’ল বিত্তমন্ত্ৰীগৰাকীক ৷
এটা ৰঙা সৰু ধুনীয়া মোনাত এটা ডিজিটেল টেবলেটৰ সৈতে দেখা গ’ল নিৰ্মলা সীতাৰমণক (Red digital tablet in Sitharaman hand) ৷ ২০২৩-২৪ বৰ্ষত ৬.৫% শতাংশলৈ নামিব ভাৰতৰ ঘৰুৱা উৎপাদন ৷
লগতে পঢ়ক: UNION BUDGET 2023 LIVE UPDATES: সংসদত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ বাজেট পাঠ