নেশ্যনেল ডেস্ক,25 নৱেম্বৰ: উত্তৰ প্ৰদেশত মহামাৰী COVID-19ৰ সৈতে সক্ৰিয় ভাবে যুঁজ দিয়া মুখ্যমন্ত্ৰী যোগি আদিত্য নাথৰ প্ৰচেষ্টাক প্ৰশংসা কৰি ই-কমাৰ্চ কোম্পানী ফ্লিপকাৰ্টে গিভ ইণ্ডিয়া ফাউণ্ডেচনৰ সহযোগত বুধবাৰে ৰাজ্য চৰকাৰক 50,000 পিপিই কিট প্ৰদান কৰে । এই কিটবোৰ ৰাজ্যখনৰ শীৰ্ষ বিষয়াৰ হাতত এক ভাৰ্চুৱেল কনফাৰেন্সৰ জড়িয়তে প্ৰদান কৰে, য'ত মুখ্যমন্ত্ৰী যোগি আদিত্য নাথ, ফ্লিপকাৰ্টৰ মুখ্য কৰ্প'ৰেট বিষয়া ৰাজনীশ কুমাৰ আৰু বহু কেইগৰাকী চৰকাৰী তথা ই-কমাৰ্চ কোম্পানীটোৰ বিষয়াই অংশগ্ৰহণ কৰে ৷
ফ্লিপকাৰ্টৰ মুখ্য কৰ্প'ৰেট বিষয়া ৰাজনীশ কুমাৰে কয় যে, "ফ্লিপকাৰ্টে উত্তৰ প্ৰদেশ আৰু ইয়াৰ বাসিন্দাসকলৰ বিকাশ আৰু সুৰক্ষাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ আৰু আমি আনন্দিত যে মহামাৰী COVID-19ৰ বিৰুদ্ধে দিয়া যুঁজখনত ৰাজ্য চৰকাৰক সহায় কৰিব পাৰিছো ৷ গিভ ইণ্ডিয়া ফাউণ্ডেচনৰ সহযোগত উত্তৰ প্ৰদেশ চৰকাৰক 50,000 পিপিই কিট প্ৰদান কৰা হৈছে যি স্বাস্থ্য কৰ্মী, ৰোগীৰ লগতে সমুখ সমৰৰ পৰা এই যুঁজত অংশ লোৱা যোদ্ধাসকলক সংক্ৰমণৰ পৰা সুৰক্ষিত কৰাত সহায় কৰিছে।
উল্লেখ্য যে, ইয়াৰ পূৰ্বেও ফ্লিপকাৰ্টে মহামাৰীৰ সৈতে যুঁজিবলৈ উত্তৰ প্ৰদেশ প্ৰশাসনক 50,000ৰো অধিক পিপিই কিট আৰু এন 95 মাস্ক প্ৰদান কৰিছিল ৷ এতিয়ালৈকে ফ্লিপকাৰ্টে সমগ্ৰ দেশত 1 নিযুতৰো অধিক চিকিৎসা গাউন আৰু 6 লাখ এন-95 মাস্ক বিক্ৰী কৰিছে ৷
লগতে পঢ়ক:ক্ষতিপূৰণৰ দাবীত বাঘজানৰ প্ৰৱেশদ্বাৰত ৰাইজৰ উত্তাল প্ৰতিবাদ