ETV Bharat / bharat

ঘন কুঁৱলীৰ বাবে দিল্লীত বিমান আৰু ৰে'ল সেৱা প্ৰভাৱিত - Flights delay in Delhi

Dense fog grips Delhi: ঘন কুঁৱলীৰ কবলত পৰিছে নতুন দিল্লী ৷ প্ৰচণ্ড শীত আৰু কুঁৱলীয়ে অসুবিধাত পেলাইছে দিল্লীবাসীক । ৰে'ল আৰু বিমান সেৱাত বিলম্ব হৈছে । বিদ্যালয়ৰ সময়সূচী সলনি কৰাৰ দাবী জনাইছে অভিভাৱকসকলে ।

Dense fog grips Delhi
ঘন কুঁৱলীৰ বাবে দিল্লীত বিমান আৰু ৰে'ল সেৱা প্ৰভাৱিত
author img

By ANI

Published : Dec 28, 2023, 12:14 PM IST

নেশ্যনেল ডেস্ক,২৮ ডিচেম্বৰ : প্ৰচণ্ড শীত আৰু কুঁৱলীয়ে দিল্লীত সাধাৰণ জীৱন যাত্ৰা ব্যাহত কৰি তুলিছে । শেহতীয়া প্ৰায় ৩-৪ দিন ধৰি সমগ্ৰ ৰাজধানী চহৰ ঘন কুঁৱলীৰ কৱলত পৰা দেখা গৈছে । ফলস্বৰূপে ৰাজপথত যান-বাহন আৰু যাত্ৰী চলাচলো সীমিত হৈ পৰিছে । কেৱল এয়াই নহয় ৰাজধানী দিল্লীত ৰে'ল আৰু বিমান সেৱাত ইয়াৰ ব্যাপক প্ৰভাৱ পৰা দেখা গৈছে । এই পৰিস্থিতিত যাত্ৰীসকল অসুবিধাত পৰিছে । যাত্ৰীসকলক ঘন কুঁৱলীৰ মাজতে ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ গেটত শাৰী পাতি থকা দেখা গৈছে ।

দিল্লী বিমানবন্দৰত কুঁৱলীৰ বাবে প্ৰায় ১৩৪ খন ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বিমানৰ আগমন আৰু প্ৰস্থানত বিলম্ব হোৱাৰ কথা জানিব পৰা গৈছে । দিল্লীৰ পৰা ৩৫ খন আন্তঃৰাষ্ট্ৰীয় বিমানৰ প্ৰস্থান বিলম্বিত হৈছে । একেদৰে ২৮ খন আন্তৰ্জাতিক বিমানৰ আগমনো বিলম্বিত হৈছে । আনহাতে, ৪৩ খন ঘৰুৱা বিমান প্ৰস্থান আৰু ২৮ খন ঘৰুৱা বিমানৰ আগমন বিলম্বিত হৈছে ।

কম দৃশ্যমানতাৰ বাবে নতুন দিল্লী ৰে'ল ষ্টেচনতো প্ৰায় ২২ খন ৰে'ল বিলম্বিত হৈছে । হাওৰা নতুন দিল্লী ৰাজধানী আৰু জম্মু তাৱী ৰাজধানীৰ দৰে ৰে'লসমূহ এঘণ্টাতকৈও অধিক সময় পলমকৈ যাত্ৰা কৰিছে । ইফালে বহু যাত্ৰী তীব্ৰ শীতৰ মাজতে ৰে'ল ষ্টেচনতে আৱদ্ধ হৈ থকা দেখা গৈছে ।

বতৰ বিজ্ঞান বিভাগৰ মতে বৃহস্পতিবাৰে দিল্লীৰ তাপমাত্ৰা ৭.৮ ডিগ্ৰী চেলচিয়াছৰ ভিতৰতে থাকিব । সৰ্বাধিক তাপমাত্ৰা ২২ ডিগ্ৰী চেলচিয়াছ হ'ব বুলি বতৰ বিজ্ঞান বিভাগে উল্লেখ কৰিছে । ইয়াৰ পূৰ্বে বুধবাৰে আইএমডিয়ে ৰাষ্ট্ৰীয় ৰাজধানীত ঘন কুঁৱলীৰ সতৰ্কতা জাৰি কৰিছিল ।

বতৰ বিজ্ঞান বিভাগ হাৰিয়ানা-চণ্ডিগড়-দিল্লীত ঘন কুঁৱলীৰ সতৰ্কবাণী জাৰি কৰিছে । প্ৰচণ্ড শীতৰ প্ৰতি লক্ষ্য ৰাখি বৃহস্পতিবাৰে পুৱা কৰ্তব্য পথত বাইক আৰোহীৰ এটা দলক বাহিৰলৈ যোৱাত বাধা আৰোপ কৰা হৈছিল ।

প্ৰচণ্ড শীত আৰু কুঁৱলীৰ মাজতে দিল্লীৰ কৰ্তব্য পথত গণৰাজ্য দিৱসৰ কুচকাৱাজৰ অনুশীলনো আৰম্ভ হৈছে । গাজিয়াবাদত অভিভাৱকসকলে প্ৰচণ্ড শীতৰ বাবে বিদ্যালয়ৰ সময়সূচী সংশোধন কৰিবলৈ দাবী জনাইছে । অভিভাৱকসকলৰ মতে শীতৰ বাবে শিক্ষাৰ্থীসকল যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে । তেওঁলোক কাহ আৰু চৰ্দিত ভুগি আছে । সেয়ে তেওঁলোকে প্ৰশাসনক বিদ্যালয়ৰ সময়সূচী সলনি কৰিবলৈ দাবী জনাইছে ।

লগতে পঢ়ক :ঘন কুঁৱলীৰ বাবে দিল্লীত বহু বিমানৰ যাত্ৰাত বিলম্ব

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.