ETV Bharat / bharat

TMC Delegation Arrive in Manipur : মণিপুৰত উপস্থিত তৃণমূলৰ ৫ প্রতিনিধিৰ দল - tmc delegates to visit manipur

অশান্ত মণিপুৰৰ পৰিস্থিতিৰ বুজ ল'বলৈ তৃণমূলৰ পাঁচ সদস্যৰ প্রতিনিধি দল উপস্থিত ৷ যাত্ৰাৰ পূৰ্বে তৃণমূলৰ নেত্রী সুস্মিতা দেৱে জনায়, উত্তৰ-পূবৰ পাহাৰীয়া অঞ্চলবোৰত উপস্থিত হ'বলৈ হেলিকপ্টাৰৰ প্রয়োজন ৷ কিন্তু এই বিষয়ত সেউজ সংকেত দিয়া নাই মণিপুৰ চৰকাৰে ৷

TMC Embarks for Manipur
TMC Embarks for Manipur
author img

By

Published : Jul 19, 2023, 4:48 PM IST

নিউজ ডেস্ক, ১৯ জুলাই : অশান্তজৰ্জৰ মণিপুৰৰ পৰিস্থিতিৰ বুজ ল'বলৈ তৃণমূল কংগ্ৰেছৰ এটা দল মণিপুৰত উপস্থিত হৈছে ৷ তৃণমূলৰ পাঁচ সদস্যৰ প্রতিনিধি দলটোৱে হিংসাৰ দাবানলত দহি থকা চূড়াচান্দপুৰ অঞ্চল ভ্ৰমণ কৰাৰ লগতে ইম্ফলৰ শিৱিৰসমূহ পৰিদৰ্শন কৰিব৷

  • Just landed in Manipur. Will meet people of all communities of the state & hear everyone’s voice as directed by our Chairperson of @AITCofficial

    Our first visit is to Churanchandpur & then we will visit camps in Imphal.

    — Sushmita Dev সুস্মিতা দেব (@SushmitaDevAITC) July 19, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

এই উদ্দেশ্যে বুধবাৰে পুৱা কলকাতা বিমানবন্দৰত উপস্থিত হয় ৰাজ্যসভাৰ তৃণমূলৰ সাংসদ ডেৰেক অ' ব্রায়ান, ৰাজ্যসভাৰ সাংসদ দোলা সেন, বিদায়ী সাংসদ সুস্মিতা দেৱ, লোকসভাৰ দুই সাংসদ কল্যাণ বেনাৰ্জী আৰু কাকলি ঘোষ দস্তিদাৰ ৷ মণিপুৰ পৰিদৰ্শন কৰি ৰাজ্যখনৰ পৰিস্থিতি সন্দৰ্ভত আসন্ন বৰ্ষাকালীন অধিবেশনত ইয়াৰ ওপৰত প্ৰতিবেদন দাখিল কৰিব তৃণমূলে ৷ উল্লেখ্য, বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ'ব সংসদৰ অধিবেশন ৷

ইফালে বিমানবন্দৰত সুস্মিতা দেৱে সাংবাদিকৰ আগত জনায়, দলটোৰ তৰফৰ পৰা মণিপুৰ চৰকাৰৰ ওচৰত হেলিকপ্টাৰৰ বাবে আবেদন জনোৱা হৈছে ৷ কিয়নো হেলিকপ্টাৰ অবিহনে পাহাৰীয়া আদিবাসী জনজাতিৰ ওচৰত উপস্থিত হোৱাটো সম্ভৱ নহয় ৷ কিন্তু হেলিকপ্টাৰ পোৱা যাবনে নাই সেই কথা নিশ্চিত কৰা নাই মণিপুৰ চৰকাৰে ৷ চৰকাৰৰ পৰা নিশ্চিতি পালেই দলটোৱে হেলিকপ্টাৰৰ খৰচ বহন কৰিব বুলি তেওঁ কয় ৷ অৱশ্যে তেওঁ আশা কৰিছে যে তৃণমূলৰ প্রতিনিধি দলটোৰ সৈতে সকলো ধৰণৰ সহযোগিতা আগবঢ়াব উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যখনৰ প্রশাসনে ৷

ৰাজ্যসভাৰ বিদায়ী সাংসদ সুস্মিতা দেৱে কয়, "তৃণমূলৰ শীৰ্ষ নেত্ৰী মমতা বেনাৰ্জীয়ে পূৰ্বতেই মণিপুৰলৈ যোৱাৰ বাবে অনুমতি বিচাৰি গৃহ মন্ত্রালয়লৈ পত্ৰ প্ৰেৰণ কৰিছিল ৷ কিন্তু মন্ত্রালয়ে কেৱল পত্ৰ প্ৰাপ্তি স্বীকাৰ কৰিয়ে দায়িত্ব সামৰিছে ৷ মণিপুৰলৈ যোৱাৰ অনুমতিক লৈ কোনো উত্তৰ দিয়া নাই ৷ সেয়ে মুখ্য়মন্ত্রী তালৈ যাব পৰা নাই ৷" তেওঁৰ ইচ্ছা অনুসৰিয়ে সুস্মিতা দেৱসহ বাকী প্ৰতিনিধিসকলে মণিপুৰৰ পৰিস্থিতি নিজ চকুৰে পৰিদৰ্শন কৰিবলৈ ওলোৱা বুলিও তেওঁ কয় ৷

আনহাতে, তেওঁ এটি ভিডিঅ' বার্তাও সামাজিক মাধ্যমত পোষ্ট কৰিছে ৷ তাত সুস্মিতা দেৱে কৈছে, মণিপুৰত মানুহৰ জীৱন সংকটত ৷ তাত গৈ ৰাজ্যখনৰ প্রতিটো আদিবাসী সম্প্রদায়ক দেখা কৰিব এই পাঁচ সদস্যৰ প্রতিনিধি দলটোৱে ৷ মণিপুৰত শান্তি পুনৰ প্ৰতিষ্ঠাই তেওঁলোকৰ একমাত্র উদ্দেশ্য বুলিও কয় ৷

লগতে পঢ়ক :Parliament Monsoon Session: সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে সৰ্বদলীয় বৈঠক আহ্বান চৰকাৰৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.