ETV Bharat / bharat

Tragic incident at Thiruvananthapuram:তিৰুৱন্তপুৰমত উদ্ধাৰ এটা পৰিয়ালৰ পাঁচগৰাকী সদস্যৰ মৃতদেহ - Five members of a family in kerala found dead

কেৰালাৰ তিৰুৱন্তপুৰম জিলাত অঘটন (Tragic incident at Thiruvananthapuram in Kerala)। জিলাখনৰ কাল্লাম্বালামৰ ওচৰৰ চাথানপাৰাত ৰহস্যজনক পৰিস্থিতিত এটা পৰিয়ালৰ পাঁচগৰাকী সদস্যৰ মৃতদেহ উদ্ধাৰ ।

death
Tragic incident at Thiruvananthapuram:তিৰুৱন্তপুৰমত উদ্ধাৰ এটা পৰিয়ালৰ পাঁচগৰাকী সদস্যৰ মৃতদেহ
author img

By

Published : Jul 2, 2022, 2:15 PM IST

নেচনেল ডেস্ক, ২জুলাই: কেৰালাৰ তিৰুৱন্তপুৰম জিলাত অঘটন (Tragic incident at Thiruvananthapuram)। তিৰুৱন্তপুৰম জিলাৰ কাল্লাম্বালামৰ ওচৰৰ চাথানপাৰাত শনিবাৰে এটা পৰিয়ালৰ পাঁচগৰাকী সদস্যৰ ৰহস্যজনক পৰিস্থিতিত মৃত অৱস্থাত উদ্ধাৰ হৈছে (Five members of a family in kerala found dead)। মণিকুট্টান নামৰ লোকজনৰ পৰিয়ালৰ আটাইকেইগৰাকী সদস্য়ৰ মৃতদেহ এইদৰে উদ্ধাৰ হোৱাক লৈ জিলাখনত চাঞ্চল্য়ৰ সৃষ্টি হৈছে । এই ঘটনাৰ বিষয়ে জানিব পাৰি স্থানীয় কাল্লাম্বালাম আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় ।

মৃতসকলক মণিকুট্টান, তেওঁৰ পত্নী সন্ধ্যা, তেওঁলোকৰ কন্য়া অমেয়া আৰু পুত্ৰ অজিশ, সন্ধ্যাৰ মাতৃৰ ভগ্নী দেৱকী বুলি চিনাক্ত কৰা হৈছে । আৰক্ষীয়ে সদৰি কৰা অনুসৰি, মণিকুট্টানক এটা কোঠাত ওলমি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছে । আনহাতে,পৰিয়ালটোৰ আনসকলে বিহ সেৱন কৰা বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ ।

উল্লেখ্য় যে মণিকুট্টনে চাথানপাৰাত এখন সৰু দোকান দি পৰিয়লটোক পোহপাল দি আছিল । ইপিনে, চুবুৰীয়াসকলে কয় যে পৰিয়ালটোৰ বহুত ঋণ আছিল । দুদিন পূৰ্বে পঞ্চায়ত বিষয়াসকলে মণিকুট্টানৰ দোকান বন্ধ কৰিবলৈ নিৰ্দেশ দিছিল । ইয়াৰ পিছত দোকানখন দুদিনৰ বাবে বন্ধ আছিল । তেতিয়াৰে পৰা তেওঁ হতাশাগ্ৰস্ত অৱস্থাত আছিল । আনহাতে,অধিক ঋণৰ বাবেই পৰিয়ালটোৱে এই চৰম পদক্ষেপ লোৱাৰ কাৰণ হ'ব পাৰে বুলি আৰক্ষীয়ে কয়।ইতিমধ্য়ে কাল্লাম্বালাম আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ১৭৪ (অপ্ৰাকৃতিক মৃত্যু) অনুসৰি এটা গোচৰ ৰুজু কৰিছে( Kallambalam police registered case )।

লগতে পঢ়ক: etv comment image Thumbnail image পাকিস্তানত বন্দী হৈ থকা 539 জন ভাৰতীয়ক মুকলি কৰি দিয়াৰ আহ্বান ভাৰত চৰকাৰৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.