ETV Bharat / bharat

মণিপুৰত উগ্ৰপন্থীৰ আক্ৰমণ : নিহত ৫

শেহতীয়াকৈ মণিপুৰত উগ্ৰপন্থীৰ কাৰ্য-কলাপ বৃদ্ধি পাইছে । উগ্ৰপন্থীৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীৰ অভিযান অব্যাহত থকাৰ মাজতে পুনৰ লোমহৰ্ষক ঘটনা । এইবাৰ সাধাৰণ গঞাৰ ওপৰত আক্ৰমণ উগ্ৰপন্থীৰ ।

author img

By

Published : Oct 13, 2021, 11:48 AM IST

militant
মণিপুৰত উগ্ৰপন্থীৰ আক্ৰমণ

নেশ্যনেল ডেস্ক, ১৩ অক্টোবৰ : মণিপুৰৰ কাংপোকপি জিলাত উত্তেজনা অব্যাহত আছে । এইবাৰ উগ্ৰপন্থীৰ হাতত নিহত জিলাখনৰ বি গামনম গাঁৱৰ ৫ গৰাকী নিৰীহ লোক । মঙলবাৰে একাংশ লোকক লক্ষ্য কৰি উগ্ৰপন্থীয়ে গুলীচালনা কৰাৰ ফলত এই পাঁচগৰাকীকৈ লোকৰ মৃত্যু হয় । আৰক্ষী মহাপৰিদৰ্শক (IGP) লুনচেইহ কিপগেনে জনোৱা মতে এতিয়ালৈকে তিনিগৰাকী লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু দুজনৰ মৃতদেহ এতিয়াও উদ্ধাৰ কৰিব পৰা নাই ।

এই গুলীচালনাৰ আঁৰত কুকি উগ্ৰপন্থী (Kuki militant) সংগঠন জড়িত থকাৰ সন্দেহ কৰা হৈছে । জানিব পৰা মতে সুৰক্ষা বাহিনীৰ হাতত নিহত হৈছিল দুজনকৈ উগ্ৰপন্থী । যেতিয়া উগ্ৰপন্থী কেইটাৰ অন্ত্যেষ্টিক্ৰিয়াৰ আয়োজন কৰা হৈছিল তেতিয়া গাঁৱখনৰ বহু লোক সমবেত হৈছিল ।

সেই সময়তে প্ৰতিশোধস্বৰূপে উগ্ৰপন্থীয়ে ৰাইজক উদ্দেশ্যি গুলীচালনা কৰে । গুলীচালনাৰ পাছতে বি গামনম গাঁৱৰ পৰা নিকটতম গাঁৱলৈ লোকসকল পলাই যোৱা বুলি খবৰ পোৱা গৈছে ।

ঘটনাৰ পাছতে পূৱ ইম্ফল আৰক্ষীৰ কমাণ্ডো দল (Imphal East police commando), বিশেষ কমাণ্ডো (Special Command), থৌবাল আৰক্ষী কমাণ্ডো আৰু জ'ন-৩ ৰ আৰক্ষী মহাপৰিদৰ্শক লুনচেইহ কিপগেন, উপ মহাপৰিদৰ্শক (DIG) থেমথিং, পূৱ ইম্ফলৰ আৰক্ষী অধীক্ষক (SP) এন হেৰোজিতৰ নেতত্বত অসম ৰাইফলছৰ যুটীয়া বাহিনীয়ে বি গামনম গাঁৱত উপস্থিত হৈ এক অভিযান আৰম্ভ কৰে ।

উল্লেখ্য যে, যোৱা ৯ অক্টোবৰত ভাৰতীয় সেনাই স্পিয়াৰ কৰ্পৰ অধীনত অসম ৰাইফলছৰ নিৰাপত্তা বাহিনীয়ে কাংপোকপি জিলাত এক যুটীয়া অভিযান চলাইছিল । বহু সময় ধৰি অঞ্চলটো ঘেৰাও কৰি ৰাখিছিল অভিযানকাৰী দলটোৱে । তাৰ পাছত ১০ অক্টোবৰত গুলীচালনা আৰম্ভ হৈছিল । এই অভিযানটোত মণিপুৰৰ হিংগোজাং গাঁৱত চাৰিটা উগ্ৰহপন্থী নিহত হয় ।

লগতে পঢ়ক : অনলাইন প্লেটফৰ্মত বিক্ৰেতাৰ সকলো তথ্য প্ৰদৰ্শন কৰাটো বাধ্যতামূলক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.