ETV Bharat / bharat

ঋণ পৰিশোধ কৰিব নোৱাৰি অন্ধ্ৰপ্ৰদেশত কৃষকৰ আত্মহত্যা

author img

By

Published : Sep 4, 2022, 4:41 PM IST

দেশত পুনৰ কৃষকৰ আত্মহত্যাৰ ঘটনা । এইবাৰ অন্ধ্ৰপ্ৰদেশত ৫ গৰাকী কৃষকে বাছি ল'লে আত্মহত্যাৰ পথ (Farmers committed suicide)। ঋণ পৰিশোধ কৰিব নোৱাৰাৰ বাবেই আত্মহত্যা কৃষককেইজনৰ । সংকটজনক অৱস্থাত চিকিৎসাধীন পালনাডু জিলাৰ এজন কৃষকৰ পত্নী ।

farmers committed suicide
ঋণ পৰিশোধ কৰিব নোৱাৰি অন্ধ্ৰপ্ৰদেশত কৃষকৰ আত্মহত্যা

নেশ্যনেল ডেস্ক,৪ ছেপ্টেম্বৰ : দেশত কৃষকৰ আত্মহত্যাৰ ঘটনা কোনো নতুন কথা নহয় । প্ৰতিবছৰে দেশৰ বহু দৰিদ্ৰ কৃষকে আত্মহত্যা কৰা দেখা যায় (Farmers suicide case)। এইবাৰ অন্ধ্ৰপ্ৰদেশত আত্মহত্যা কৰিলে চাৰিগৰাকী কৃষকে (Farmers committed suicide in Andhra Pradesh)। ঋণ পৰিশোধ কৰিব নোৱাৰি মৃত্যুৰ দৰে অন্তিম পথ বাছি ল'লে কৃষককেইজনে । আনহাতে এক কৃষক দম্পতীয়েও আত্মহত্যাৰ চেষ্টা কৰে যদিও স্বামীৰ মৃত্যু হয় । পত্নীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ।

আনহাতে আত্মহত্যা কৰা পাঁচজন কৃষকৰ ভিতৰত চাৰিজনে ৰয়ালসীমা অঞ্চলৰ । ইয়াৰে দুগৰাকী কৃষক নন্দ্যাল জিলাৰ, এজন ৱাইএছআৰ আৰু আনজন শ্ৰী সত্যচাই জিলাৰ । বাকী আন এজন কৃষক পালনাডুৰ বুলি জানিব পৰা গৈছে ।

আত্মহত্যা কৰা ৱাইএছআৰ জিলাৰ মালেগুদিপাডু গাঁৱৰ কৃষক ৫৫ বছৰীয়া পুল্লাচেৰুভু কোণ্ডাৰেড্ডীয়ে পাঁচ একৰ ভূমিত ধান আৰু কপাহ খেতি কৰিছিল । পাঁচ বছৰ ধৰি তেওঁ লোকচানৰ সন্মুখীন হৈছে । ফলস্বৰূপে, তেওঁ বেংকত মাটি বন্ধকত থৈ ৩.৫ লাখ টকা ধাৰ লৈছিল আৰু তেওঁৰ পৰিচিত একাংশ লোকৰ পৰাও ৭ লাখ টকা ধাৰ লৈছিল । কিন্তু এই ঋণ পৰিশোধ কৰিব নোৱাৰাত কৃষকগৰাকী সমস্যাত পৰিছিল । যাৰ বাবে পৰিয়ালটোৱে উপায়ন্তৰ হৈ কীটনাশক দ্ৰব্য সেৱন কৰিছিল । তিৰুপতিৰ চুইমছ চিকিৎসালয়ত ভৰ্তি হৈ থকা সময়তে শুকুৰবাৰে নিশা তেওঁৰ মৃত্যু হয় ।

একেদৰে শ্ৰীসত্যসাই জিলাৰ গুড়িবন্দা মণ্ডলৰ কৃষক নৰসিমহাপ্পাইও একেটা কাৰণতে আত্মহত্যাৰ পথ বাছি লয় । কৃষকগৰাকীৰ পত্নী, পুত্ৰ আৰু কন্যা আছে । কন্যাৰ বিয়া হোৱাৰ বয়স আনহাতে পুত্ৰই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ যদিও আৰ্থিক অসুবিধাৰ বাবে পুত্ৰই স্নাতক সম্পূৰ্ণ কৰিব পৰা নাই ।

দুবছৰৰ বাবে, কৃষকজনে দুই একৰ মাটি লীজত লৈছিল আৰু তেওঁলোকে কপাহ খেতি কৰিছিল । কিন্তু তেওঁ লোকচানৰ সন্মুখীন হৈছিল । যাৰ বাবে তেওঁ ৫ লাখ টকাৰ ঋণৰ বোজা ল'বলগা হৈছিল । শুকুৰবাৰে, ঘৰত পৰিয়ালৰ আন সদস্যসকল নথকাৰ সুযোগ লৈ ঋণগ্ৰস্ত কৃষকগৰাকীয়ে কীটনাশক দ্ৰব্য সেৱন কৰি মৃত্যুৰ পথ বাছি লয় ।

আনহাতে নন্দ্যাল জিলাৰ কৃষক শ্ৰীহৰি আৰু তেওঁৰ পত্নীয়েও আত্মহত্যাৰ চেষ্টা কৰে । শ্ৰীহৰিয়ে তেওঁৰ চাৰি একৰ ভূমিত বিভিন্ন ধৰণৰ শস্যৰ খেতি কৰিছিল । তিনি বছৰ ধৰি কোনো উৎপাদন নোহোৱা বাবে তেওঁ ৭.৫০ লাখ টকালৈকে ধাৰ ল'ব লগা হৈছিল । ঋণ পৰিশোধ কৰিবলৈ যোৱা বছৰ নাল্লাবালি গাঁৱৰ সমীপত তেওঁ পুনৰ এখন নাৰ্চাৰী স্থাপন কৰিছিল । যাৰ বাবে, বেংকৰ পৰা পুনৰ ৭.৫০ লাখ টকাৰ আন এটা ঋণ লৈছিল ।

নাৰ্চাৰীত হোৱা লোকচানৰ বাবে তেওঁ ঋণৰ বোজা বৃদ্ধি পাইছিল । কিন্তু ঋণ পৰিশোধ কৰিবলৈ তেওঁলোকৰ হাতত একোৱে নাছিল । যাৰ বাবে মানসিকভাৱে ভাগি গৈছিল কৃষকৰ পৰিয়ালটো । অৱশেষত দম্পতীটোৱে মৃত্যুৰ চৰম পথ বাছি লয় । অৱশ্যে স্বামীৰ মৃত্যু হয় যদিও পত্নীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ।

একেখন জিলাতে গুভৱালাকুন্তলা গাঁৱৰ মাণ্ডা ভেঙ্কটেশ্বৰ ৰেড্ডী নামৰ কৃষকজনেও ঋণ পৰিশোধ কৰিব নোৱাৰি আত্মহত্যা কৰে । পালনাডু জিলাৰ অপ্পিচাৰ্লাৰ আন এজন কৃষক নেলাপতি ভেঙ্কটেশ্বৰলুৱে প্ৰায় ৯.৭০ একৰ মাটি লীজত লৈছিল । ইয়াৰ বাবে তেওঁ ১০ লাখ টকাৰ ঋণ লৈছিল ।

কিন্তু সঠিক উৎপাদন নোহোৱাৰ বাবে তেওঁ লোকচানৰ সন্মুখীন হয় । যাৰ ফলস্বৰূপে চিপ লৈ আত্মহত্যা কৰে কৃষকজনে । কৃষকৰ আত্মহত্যাৰ খবৰ প্ৰকাশ হোৱাৰ লগে লগে সমগ্ৰ ৰাজ্যখনতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । আনকি চৰকাৰে কৃষি আৰু কৃষকৰ উন্নয়নত কোনো পদক্ষেপ গ্ৰহণ নকৰাৰো অভিযোগ কৰিছে বহুতে ।

লগতে পঢ়ক :বাংলাদেশৰ ওপৰত ১ নিযুতৰো অধিক ৰোহিংগীয়া শৰণাৰ্থীৰ বোজা : শ্বেখ হাছিনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.