ETV Bharat / bharat

নিৰ্যাতনৰ সন্মুখীন কেৰালাৰ প্ৰথমগৰাকী তৃতীয় লিংগৰ প্ৰাৰ্থী...

author img

By

Published : Apr 4, 2021, 1:26 PM IST

মালপুৰম জিলাৰ ভেংগাৰা সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা অনন্যা কুমাৰী এলেক্সে তেওঁৰ দল ডিএছজেপিৰ একাংশ নেতাৰ বিৰুদ্ধে যৌন উৎপীড়নৰ অভিযোগ তোলে । প্ৰথমগৰাকী তৃতীয় লিংগৰ প্ৰাৰ্থী এলেক্সে নেতাসকলৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছে ।

নিৰ্যাতনৰ সন্মুখীন কেৰালাৰ প্ৰথমগৰাকী তৃতীয় লিংগৰ প্ৰাৰ্থী..!

নেশ্যনেল ডেস্ক,4 এপ্ৰিল: ৬ এপ্ৰিলত অনুষ্ঠিত হব কেৰালাৰ বিধানসভা নিৰ্বাচন । ৰাজ্যৰ চাৰিওফালে প্ৰচাৰ অব্যাহত থকাৰ মাজতে কেৰালা বিধানসভা নিৰ্বাচনত প্ৰথমবাৰলৈ প্ৰতিদ্বন্দ্বিতাৰ বাবে মনোনয়ন দাখিল কৰা তৃতীয় লিংগৰ প্ৰাৰ্থী অনন্যা কুমাৰী এলেক্সে মনোনয়ন প্ৰত্যাহাৰৰ সিদ্ধান্ত লৈছে । প্ৰথমবাৰলৈ এগৰাকী তৃতীয় লিংগৰ ব্যক্তি হিচাপে কেৰালাৰ ডেমক্ৰেটিক চছিয়েল জাষ্টিচ পাৰ্টীৰ (ডিএছজেপি) পৰা মনোনয়ন দাখিল কৰিছিল এলেক্সে । কিন্তু নিজ দলৰে একাংশ লোকৰ পৰা লাঞ্ছনা, লিংগ বৈষম্য আৰু যৌন নিৰ্যাতনৰ সন্মুখীন হোৱাৰ অভিযোগ তুলি শনিবাৰে মনোনয়ন প্ৰত্যাহাৰ কৰা কথা উল্লেখ কৰে এলেক্সে ।

মালপুৰম জিলাৰ ভেংগাৰা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব বিচৰা প্ৰাৰ্থীগৰাকীয়ে তেওঁৰ দলটোৰ বিৰুদ্ধে বিভিন্ন অভিযোগ সংবাদ মাধ্যমক অৱগত কৰে । দলটোৰ যিসকলে তেওঁক শাৰীৰিক বা যৌন উৎপীড়নৰ চেষ্টা চলাইছে তেওঁলোকৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে বুলিও উল্লেখ কৰে প্ৰাৰ্থীগৰাকীয়ে । আনহাতে ডিএছজেপি দলে অধিক প্ৰচাৰৰ বাবে তেওঁক ব্যৱহাৰ কৰাৰো অভিযোগ তুলিছে ।

এলেক্সৰ অভিযোগ অনুসৰি দলৰ নেতাসকলে তেওঁৰ প্ৰতিদ্বন্দ্বী ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগৰ (আইইউএমএল) প্ৰাৰ্থী তথা প্ৰাক্তন সাংসদ পি কে কুনালিকুট্টিৰ বিৰুদ্ধে বিভিন্ন কটু মন্তব্য দিবলৈ বাধ্য কৰিছিল । বৰ্তমানৰ চৰকাৰৰ বিৰুদ্ধে বিভিন্ন কথা কবলৈ বাধ্য কৰিছিল লগতে তেওঁক 'পৰ্দা বা বোৰ্খা' পিন্ধি প্ৰচাৰ চলাবলৈ বাধ্য কৰিছিল । কিন্তু এলেক্সে অস্বীকাৰ কৰাত দলৰ একাংশ নেতাই জীৱন ধ্বংস কৰাৰ ভাবুকি প্ৰদান কৰা বুলিও অভিযোগ তুলিছে ।

ইয়াৰ পিছতে এলেক্সে কেৰালাৰ জন সাধাৰণক ডিএছজেপি দলক ভোট নিদিবলৈ আহ্বান জনায় । এলেক্সৰ মতে তেওঁ এতিয়া ডিএছজেপিৰ অংশ নহয় । আনুষ্ঠানিকভাৱে দলৰ প্ৰাৰ্থী নহয় এলেক্স । ভেংগাৰা সমষ্টিত প্ৰচাৰ বন্ধ কৰা বুলি ঘোষণা কৰি তেওঁ কয় যে যৌন নিৰ্যাতন, মৌখিক নিৰ্যাতনৰ সন্মুখীন হৈ সম্প্ৰতি তেওঁৰ স্বাস্থ্য ভাল পৰিস্থিতিত নাই । এলেক্স আশা কৰিছে যে তেওঁ অতি শীঘ্ৰে ন্যায় পাব । ইফালে ২৮ বছৰীয়া এলেক্সে নিৰ্বাচনী প্ৰচাৰ সমাপ্ত কৰিছে যদিও মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ইতিমধ্যে পাৰ হৈ গৈছে ।

লগতে পঢ়ক: পশ্চিমবংগৰ তিনি আৰক্ষী বিষয়াক বদলীকৰণৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.