ETV Bharat / bharat

শুকুৰবাৰৰ পৰা পুনৰ স্বাভাৱিকভাৱে শুনানি গ্ৰহণ উচ্চতম ন্যায়ালয়ৰ

author img

By

Published : Jul 31, 2021, 5:40 PM IST

১৬ মাহৰো অধিক সময় ধৰি ভাৰ্চুৱেল মাধ্যমেৰে শুনানি গ্ৰহণ কৰাৰ পাচত শুকুৰবাৰে প্ৰথমবাৰৰ বাবে স্বাভাৱিকভাৱে শুনানি গ্ৰহণ কৰিলে উচ্চতম ন্যায়ালয়ে । ২০২০ চনত লকডাউন আৰম্ভ হোৱাৰ সময়ৰে পৰা ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে উচ্চতম ন্যায়ালয়ে শুনানি গ্ৰহণ কৰি আহিছিল ।

Supreme Court had conducted its first physical hearing after a gap of more than 16 months
শুকুৰবাৰৰ পৰা পুনৰ স্বাভাৱিকভাৱে শুনানি গ্ৰহণ কৰিছে উচ্চতম ন্যায়ালয়ে

নেশ্যনেল ডেস্ক, ৩১ জুলাই: বিগত বৰ্ষত ক'ভিড-১৯ মহামাৰীৰ সংক্ৰমণ ৰোধৰ উপায় হিচাপে আন আন দেশৰ দৰে ভাৰততো লকডাউন ঘোষণা কৰা হৈছিল । তেতিয়াৰে পৰা উচ্চতম ন্যায়ালয়েও ভাৰ্চুৱেল মাধ্যমেৰে শুনানি গ্ৰহণ কৰি আহিছিল । সম্প্ৰতি ক'ভিড পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহাৰ বাবে পুনৰ পূৰ্বৰ দৰেই স্বাভাৱিকভাৱে আদালতৰ কাম-কাজ আৰম্ভ হৈছে । ১৬ মাহৰো অধিক সময় ধৰি ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে শুনানি গ্ৰহণ কৰাৰ পাচত শুকুৰবাৰে প্ৰথমবাৰৰ বাবে স্বাভাৱিকভাৱে শুনানি গ্ৰহণ কৰে উচ্চতম ন্যায়ালয়ে ।

এটা অপৰাধজনিত গোচৰ সন্দৰ্ভত এগৰাকী পৰামৰ্শদাতাই আদালতত শাৰীৰিকভাৱে উপস্থিত থাকিবলৈ সন্মত হোৱাৰ পাচত ন্যায়াধীশ এল নাগেশ্বৰ ৰাও আৰু ন্যায়াধীশ অনিৰুদ্ধ বসুৰ বিচাৰপীঠে শুনানি গ্ৰহণ কৰে । উল্লেখ্য যে, অধিবক্তা আৰু ন্যায়াধীশসকলক তেওঁলোকৰ বাসস্থান অথবা কাৰ্যালয়ৰ পৰা শুনানি প্ৰক্ৰিয়াত অংশ লৈ যুক্তি দৰ্শোৱাৰ বিকল্প দিয়া হৈছে । যোৱা বছৰ আদালতে ভাৰ্চুৱেল মাধ্যমেৰে শুনানি গ্ৰহণ কৰিছিল । আনকি ক'ভিড-১৯ মহামাৰীৰ সংক্ৰমণৰ বাবে আদালতৰ কৰ্মচাৰীসকলৰ উপস্থিতিৰ ক্ষেত্ৰতো কেতবোৰ বিশেষ নিৰ্দেশ দিয়া হৈছিল ।

যথেষ্ট সংখ্যক কৰ্মচাৰীৰ মহামাৰীত আক্ৰান্ত হোৱাৰ লগতে ক'ভিডৰে যুঁজি কেইবাগৰাকীও কৰ্মচাৰীয়ে প্ৰাণ হেৰুৱাইছিল । দ্বিতীয় ঢৌৰ সংক্ৰমণৰ সময়তো কেইবাজনো ন্যায়াধীশৰ দেহত কৰ'ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছিল ।

আৰম্ভণিতে কেৱল জৰুৰী গোচৰবোৰকহে বিচাৰৰ ক্ষেত্ৰত প্ৰাধান্য দিয়া হৈছিল । কিন্তু এতিয়া সকলো বিষয় তালিকাভুক্ত কৰা হৈছে । ইফালে, উচ্চতম ন্যায়ালয়ৰ ভাৰ্চুৱেল মাধ্যমেৰে গ্ৰহণ কৰা শুনানি 'বিদ্যো এপ'ৰ জৰিয়তে গ্ৰহণ কৰা হৈছে ।

চলিত বৰ্ষৰ আৰম্ভণিতে সাংবাদিকসকলৰ বাবেও উচ্চতম ন্যায়ালয়ৰ এপৰ জৰিয়তে শুনানিৰ বিষয়ে জনাৰ ব্যৱস্থা কৰা হৈছিল । আদালতত পুনৰ আগৰ দৰেই কাম-কাজ আৰম্ভ কৰাৰ সন্দৰ্ভত কেইবাবাৰো অনুৰোধ জনোৱা হৈছিল যদিও এই সন্দৰ্ভত কোনো সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাছিল । কিন্তু এতিয়া পৰিস্থিতি কিছু নিয়ন্ত্ৰিত হোৱা বাবে পুনৰ স্বাভাৱিকভাৱেই শুনানি গ্ৰহণ কৰিছে উচ্চতম ন্যায়ালয়ে ।

লগতে পঢ়ক:মনপ্ৰীত সিঙৰ বিৰুদ্ধে পৰিপূৰক অভিযোগ পত্ৰ দাখিল NIAৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.