ETV Bharat / bharat

Punjab Military Station Firing : পঞ্জাবৰ সামৰিক কেন্দ্ৰত গুলীবৰ্ষণত নিহত ৪

author img

By

Published : Apr 12, 2023, 11:30 AM IST

ছাউডাৰ্ণ ৱেষ্টাৰ্ণ কমাণ্ডে জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে বুধবাৰে পুৱা প্ৰায় ৪.৩৫ বজাত বাথিণ্ডা সামৰিক কেন্দ্ৰৰ ভিতৰত গুলীবৰ্ষণৰ শব্দ শুনা যায় (Punjab Military Station Firing) । এই গুলীচালনাত নিহত হয় ৪ গৰাকীকৈ লোকৰ ৷

Punjab Military Station Firing
Punjab Military Station Firing

নিউজ ডেস্ক, ১২ এপ্ৰিল : বুধবাৰে পুৱা পঞ্জাবৰ বাথিণ্ডা সামৰিক কেন্দ্ৰত সংঘটিত হয় এক গুলীচালনাৰ ঘটনা (firing at Bathinda Military Station Punjab) । এই ঘটনাত কমেও চাৰিজন লোক নিহত হয় (4 killed in military station firing in Punjab) । পুৱা প্ৰায় ৪.৩৫ বজাত বাথিণ্ডা সামৰিক কেন্দ্ৰৰ ভিতৰত এই গুলীচালনাৰ ঘটনাটো সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে ।

লগে লগে ষ্টেচন কুইক ৰিয়েকচন দলবোৰক সক্ৰিয় কৰা হয় । অঞ্চলটো ঘেৰাও কৰি ছীল কৰি দিয়া হয় । উল্লেখ্য, বাথিণ্ডা সামৰিক কেন্দ্ৰটো সেনাৰ দক্ষিণ-পশ্চিম কমাণ্ডৰ অধীনত আছে । দক্ষিণ-পশ্চিম কমাণ্ডৰ দ্বাৰা জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে বুধবাৰে পুৱা প্ৰায় ৪.৩৫ বজাত বাথিণ্ডা সামৰিক কেন্দ্ৰৰ ভিতৰত গুলীচালনাৰ শব্দ শুনা যায় (Punjab Military Station Firing) ।

এই সন্দৰ্ভত সেনাবাহিনীৰ তৰফৰ পৰা জাৰি কৰা বিবৃতি অনুসৰি, ঘটনাটোত চাৰিজন লোক হতাহত হোৱাৰ খবৰ পোৱা গৈছে । সেনাৰ দক্ষিণ-পশ্চিম কমাণ্ডে জনাইছে যে ষ্টেচনৰ কুইক ৰিয়েকচন দলসমূহ সক্ৰিয় কৰা হৈছে । ঘটনাস্থলী ছীল কৰি দিয়া হৈছে । অনুসন্ধান অভিযান চলি আছে । অৱশ্যে ঘটনাটোৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই । এজন ব্যক্তিয়ে গুলীচালনা কৰিছিল নে একাধিক ব্যক্তিয়ে, সেয়াও জানিব পৰা হোৱা নাই । অৱশ্যে সেনাই স্পষ্ট কৰি দিছে যে এয়া সন্ত্ৰাসবাদী ঘটনা নহয় ।

উল্লেখ্য, বাথিণ্ডা মিলিটাৰী ষ্টেচন হৈছে এটা মুখ্য সামৰিক কেন্দ্ৰ (Bathinda Military Station Punjab) । য'ত বৃহৎসংখ্যক সেনা জোৱানে তেওঁলোকৰ পৰিয়ালৰ সৈতে বাস কৰে । এই সামৰিক কেন্দ্ৰটো কৌশলগত দৃষ্টিকোণৰ পৰাও যথেষ্ট সমৃদ্ধ । বুধবাৰে পুৱতি নিশা সংঘটিত গুলীচালনাৰ সন্দৰ্ভত অধিক বিৱৰণৰ বাবে অপেক্ষা কৰা হৈছে । সেনাৰ দক্ষিণ-পশ্চিম কমাণ্ডে কৈছে যে শীঘ্ৰেই এই বিষয়ত অধিক তথ্য দিয়া হ'ব ।

লগতে পঢ়ক :Airstrike on Myanmar Village : ম্যানমাৰৰ গাঁৱত বিমান আক্ৰমণত নিহত শতাধিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.