ETV Bharat / bharat

দুখনকৈ ৰে’লৰ অগ্নিকাণ্ডৰ ঘটনাৰ তদন্ত চলাব ৰে’ল বিভাগে

author img

By ETV Bharat Assamese Team

Published : Nov 18, 2023, 9:38 AM IST

48 ঘণ্টাৰ পাছত ৰে’লৱে ছেফটি ব’ৰ্ডৰ মুখ্য সুৰক্ষা আয়ুক্ত জগন কুমাৰ গাৰ্গ উপস্থিত হয় ইটাৱাৰ বৈশালী এক্সপ্ৰেছকে ধৰি দুখন ৰে’লত অগ্নিকাণ্ড সংঘটিত হোৱা ঘটনাস্থলীত । ক্ষতিগ্ৰস্ত ডবাবোৰ নিৰীক্ষণ কৰাৰ লগতে ৰে’লৱে কৰ্মচাৰীৰ বক্তব্যও লিপিৱদ্ধ কৰা হ’ব বুলি জানিব পৰা গৈছে । প্ৰয়াগৰাজৰ সংমণ্ডল ৰেলৱে পৰিচালক হিমাংশু বুডানীও উপস্থিত হৈছে ঘটনাস্থলীত ৷

Fire in two trains
দুখনকৈ ৰে’লৰ অগ্নিকাণ্ডৰ ঘটনাৰ তদন্ত চলাব ৰে’ল বিভাগে

নেশ্যনেল ডেস্ক, 18 নৱেম্বৰ: দুদিন পূৰ্বে নতুন দিল্লী দৰভংগা ক্ল’ন এক্সপ্ৰেছ আৰু বৈশালী এক্সপ্ৰেছত সংঘটিত অগ্নিকাণ্ডৰ ঘটনাৰ তদন্তৰ বাবে শুকুৰবাৰে পুৱা স্বৰ্ণ শতাব্দী এক্সপ্ৰেছেৰে ইটাৱাত উপস্থিত হয় মুখ্য সুৰক্ষা আয়ুক্ত জে কে গাৰ্গ আৰু প্ৰয়াগৰাজৰ সংমণ্ডল ৰেলৱে পৰিচালক হিমাংশু বুডানী । দুয়োজন বিষয়াই তেওঁলোকৰ দলৰ সৈতে অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত হোৱা ডবাবোৰ পৰিদৰ্শন কৰে । পৰিদৰ্শনৰ অন্তত বিষয়াসকলে ষ্টেচনত বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয় । বৈঠকৰ অন্তত প্ৰয়াগৰাজৰ দলৰ সৈতে চি আৰ এছ আৰু ডি আৰ এম ছাইফাই মিনি পি জি আইলৈ আহতসকলৰ অৱস্থাৰ বিষয়ে জানিবলৈ ৰাওনা হয় । এই দুৰ্ঘটনাসমূহৰ তদন্তৰ সমান্তৰালকৈ ৰে’ল কৰ্মচাৰীৰ বক্তব্যও লোৱা হ’ব বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে, দুদিন পূৰ্বে অৰ্থাৎ বুধবাৰে নতুন দিল্লীৰ পৰা ইটাৱাৰ দৰভঙালৈ গৈ থকাৰ সময়তে নতুন দিল্লী দৰভংগা ক্ল’ন এক্সপ্ৰেছৰ এছ 1 ডবাত সংঘটিত হোৱা অগ্নিকাণ্ডৰ কাৰণ জানিবলৈ সংস্থাসমূহৰ সৈতে CRS অৰ্থাৎ সুৰক্ষা সম্বন্ধীয় তদন্ত সমিতি গঠন কৰা হয় । শুকুৰবাৰে ঘটনা সংঘটিত হোৱাৰ 48 ঘণ্টাৰ পাছত ৰে’লৱে ছেফটিয়ে ব’ৰ্ডৰ মুখ্য সুৰক্ষা আয়ুক্ত জগন কুমাৰ গাৰ্গ ঘটনাস্থলীত উপস্থিত হৈ ক্ষতিগ্ৰস্ত ডবাসমূহ পৰিদৰ্শন কৰে ।

বৈঠক আৰু আহতসকলৰ অৱস্থাৰ বুজ লোৱাৰ পাছতে দুয়োজন বিষয়াই ৰেল ষ্টেচনৰ অধীক্ষক, চকীদাৰ, চালক, অভিযন্তা, বিদ্যুৎ বিভাগৰ কৰ্মচাৰী, আৰ পি এফ, জি আৰ পিক জেৰা চলাব বুলি জানিব পৰা গৈছে । এই সন্দৰ্ভত মুখ্য সুৰক্ষা আয়ুক্ত জে কে গাৰ্গে কয়, "দিল্লীৰ পৰা দৰভংগালৈ যোৱা হামছফৰ এক্সপ্ৰেছত সংঘটিত হোৱা অগ্নিকাণ্ডৰ তদন্ত চলি আছে, তদন্ত সম্পূৰ্ণ নোহোৱালৈকে একো কোৱা সম্ভৱ নহয় ।"

লগতে পঢ়ক: Fire breaks out in Humsafar Express: হামচফৰ এক্সপ্ৰেছত অগ্নিকাণ্ড; যাত্ৰীৰ মাজত হাহাকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.