নেশ্য়নেল ডেস্ক, ২৮জানুৱাৰী: ঝাৰখণ্ডৰ ধানবাদ বেংক ম'ৰ আৰক্ষী থানা এলেকাত সংঘটিত হৈছে এক শোকাৱহ ঘটনা (Fire in Hospital at Dhanbad)। ধানবাদৰ টেলিফোন এক্সচেঞ্জ ৰোডত থকা হাজৰা ক্লিনিক আৰু চিকিৎসালয়ত সংঘটিত হৈছে এই শোকাৱহ ঘটনাটো (Fire in Telephone Exchange Road in Dhanbad)। শুক্ৰবাৰে নিশা ২ বজাত হাজৰা ক্লিনিকত সংঘটিত এক ভয়াৱহ অগ্নিকাণ্ডত চিকিৎসক দম্পতীসহ পাঁচগৰাকী লোকৰ মৃত্যু হৈছে । এই অগ্নিকাণ্ডৰ খবৰ পোৱাৰ লগে লগে আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় ।
তথ্য অনুসৰি, হাজৰা চিকিৎসালয় চৌহদতে চিকিৎসক দম্পতী বিকাশ হাজৰা আৰু প্ৰেমা হাজাৰাৰ বাসস্থানো আছে (5 person died in fire at Dhanbad )। দুয়োগৰাকী চিকিৎসকে এই চিকিৎসালয়খনতেই বাস কৰি আহিছিল । উল্লেখ্য় যে এই চিকিৎসালয় আৰু তেওঁলোকৰ বাসস্থানৰ মাজত এটা ক'ৰিডৰ আছে । এই ক'ৰিডৰটো চিকিৎসালয়ৰ পৰা তেওঁলোকৰ বাসস্থানলৈ যাত্ৰা কৰাৰ বাবে নিৰ্মাণ কৰা হৈছিল । দুয়োগৰাকীয়ে এই ক'ৰিডৰ মাজেৰেই চিকিৎসালয়লৈ অহা-যোৱা কৰে । এই ক'ৰিডৰ সমীপতেই যোৱা নিশা হঠাতে অগ্নিকাণ্ডৰ সূত্ৰপাত হয় । অগ্নিকাণ্ডই ক'ৰিডৰটো আগুৰি ধৰাৰ পিছত বিকাশ হাজাৰা আৰু প্ৰেমা হাজাৰাৰ বাসগৃহলৈও সম্প্ৰসাৰিত হয় । ক'ৰিডৰ আৰু তেওঁলোকৰ বাসগৃহ সম্পূৰ্ণৰূপে জুই আৰু ধোঁৱাই আগুৰি ধৰাত চিকিৎসক দম্পতীয়ে শ্বাসৰুদ্ধ হৈ মৃত্যু মুখত পৰে ।
সূত্ৰ অনুসৰি, এই ক'ৰিডৰৰ পৰা চিকিৎসালয়ত প্ৰৱেশ কৰাৰ পথটো সেই সময়ত বন্ধ আছিল । হঠাতে এটা প্ৰচণ্ড শব্দ হোৱাৰ পিছতেই চিকিৎসালয়খনৰ দ্বিতীয় মহলাত অগ্নিকাণ্ডৰ সূত্ৰপাত হয় । চিকিৎসালয়ৰ কৰ্মচাৰীসকলে এই সন্দৰ্ভয় কয় যে চিকিৎসালয়খনত অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছতেই জুই চাৰিওফালে বিয়পি পৰাত কোনো লোকে উৱাদিহ পোৱা নাছিল । সেই সময়ত ৰোগীৰ লগতে তেওঁলোকৰ আত্মীয়সকলৰ উপৰি নাৰ্ছ আৰু কৰ্মচাৰীসকল চিকিৎসালয়ত উপস্থিত আছিল । ইপিনে, শ্বাসৰুদ্ধ হোৱাৰ ফলত আন তিনিগৰাকী লোকৰ মৃত্যু হয় বুলি চিকিৎসালয় সূত্ৰই সদৰি কৰিছে ।
এই ভয়াৱহ ঘটনাটোৰ বিষয়ে অৱগত কৰাৰ পিছতেই অগ্নি নিৰ্বাপক বাহিনীৰ এটা বৃহৎ দল ঘটনাস্থলীত উপস্থিত হয় । ৮ খন অগ্নি নিৰ্বাপক বাহিনীৰ বাহন ঘটনাস্থলীত উপস্থিত হৈ বহু সময়ৰ পিছত জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় । চিকিৎসালয় সূত্ৰই সদৰি কৰা অনুসৰি এই দুৰ্ঘটনাটোত সকলো ৰোগী সুৰক্ষিত হৈ আছে ।
লগতে পঢ়ক:G 20 conference connect programme: G 20 সন্মিলনৰ সৈতে সংগতি ৰাখি ধেমাজিত বক্তৃতা প্ৰতিযোগিতাৰ আয়োজন