ETV Bharat / bharat

ভূপালৰ চৰকাৰী শিশু চিকিৎসালয়ত অগ্নিকাণ্ড : ৪ নৱজাতকৰ মৃত্যু - চিকিৎসা শিক্ষা মন্ত্ৰী বিশ্বাস সাৰং

মধ্য প্ৰদেশৰ ভূপালৰ চৰকাৰী কমলা নেহৰু শিশু চিকিৎসালয়ত ভয়াৱহ অগ্নিকাণ্ড । কৰুণ মৃত্যুক সাৱটিলে ৪ টাকৈ দেৱশিশুৱে । সোমবাৰে নিশা চিকিৎসালয়খনৰ তৃতীয় মহলাত অগ্নিকাণ্ড সংঘটিত হয় । ঘটনা সন্দৰ্ভত উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিলে মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে(Shivraj Singh Chouhan) ।

Massive fire at Government Children's Hospital in Bhopal
ভূপালৰ চৰকাৰী শিশু চিকিৎসালয়ত অগ্নিকাণ্ড
author img

By

Published : Nov 9, 2021, 12:20 PM IST

নেশ্যনেল ডেস্ক, ৯ নৱেম্বৰ : মধ্য প্ৰদেশৰ ৰাজধানী ভূপালৰ কমলা নেহৰু শিশু চিকিৎসালয়ত সংঘটিত বিধ্বংসী অগ্নিকাণ্ডত চাৰিটাকৈ নৱজাতকে প্ৰাণ হেৰুওৱা ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে(Shivraj Singh Chouhan) । চিকিৎসালয়খনৰ শিশু ৱাৰ্ডত অগ্নিকাণ্ড সংঘটিত হোৱা ঘটনাক দুখজনক আখ্যা দি তেওঁ কয় যে, এই ঘটনা সন্দৰ্ভত উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে । স্বাস্থ্য আৰু চিকিৎসা শিক্ষাৰ অতিৰিক্ত মুখ্য সচিব মহম্মদ চুলেমানৰ নেতৃত্বত তদন্ত প্ৰক্ৰিয়া চলিব । সোমবাৰে নিশা ভূপালৰ চৰকাৰী কমলা নেহৰু শিশু চিকিৎসালয়ৰ তৃতীয় মহলাত অগ্নিকাণ্ড সংঘটিত হয় ।

  • अस्पताल के चाइल्ड वार्ड में आग की घटना बेहद दुखद है। बचाव कार्य तेजी से हुआ, आग पर काबू पा लिया गया, लेकिन दुर्भाग्यवश पहले से गंभीर रूप से बीमार होने पर भर्ती तीन बच्चों को नहीं बचाया जा सका।

    — Shivraj Singh Chouhan (@ChouhanShivraj) November 8, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

এই সন্দৰ্ভত চিকিৎসা শিক্ষা মন্ত্ৰী বিশ্বাস সাৰঙে কয় যে, জুই লগাৰ সময়ত ৱাৰ্ডটোত ৪০ টা শিশু আছিল আৰু ইয়াৰ ভিতৰত ৩৬ টা শিশু বৰ্তমান সুৰক্ষিত অৱস্থাত আছে । ৪ টা নৱজাতকৰ প্ৰাণ কাঢ়িলে বিধ্বংসী অগ্নিকাণ্ডই । মৃতকৰ অভিভাৱকলৈ ৪ লাখ টকাৰ অনুদান আগবঢ়োৱা হ'ব বুলিও তেওঁ জানিবলৈ দিয়ে । আনহাতে, অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগে লগে চিকিৎসালয়ৰ বাহিৰে-ভিতৰে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ।

চিকিৎসাধীন হৈ থকা শিশুৰ পৰিয়ালে নিজৰ নিজৰ শিশুসকলক বিচাৰি হাহাকাৰ কৰে । ফতেহগড় অগ্নি নিৰ্বাপক কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া জুবেইৰ খানে জনোৱা মতে, সোমবাৰে নিশা প্ৰায় ৯ বজাত চিকিৎসালয়খনৰ তৃতীয় মহলাত জুইৰ সূত্ৰপাত ঘটে । এই বিষয়ে তথ্য লাভ কৰাৰ পিছতে অগ্নি নিৰ্বাপক বাহিনীৰ প্ৰায় ২৪ খন গাড়ী ঘটনাস্থলীত উপস্থিত হৈ জুই নুমুৱায় ।

শ্ব’ৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে ৷ আনহাতে, ৰুগীয়া শিশুৰ পৰিয়ালে অভিযোগ তোলে যে, অগ্নিকাণ্ডটো সংঘটিত হোৱাৰ সময়ত শিশুসকলক ৰক্ষা কৰাৰ পৰিৱৰ্তে চিকিৎসালয়ৰ কৰ্মচাৰীসকলে পলায়ন কৰিছিল ৷ প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, শ্ব’ৰ্ট চাৰ্কিটৰ ফলত ৱাৰ্ডত থকা এটা মেচিন জ্বলি যায় আৰু ইয়াৰ পাচতে জুইৰ লেলিহান শিখাই আগুৰি ধৰে ৱাৰ্ডটো ।

আৰক্ষীয়ে অভিভাৱকসকলক চিকিৎসালয়ত প্ৰৱেশত বাধা প্ৰদান কৰাত তেওঁলোক ক্ষোভিত হৈ পৰে । এতিয়াও ৬-১০ টা শিশুৰ অৱস্থা সংকটজনক হৈ আছে বুলি জানিব পৰা গৈছে । চিকিৎসালয় কৰ্তৃপক্ষৰ হেমাহিৰ ফলতে এনে ঘটনা সংঘটিত হোৱাৰ অভিযোগ তুলিছে একাংশই ।

প্ৰায় এমাহৰ আগতে হামিদিয়া হাস্পতালৰ নতুন ভৱনতো সংঘটিত হৈছিল অগ্নিকাণ্ড । এই ঘটনাৰ পিছতে স্বাস্থ্য বিভাগক উদ্দেশ্যি বিভিন্ন প্ৰশ্ন উত্থাপিত হৈছে ।

লগতে পঢ়ক: ভিন্ন ক্ষেত্ৰৰ 119 গৰাকী ব্যক্তিক এইবছৰৰ পদ্ম বঁটা প্ৰদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.