নেশ্যনেল ডেস্ক,৭ জুলাই : তেলেংগানাৰ যদাদৰী ভুৱনগিৰি জিলাত ভয়ংকৰ ঘটনা । চলন্ত ৰে'লতে লাগিল জুই । ফলকনুমা এক্সপ্ৰেছৰ কেইবাটাও ডবাত জুই লগাৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় । শ্বৰ্ট চাৰ্কিটৰ ফলতে ৰে'লখনত অগ্নিসংযোগৰ সন্দেহ কৰা হৈছে । ডাঠ ধোঁৱাই কেইবাটাও ডবা আঁৱৰি ধৰে ।
ঘটনাটো যদাদৰী ভুৱনগিৰি জিলাৰ পাগিদিপল্লী আৰু বোম্মাইপল্লীৰ মাজত সংঘটিত হৈছে । জানিব পৰা মতে শুকুৰবাৰে চেকেন্দ্ৰাবাদ অভিমুখী ফলকনুমা এক্সপ্ৰেছ ৰে'লখনৰ ৪ টা ডবালৈ জুই বিয়পি পৰাৰ ফলত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় । শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে । সৌভাগ্যক্ৰমে কোনো প্ৰাণহানি হোৱা নাই । কিয়নো ৰে'ল বিভাগৰ বিষয়াসকলে তাৎক্ষণিকভাৱে ৰে'লখন ৰখোৱাৰ ব্যৱস্থা কৰে আৰু যাত্ৰীসকলক স্থানান্তৰ কৰে । ডবাবোৰত জুই বিয়পি পৰাৰ পূৰ্বে যাত্ৰীসকলক তাৰ পৰা সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হয় । প্ৰতিবেদন অনুসৰি অগ্নিকাণ্ডৰ ফলত ৰে'লখনৰ ৪ টা ডবাৰ বিস্তৰ ক্ষতি হৈছে ।
ঘটনাটোৰ পাছতে ৰে'ল কৰ্তৃপক্ষ সেই স্থান উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে । শ্বৰ্ট চাৰ্কিটৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই । ফলকনুমা এক্সপ্ৰেছখনে হাওৰাৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল আৰু ইয়াৰ গন্তব্য স্থানত উপস্থিত হোৱাৰ ঠিক আগে আগে এই অগ্নিকাণ্ড সংঘটিত হয় । সমগ্ৰ ঘটনাক লৈ ৰে'ল বিভাগে তদন্ত অব্যাহত ৰাখিছে । ৰে'লৱেৰ জিএম অৰুণ কুমাৰ জৈন ঘটনাস্থলীত উপস্থিত হয় আৰু পৰিস্থিতিৰ বুজ লয় ।
ইয়াৰ পূৰ্বে ২৭ জুনত ঝাৰখণ্ডত গান্ধীধাম-হাওৰা গৰ্বা এক্সপ্ৰেছৰ ৰে'লখনতো জুইৰ সূত্ৰপাত হৈছিল । গয়া-ধানবাদ গ্ৰেণ্ড কোড লাইনৰ চেংৰো আৰু চৌধুৰীবন্ধ ৰে'ল ষ্টেচনৰ মাজত এই অগ্নিকাণ্ড সংঘটিত হৈছিল । অৱশ্যে সময়মতে জুই নিয়ন্ত্ৰণলৈ অনা হয় । গৰ্বা এক্সপ্ৰেছ পুৱা যাত্ৰা কৰাৰ সময়তে চৌধুৰী বন্ধৰ ট্ৰেক মেনজনে ৰে'লৰ চকাত জুই প্ৰত্যক্ষ কৰিছিল । ট্ৰেক মেনজনে লগে লগে ধানবাদ সুৰক্ষা নিয়ন্ত্ৰণক জনাইছিল । তথ্য লাভ কৰাৰ লগে লগে ৰে'লখন ৰখাই দিয়া হয় আৰু জুই নিৰ্বাপণ কৰা হয় ।
লগতে পঢ়ক :Chandrayaan 3 : ১৪ জুলাইত চন্দ্ৰযান-৩ৰ উৎক্ষেপণ, চন্দ্ৰযানৰ বিশেষত্ব কি ?