ETV Bharat / bharat

দিল্লীৰ এইমছ(Delhi AIIMS) ত ভয়াৱহ অগ্নিকাণ্ড

author img

By

Published : Jun 17, 2021, 8:22 AM IST

নতুন দিল্লীৰ এইমছ(Delhi AIIMS) ৰ কনভাৰ্জন ব্লকৰ নৱম মহলা(9th floor of conversion block)ত বুধবাৰে মাজনিশা অগ্নিকাণ্ড সংঘটিত হয় ৷ এই অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে ৷

fire-broke-out-at-aiims-delhi-in-under-control-after-one-and-a-half-hours-of-effort
দিল্লীৰ এইমছ (Delhi AIIMS)ত অগ্নিকাণ্ডৰ ঘটনা

নেশ্যনেল ডেস্ক, 17 জুন : বুধবাৰে মাজনিশা দিল্লীৰ এইমছ(Delhi AIIMS) ৰ কনভাৰ্জন ব্লকৰ নৱম মহলা(9th floor of conversion block) ত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ জুইৰ সূত্ৰপাত হোৱাৰ খবৰ লাভ লাভ কৰিয়ে তাৎক্ষণিকভাৱে ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হৈ ডেৰ ঘণ্টীয়া চেষ্টাৰ অন্তত জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ৷ ইফালে এইমছ কৰ্তৃপক্ষই জানিবলৈ দিয়া অনুসৰি, এই অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱা নাই ৷

এই জুই নিৰ্বাপন কৰিবলৈ অগ্নি নিৰ্বাপক বাহিনীৰ প্ৰায় 20 খন বাহন ঘটনাস্থলীত উপস্থিত হৈছিল ৷ সৌভাগ্যক্ৰমে জুইৰ সূত্ৰপাত হোৱা নৱম মহলাত কোনো ৰোগী নাছিল ৷ এইমছৰ ফালৰ পৰা জানিবলৈ দিয়া মতে, অগ্নিকাণ্ড সংঘটিত হোৱা মহলাটোত ডাইগ্ন’ষ্টিক গৱেষণাগাৰ আছিল ৷ অগ্নিকাণ্ডৰ লগে লগে গৱেষণাগাৰটোত কৰ্মৰত অৱস্থাত থকা স্বাস্থ্যকৰ্মীসকলক ততাতৈয়াকৈ উক্ত মহলাৰ পৰা সুৰক্ষিত অৱস্থাত উলিয়াই অনা হয় ৷ যাৰ ফলতে এই নিশ্চিত দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে বহু লোক ৷

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও দিল্লীৰ এইমছ(Delhi AIIMS) ত 2019 চনৰ 17 আগষ্টত অগ্নিকাণ্ড সংঘটিত হৈছিল ৷ সেই ঘটনাৰ চিন এতিয়াও এইমছৰ একাডেমীক ব্লকত বিদ্যমান ৷ উক্ত অগ্নিকাণ্ডত এইমছৰ কোটি কোটি টকাৰ অত্যাধুনিক গৱেষণাগাৰ জুইত ভষ্মীভূত হৈছিল ৷

লগতে পঢ়ক: উচ্চতম ন্যায়ালয়ত দ্বাদশ শ্ৰেণীৰ মূল্যায়ন প্ৰণালী দাখিল কৰিব CBSE য়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.