ETV Bharat / bharat

Fire at AIIMS Delhi : দিল্লীৰ এইমছত অগ্নিকাণ্ড; নিৰাপদে স্থানান্তৰ ৰোগীক

author img

By

Published : Aug 7, 2023, 6:02 PM IST

সোমবাৰে পুৱা এইমছ দিল্লীৰ এণ্ডোস্ক'পী কোঠাত জুইলগাৰ পিছত জৰুৰীকালীন ৱাৰ্ডটো অস্থায়ীভাৱে বন্ধ কৰি দিয়া হৈছে । ৩০ মিনিটৰ ভিতৰত আঠখন অগ্নিনিৰ্বাপক গাড়ীয়ে জুই নিয়ন্ত্ৰণলৈ আনে । কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই ।

Fire at AIIMS Delhi
Fire at AIIMS Delhi

নিউজ ডেস্ক, ৭ আগষ্ট : সোমবাৰে পুৱা দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অব মেডিকেল ছায়েন্সেছ চমুকৈ এইমছৰ জৰুৰীকালীন বিভাগৰ ওচৰত অৱস্থিত এণ্ডোস্ক'পী কোঠাটোত অগ্নিকাণ্ড সংঘটিত হয় । জুই নিৰ্বাপণ কৰিবলৈ আঠখন অগ্নিনিৰ্বাপক গাড়ী নিয়োজিত কৰা হয় । গাড়ীকেইখনে ৩০ মিনিটৰ ভিতৰত জুই নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হয় । আনহাতে, এইমছ প্ৰশাসনে উক্ত অঞ্চলটোৰ পৰা সকলো ৰোগী আৰু কৰ্মচাৰীক সুকলমে স্থানান্তৰ কৰিবলৈ সক্ষম হয় ।

সূত্ৰ অনুসৰি, পুৰণি বহিঃৰোগী বিভাগৰ (অ'পিডি) ভৱনৰ দ্বিতীয় মহলাত থকা এণ্ডোস্ক'পী কোঠাত শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে । অগ্নিনিৰ্বাপক বাহিনীয়ে অৱশ্যে জুই নুমোৱাবলৈ সক্ষম হয় । এতিয়ালৈকে কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই । অগ্নিনিৰ্বাপক সেৱা বিভাগে পুৱা ১১.৫৪ বজাত চিকিৎসালয়ৰ জৰুৰীকালীন ৱাৰ্ডৰ পৰা এটা ফোনকল লাভ কৰে । কৰ্মচাৰীৰ সৈতে সকলো ৰোগীকে এণ্ডোস্ক'পী কোঠা আৰু ওচৰৰ এলেকাৰ পৰা স্থানান্তৰ কৰে । আঠখন অগ্নিনিৰ্বাপক গাড়ী ঘটনাস্থলীত ততাতৈয়াকৈ উপস্থিত হয় আৰু অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপণ কৰিবলৈ প্ৰায় আধা ঘণ্টা সময় লয় ।

অগ্নিকাণ্ডৰ পিছত জৰুৰীকালীন ৱাৰ্ডটো অস্থায়ীভাৱে বন্ধ কৰি দিয়া হৈছে । দিল্লী এইমছৰ জৰুৰীকালীন ৱাৰ্ডলৈ অহা ৰোগীসকলক চফদৰজং চিকিৎসালয়লৈ যাবলৈ কোৱা হৈছে । ৰোগীসকলৰ পৰিয়ালক চিকিৎসালয়ৰ গে'টতে এই খবৰ দিয়া হৈছে ।

আনহাতে, চিকিৎসালয়খনৰ পৰিচালনা বোৰ্ডৰ পৰা কোৱা হৈছে যে জুই বৰ্তমান নিয়ন্ত্ৰণ হৈ আছে আৰু সঞ্চালকগৰাকী ঘটনাস্থলীতে আছে । অগ্নিনিৰ্বাপক সেৱাৰ বিষয়াসকলে প্ৰকাশ কৰিছে যে জুই নিয়ন্ত্ৰণলৈ অনা হৈছে । কিন্তু তেওঁলোকে এতিয়াও অনুসন্ধান অভিযান অব্যাহত ৰাখিছে ।

উল্লেখ্য যে দিল্লীৰ মায়াপুৰী অঞ্চলৰ এটা কাৰখানাত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হোৱাৰ এসপ্তাহ পিছত এই ঘটনাটো সংঘটিত হয় । উক্ত অগ্নিকাণ্ডত ষোল্লখন অগ্নিনিৰ্বাপক গাড়ী সেৱাত নিয়োজিত কৰা হৈছিল আৰু কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই । আনহাতে, যোৱা মে' মাহতো দিল্লীৰ নাৰেলা ঔদ্যোগিক এলেকাত আন এক অগ্নিকাণ্ড সংঘটিত হৈছিল ।

লগতে পঢ়ক :Public singer Gaddar passed away: গীতেৰে শত সহস্ৰজনক উদ্বুদ্ব কৰা গণশিল্পী গড্ডৰৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.