নেশ্যনেল ডেস্ক, 21 নৱেম্বৰ: মহিলাক ধৰ্ষণ আৰু মানসিক নিৰ্যাতন কৰাৰ অভিযোগত কংগ্ৰেছী বিধায়কৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে (Congress MP allegedly raping mentally harassing woman)৷ জানিব পৰামতে এগৰাকী ৩৮ বছৰীয়া বিবাহিত মহিলাই ধৰাৰ নগাঁও আৰক্ষী থানা এলেকাত তেওঁক ধৰ্ষণ আৰু মানসিকভাৱে অত্যাচাৰ কৰাৰ অভিযোগত কংগ্ৰেছী বিধায়ক উমাং সিংঘাৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে (FIR against MP Congress MLA Umang Singhar)৷
ভাৰতীয় দণ্ডবিধিৰ অধীনত আৰক্ষীয়ে এই গোচৰটো ৩৭৬ (ধৰ্ষণ), ৩৭৭ (অপ্ৰাকৃতিক অপৰাধ) আৰু ৪৯৮ ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰিছে ৷ সম্প্ৰতি সাংসদ গৃহমন্ত্ৰী নৰোত্তম মিশ্ৰাই এজাহাৰ দাখিলৰ কথা নিশ্চিত কৰিছে (MP Congress MLA allegedly raping woman) ৷

ইফালে শেহতীয়াকৈ উমাং সিংঘাৰৰ (MP Congress MLA Umang Singhar ) পত্নীৰ বিৰুদ্ধেও তেওঁৰ ঘৰত বনকৰা এগৰাকী মহিলাই শাৰীৰিক নিৰ্যাতন চলোৱাৰ গোচৰ ৰুজু কৰিছে ৷ গায়ত্ৰী ভূৰিয়া নামৰ মহিলাগৰাকীয়ে কেইবাবছৰ ধৰি বিধায়কগৰাকীৰ ঘৰত ৰান্ধনিৰূপে কাম কৰিছিল ৷ বিভিন্ন সময়ত গায়ত্ৰীক বিধায়ক পত্নীয়ে আপত্তিজনক শব্দ ব্যৱহাৰ কৰি গালি-গালাজ পাৰাৰ লগতে শাৰীৰিকভাৱে আক্ৰমণ কৰিছিল বুলি অভিযোগ উত্থাপিত হৈছে ৷
ইয়াৰ সমান্তৰালকে কংগ্ৰেছী বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী উমাং সিংঘাৰে অভিযোগ কৰিছিল যে, জবলপুৰত বাস কৰা তেওঁৰ পত্নীয়ে তেওঁৰ পৰা ১০ কোটি টকা দাবী কৰিছিল ৷ অন্যথা এই ধন পৰিশোধ নকৰিলে কংগ্ৰেছী বিধায়কগৰাকীৰ ৰাজনৈতিক কেৰিয়াৰ ধ্বংস কৰি দিব বুলি ভাবুকি দিয়ে তেওঁৰ পত্নীয়ে ৷
-
MP | FIR registered against Congress MLA Umang Singhar at Naugaon PS in Dhar for allegedly raping & mentally harassing a woman. Case registered u/s 376 (rape), 377 (Unnatural offences) & 498 (enticing/taking away/detaining with criminal intent a married woman) of IPC.
— ANI MP/CG/Rajasthan (@ANI_MP_CG_RJ) November 21, 2022 " class="align-text-top noRightClick twitterSection" data="
(File pic) pic.twitter.com/JvgdPC3jd0
">MP | FIR registered against Congress MLA Umang Singhar at Naugaon PS in Dhar for allegedly raping & mentally harassing a woman. Case registered u/s 376 (rape), 377 (Unnatural offences) & 498 (enticing/taking away/detaining with criminal intent a married woman) of IPC.
— ANI MP/CG/Rajasthan (@ANI_MP_CG_RJ) November 21, 2022
(File pic) pic.twitter.com/JvgdPC3jd0MP | FIR registered against Congress MLA Umang Singhar at Naugaon PS in Dhar for allegedly raping & mentally harassing a woman. Case registered u/s 376 (rape), 377 (Unnatural offences) & 498 (enticing/taking away/detaining with criminal intent a married woman) of IPC.
— ANI MP/CG/Rajasthan (@ANI_MP_CG_RJ) November 21, 2022
(File pic) pic.twitter.com/JvgdPC3jd0
লগতে দাবী কৰা ধন পৰিশোধ নকৰিলে অচিৰেই কংগ্ৰেছী বিধায়ক তথা স্বামীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ ভয় ভাবুকি প্ৰদান কৰে তেওঁৰ পত্নীয়ে ৷ যোৱা কেইবাদিন ধৰি তেওঁৰ পত্নীয়ে তেওঁৰ মানসিকভাৱে অত্যাচাৰ কৰি আছিল বুলি জানিবলৈ দিয়ে ৷
শেহতীয়াকৈ কংগ্ৰেছী বিধায়কগৰাকীয়ে তেওঁৰ পত্নীৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত এখন আবেদনো দাখিল কৰিছিল ৷ এই কথা গম পাই তেওঁক তেওঁৰ পত্নীয়ে ব্লেকমেইল কৰাৰ লগতে মানসিকভাৱে অত্যাচাৰ কৰা বুলিও দাবী উত্থাপন কৰিছিল মন্ত্ৰীগৰাকীয়ে ৷ তেওঁ কয় যে মই এখন জনজাতীয় সমাজৰ পৰা আহিছো, সেয়েহে মই কেতিয়াবাৰে পৰা ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হৈ আহিছো ৷
লগতে পঢ়ক: Youth body recovered in Nalanda: নালান্দাত ক্ষত-বিক্ষত অৱস্থাত যুৱকৰ মৃতদেহ উদ্ধাৰ