নিউজ ডেস্ক, 23 জুন: বিপদে যেন পিছ নেৰা হৈছে মহাৰাষ্ট্ৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ ৷ থাকৰে চৰকাৰৰ বিৰুদ্ধে এইবাৰ মুম্বাই আৰক্ষী থানাত ৰুজু কৰা হৈছে গোচৰ ৷ বিজেপি যুৱ মৰ্চাই মুম্বাইৰ মালাবাৰ হিল আৰক্ষী থানাত অনলাইনযোগে দাখিল কৰিছে এই অভিযোগ ৷ মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে ক’ভিড নিৰ্দেশনা ভংগ কৰাৰ অভিযোগ যুৱ মৰ্চাৰ(Maha CM Uddhav Thackeray violating Covid 19 protocols) ৷
বিজেপি যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় সম্পাদক তাজিন্দৰ পাল সিং বাগ্গাই দাখিল কৰে এই এজাহাৰ(BJP leader files police complaint against Maha CM) ৷ তাজিন্দৰ পাল সিং বাগ্গাই কৰা অভিযোগ অনুসৰি মুখ্যমন্ত্ৰীগৰাকীয়ে বুধবাৰে সন্ধিয়া কিছুমান লোকক সাক্ষাৎ কৰি বৈঠকত মিলিত হৈছিল ৷ কিন্তু ইয়াৰ পূৰ্বে বুধবাৰে দুপৰীয়াভাগত তেওঁৰ দেহত ধৰা পৰিছিল ক’ভিডৰ অৱস্থিতি ৷
এনে পৰিস্থিতিত মুখ্যমন্ত্ৰীগৰাকীয়ে কেনেদৰে এইসকল লোকক সাক্ষাৎ কৰে বুলি অভিযোগ কৰি মালাবাৰ হিল আৰক্ষী থানাত বিজেপি যুৱ মৰ্চাৰ সম্পাদকগৰাকীয়ে এক গোচৰ ৰুজু কৰে ৷ তেওঁ লগতে মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা লোৱাৰো দাবী কৰে ৷
লগতে পঢ়ক : চৰকাৰী আৱাসগৃহ ত্যাগ কৰিলে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীয়ে