ETV Bharat / bharat

Shrikashi Vishwanath temple : কাশী বিশ্বনাথ মন্দিৰত সেৱক আৰু দৰ্শনাৰ্থীৰ মাজত হতাহতি

author img

By

Published : Jul 24, 2022, 1:15 PM IST

বাৰাণসীৰ কাশী বিশ্বনাথ মন্দিৰত পবিত্ৰ শাওণ মাহত প্ৰত্যেক বছৰৰ দৰে এইবাৰো ভক্তৰ বিশাল ভিৰ হোৱা পৰিলক্ষিত হয় ৷ কিন্তু ইয়াৰ মাজতে বাৰাণসীৰ বাবা বিশ্বনাথৰ ভূ-গৰ্ভ গৃহত সেৱক আৰু দৰ্শনাৰ্থীৰ মাজত হতাহতি ৷ ছ’চিয়েল মিডিয়াত ভাইৰেল ভিডিঅ’ ।

fight-between-devotees-and-servicemen-in-shrikashi-vishwanath-temple-of-varanasi
বাৰাণসীৰ কাশী বিশ্বনাথ মন্দিৰত সেৱক আৰু দৰ্শনাৰ্থীৰ মাজত হতাহতি

নেশ্যনেল ডেস্ক, 24 জুলাই: পবিত্ৰ শাওণ মাহ চলি আছে (Holy Month Sawan) ৷ বাৰাণসী অৰ্থাৎ বাবা বিশ্বনাথ নগৰত ভক্তৰ বিপুল সমাগম (Crowd of devotees in Varanasi Baba Bishwanath)। আনকি শাওণৰ মাহৰ দ্বিতীয় সোমবাৰৰ পূৰ্বেই বাৰাণসীত ভক্তৰ সোঁত বৈছে ৷ কাশী বিশ্বনাথ মন্দিৰত দৰ্শনৰ বাবে দীঘলীয়া শাৰী । এই সকলোবোৰৰ মাজতে বাৰাণসীৰ বাবা বিশ্বনাথৰ ভূ-গৰ্ভ গৃহত সেৱক আৰু দৰ্শনাৰ্থীৰ মাজত তুমুল কাজিয়া ৷ ছ’চিয়েল মিডিয়াত ভাইৰেল ভিডিঅ’ (Devotees and servicemen Viral Video) ৷

তথ্য অনুসৰি, শনিবাৰে সন্ধিয়া সপ্ত ঋষিৰ আৰতিৰ পূৰ্বে কিছুসময়ৰ বাবে বাবা বিশ্বনাথৰ ভূ-গৰ্ভ গৃহত ভক্তসকলক প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া হৈছিল । বিপুল জনসমাগমৰ ফলত এক বিশৃংখল পৰিৱেশৰ সৃষ্টি হয় ৷ এনে পৰিস্থিতিত দৰ্শন কৰিবলৈ অহা ভক্ত আৰু সেৱকৰ মাজত কাজিয়াৰ সূত্ৰপাত হয় । পৰৰ্ৱতী সময়ত এই কাজিয়া সংঘৰ্ষত পৰিণত হয় ৷ বৰ্তমানলৈ কাজিয়াৰ কাৰণ জানিব পৰা হোৱা নাই ৷

এই ক্ষেত্ৰত সেৱকসকলে মন্দিৰৰ মুখ্য কাৰ্যবাহী বিষয়ালৈ এখন পত্ৰ লিখি ঘটনাটোৰ বিষয়ে অৱগত কৰিছে । বৰ্তমান আৰক্ষীয়ে চিচিটিভিৰ ভিত্তিত বিষয়টোৰ তদন্ত চলাই আছে ।

লগতে পঢ়ক: Priest shot dead at Motihari: মন্দিৰৰ ভিতৰতেই গুলীয়াই হত্যা পূজাৰীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.