ETV Bharat / bharat

Cold Feet Causes: জোতা-মোজা পিন্ধাৰ পিছতো ভৰি বৰফৰ দৰে ঠাণ্ডা হৈ থাকে নেকি, তেন্তে হ'ব পাৰে এইসমূহ ৰোগ - হাইপোথাইৰয়ড

শীতকালত হাত-ভৰি ঠাণ্ডা হোৱাটো সাধাৰণ কথা । কিন্তু যদি অনবৰতে জোতা, মোজা, গ্ল’ভছ পিন্ধিলেও যদি ভৰি দুখন ঠাণ্ডা হৈ থাকে, তেন্তে ই কিছুমান গুৰুতৰ সমস্যাৰ কাৰণ হ’ব পাৰে । ভৰি ঠাণ্ডা হোৱাৰ লক্ষণসমূহ কি কি জানো আহক ।

Feet remain cold like ice even in shoes and socks then you may have these diseases
জোতা-মোজা পিন্ধাৰ পিছতো ভৰি বৰফৰ দৰে ঠাণ্ডা হৈ থাকে নেকি, তেন্তে হ'ব পাৰে এইসমূহ ৰোগ
author img

By

Published : Jan 26, 2023, 6:37 PM IST

শীতকালত মানুহৰ হাত-ভৰি প্ৰায়ে ঠাণ্ডা হৈ থাকে । এই বতৰত মানুহে ঠাণ্ডাৰ পৰা ৰক্ষা পাবলৈ গৰম কাপোৰৰ আশ্ৰয় লয়। একে সময়তে হাত-ভৰি গৰম কৰি ৰাখিবলৈ মানুহে মোজা আৰু গ্ল’ভছ ব্যৱহাৰ কৰে । কিন্তু এনে বহু লোক আছে যাৰ ভৰি শীতকালত অবিৰতভাৱে ঠাণ্ডা হৈ থাকে । গৰম কাপোৰ পিন্ধাৰ পিছতো যদি আপোনাৰ ভৰি দুখন বৰফৰ দৰে ঠাণ্ডা হৈ থাকে, তেন্তে ই বহু গুৰুতৰ ৰোগৰ কাৰণ হ’ব পাৰে । যদি শীতকালত আপোনাৰ ভৰি প্ৰায়ে ঠাণ্ডা হৈ থাকে, তেন্তে ই এই ৰোগবোৰৰ লক্ষণ হ’ব পাৰে(Cold Feet Causes)।

ডায়েবিটিছ

যদিহে আপোনাৰ ভৰি দুখন শীতকালত অবিৰতভাৱে গৰম কৰাৰ পিছতো ঠাণ্ডা হৈ থাকে, তেন্তে ই ডায়েবেটিছৰ লক্ষণ হ’ব পাৰে(Diabetes)। আচলতে ভৰিৰ ঠাণ্ডা সমস্যাটো তেতিয়াই থাকে যেতিয়া শৰীৰত তেজৰ চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণহীন হৈ থাকে(cold feet causes and treatment) । এনে পৰিস্থিতিত যদি আপুনি অনবৰতে এই লক্ষণ আপোনাৰ ভিতৰত অনুভৱ কৰে, তেন্তে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ লৈ এবাৰ ডায়েবেটিছ টেষ্ট কৰি লওক(Cold Feet Causes and Treatments)।

ৰক্তহীনতা

যদি আপুনি ৰক্তহীনতাৰ বলি হয় আৰু আপোনাৰ শৰীৰত ৰক্তকণিকাৰ অভাৱ হয়(Anemia), তেন্তে ইয়াৰ বাবে আপোনাৰ ভৰি দুখন প্ৰায়ে ঠাণ্ডা হৈ থাকে(cold feet causes in winter)। ইয়াৰ বাহিৰেও শৰীৰত আইৰণ, ভিটামিন B 12, ফোলেটৰ অভাৱ, দীৰ্ঘদিনীয়া বৃক্কৰ ৰোগৰ সমস্যা থাকিলেও মানুহৰ ভৰি প্ৰায়ে ঠাণ্ডা হৈ থাকে(High cholesterol) ।

উচ্চ কলেষ্টেৰল

ভৰিৰ ঠাণ্ডা হৈ থকাটোও উচ্চ কলেষ্টেৰলৰ লক্ষণ হ’ব পাৰে(High cholesterol)। আচলতে যদি আপোনাৰ শৰীৰত কলেষ্টেৰলৰ সমস্যা বাঢ়িবলৈ আৰম্ভ কৰে, তেন্তে ই তেজৰ ধমনীবোৰ বন্ধ কৰিবলৈ আৰম্ভ কৰে, যাৰ বাবে শৰীৰত তেজৰ সঞ্চালন সঠিকভাৱে নহয় । সঠিকভাৱে তেজৰ সোঁত নাথাকিলেও হাত-ভৰি ঠাণ্ডা হোৱাৰ সমস্যা হ’ব পাৰে ।

হাইপোথাইৰয়ড

থাইৰয়ডৰ সমস্যাৰ সৈতে যুঁজি থাকিলেও হাত-ভৰি ঠাণ্ডা হৈ থাকে । থাইৰয়ড ৰোগ হৈছে এক প্ৰকাৰৰ হাইপোথাইৰয়ড, যাৰ বাবে ৰোগীৰ হাত-ভৰি ঠাণ্ডা হৈ থাকে।এই ধৰণৰ থাইৰয়ডত শৰীৰত পৰ্যাপ্ত পৰিমাণে থাইৰয়ড হৰম'ন উৎপন্ন নহয়, যাৰ বাবে শৰীৰৰ বহু অংশ আক্ৰান্ত হয়(Hypothyroid)।

অত্যধিক মানসিক চাপ

যদি আপুনি যিকোনো ধৰণৰ মানসিক চাপত ভুগি আছে, তেন্তে লগতে ভৰি ঠাণ্ডা হোৱাৰ সমস্যাও হ’ব পাৰে(Excessive stress)। আচলতে অত্যধিক মানসিক চাপ আৰু উদ্বেগৰ বাবে ভৰি দুখন ঠাণ্ডা হ’বলৈ আৰম্ভ কৰে । যদি আপুনি কাৰোবাৰ কথাক লৈ অত্যধিক মানসিক চাপ লৈছে, তেন্তে আপোনাৰ ভৰি দুখন ঠাণ্ডা হ’বলৈ আৰম্ভ কৰে ।

লগতে পঢ়ক: Cervavac vaccine: ছাৰ্ভাইকেল কেন্সাৰ প্ৰতিৰোধৰ ক্ষেত্ৰত কিমান উপকাৰী Cervavac ভেকচিন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.