নেশ্যনেল ডেস্ক, 23 অক্টোবৰ : বেংগালুৰুৰ পাৰাপ্পানা অগ্ৰহৰাত জঘন্য ঘটনা ৷ প্ৰেমিকৰ সৈতে পলাই যোৱাৰ বাবে কন্যাক হত্যা কৰিলে পিতৃয়ে ৷ মৃত যুৱতীগৰাকী পল্লৱী বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে ঘাতক পিতৃ গণেশক পৰপ্পানা অগ্ৰহৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।
ঘটনাৰ বিৱৰণী অনুসৰি, মহীশূৰৰ এইচ.ডি. কোটৰ বাসিন্দা পল্লৱীয়ে ঘৰৰ ওচৰৰ এখন মহাবিদ্যালয়ত পি.ইউ.চি. অধ্যয়ন কৰি আছিল। সেই সময়তে যুৱতীগৰাকী একেখন মহাবিদ্যালয়ৰ এজন যুৱকৰ সৈতে পৰিচয় হয় ৷ দুয়ো ইজনে সিজনৰ প্ৰেমত পৰিছিল। এই কথা যুৱতীগৰাকীৰ পিতৃ গণেশে গম পোৱাৰ পিচতে কন্যাক সতৰ্ক কৰি দিছিল ৷ কিন্তু পিতৃৰ কথা নুশুনি যুৱতীগৰাকীয়ে প্ৰেমিকৰ সৈতে পলাই গৈছিল।
পৰৱৰ্তী সময়ত, যুৱতীগৰাকীৰ আত্মীয়সকলৰ সহায়ত তেওঁক বিচাৰি ঘৰলৈ লৈ অহা হৈছিল ৷ গণেশে কন্যাক সম্পৰ্কীয় এগৰাকী লোকৰ ঘৰত ৰাখিছিল ৷ কিন্তু তাৰ পিচতো পল্লৱীয়ে যুৱকজনৰ সৈতে পুনৰ যোগাযোগ কৰে ৷ এইবাৰ যুৱতীগৰাকীয়ে পুনৰ 14 অক্টোবৰত তেওঁৰ সম্পৰ্কীয়ৰ ঘৰৰ পৰা পলায়ন কৰে ৷
এই ঘটনাৰ পিচতে গণেশ দম্পতীয়ে গম পাই 17 তাৰিখে পাৰাপ্পানা অগ্ৰহৰা আৰক্ষী থানাত এটা নিৰুদ্দেশৰ অভিযোগ দাখিল কৰিছিল। এই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে এক অভিযান চলাই দুদিনৰ ভিতৰত পল্লৱীক বিচাৰি আনি পিতৃ-মাতৃৰ হাতত গতাই দিছিল ৷
পৰৱৰ্তী সময়ত 21 অক্টোবৰত পিতৃয়ে কন্যাৰ ওপৰত আক্ৰমণ কৰিছিল। এই ঘটনা দেখি মাতৃসহ পৰিয়ালৰ লোকে বাধা দিবলৈ আহোঁতে গণেশে আত্মীয়সকলকো আঘাত কৰিছিল। পিতৃৰ দাৰ ঘাপত যুৱতীগৰাকীৰ তীব্ৰ ৰক্তক্ষৰণ হোৱাৰ ফলত শনিবাৰে নিশা পল্লৱীৰ মৃত্যু হয়। এই ঘটনাত পল্লৱীৰ মাতৃ আৰু খুৰাক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ দুয়োগৰাকী বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷
আনহাতে, পিতৃ গণেশ কন্যাৰ মৃত্যুৰ খবৰ পাই পৰপ্পানা অগ্ৰহৰা আৰক্ষী থানালৈ আহি আত্মসমৰ্পণ কৰে ৷ ইতিমধ্যে আৰক্ষীয়ে পিতৃক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে ।
লগতে পঢ়ক: Mallikarjun Kharge: পাঁচোখন ৰাজ্যতে চৰকাৰ গঠন কৰিব কংগ্ৰেছে; মল্লিকাৰ্জুন খাৰ্গে