নেশ্যনেল ডেস্ক,২৩ অক্টোবৰ : দুৰ্গোৎসৱক লৈ দেশৰ ভিন্ন প্ৰান্তত ব্যাপক উছাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে । কিন্তু তাৰ মাজতে অন্ধ্ৰপ্ৰদেশৰ পালনাডু জিলাত মৰ্মান্তিক ঘটনা । কন্যা সন্তানৰ মুখ নেদেখাকৈয়ে এই সংসাৰ এৰি গ'ল দুৰ্ভগীয়া পিতৃ । একমাত্ৰ চৰকাৰৰ অৱহেলাৰ বাবেই এটা পৰিয়ালত সুখৰ মাজতো নামি আহিল অমানিশা ।
চৰকাৰে দৰিদ্ৰ তথা জনসাধাৰণৰ উন্নয়নৰ ঢাক-ঢোল বজাই আছে যদিও প্ৰকৃতাৰ্থত সেই উন্নয়ন বহু দূৰত । অন্ধ্ৰপ্ৰদেশৰ শোকাৱহ ঘটনাটোৱে সেই কথাকে পুনৰ এবাৰ প্ৰমাণ কৰিলে । চৰকাৰী হাস্পতালৰ আন্তঃগাঁথনি অভাৱৰ বাবেই এগৰাকী প্ৰসৱ বেদনাত ভুগি থকা মহিলা ৩ খনকৈ চৰকাৰী হাস্পতালত ঘূৰাই ফুৰিবলগীয়া হৈছে । আনহাতে পথৰ দুৰৱস্থাৰ বাবে দুৰ্ঘটনাত পতিত স্বামী । এফালে মৰ্গত নিষ্প্ৰাণ স্বামী আৰু হাস্পতালৰ বিচনাত সদ্যজাত সন্তানক লৈ হিয়া ভগা কান্দোন পত্নীৰ ।
এই ঘটনাটো ৰাজ্যখনৰ স্বাস্থ্য মন্ত্ৰী বিদাদা ৰজনীৰ গৃহ জিলা পালনাডুত সংঘটিত হৈছে । কাৰাম্পুডিৰ বাথিনা আনন্দৰ পত্নী ৰমঞ্জিনী গৰ্ভৱতী আছিল । শুকুৰবাৰে নিশা ৯ মান বজাত প্ৰসৱ বেদনাত থকা পত্নীক আনন্দই আশাকৰ্মীৰ সৈতে কাৰাম্পুডি পিএইচচিলৈ লৈ গৈছিল । কিন্তু তাত কোনো চিকিৎসক নাছিল যাৰ বাবে তেওঁলোকক গুৰাজালা চৰকাৰী চিকিৎসালয়লৈ যাবলৈ পৰামৰ্শ দিয়া হৈছিল ।
তেওঁলোকে ১০৮ এম্বুলেন্সত ২০ কিলোমিটাৰ দূৰত থকা গুৰাজালা চিকিৎসালয়ত উপস্থিত হৈছিল । তাত চিকিৎসকে আনন্দৰ পত্নীক পৰীক্ষা কৰিছিল আৰু তেওঁক উন্নত চিকিৎসাৰ বাবে নৰাচাৰাওপেট চৰকাৰী চিকিৎসালয়লৈ যাবলৈ পৰামৰ্শ দিয়ে । তাৰ পৰা প্ৰায় ৭০ কিলোমিটাৰ দূৰত আছিল নৰাচাৰাওপেট চৰকাৰী চিকিৎসালয় । পাছত তেওঁলোক নৰাচাৰাওপেট চৰকাৰী চিকিৎসালয়লৈ যায় আৰু পুৱা ৰমঞ্জিনীয়ে সাধাৰণ প্ৰসৱৰ জৰিয়তে এটি কন্যা সন্তান জন্ম দিয়ে ।
কিন্তু এইখিনিতে পৰিয়ালটোৰ মাজলৈ ভয়ংকৰ খবৰটো আহিল । গুৰাজালা চিকিৎসালয়ৰ পৰা নৰাচাৰাওপেট চৰকাৰী চিকিৎসালয়লৈ যাবলৈ কোৱাত আনন্দে তেওঁৰ পত্নী আৰু আশাকৰ্মীক এম্বুলেন্সেৰে পঠিয়াই দিছিল আৰু আনন্দই পুনৰ কাৰাম্পুডিৰ পৰা ২০ হাজাৰ টকাৰ ঋণ লৈ দুচকীয়া বাহন এখনেৰে নৰাচাৰাওপেটলৈ গৈ আছিল । কিন্তু জুলাকাল্লুৰ ওচৰত পথৰ মাজতে থকা এটা গাঁতত পৰি আনন্দ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল । তেওঁক কাৰাম্পুডিৰ পৰা এম্বুলেন্সত পত্নী থকা একেখন হাস্পতাললৈ লৈ যোৱা হয় । কিন্তু আনন্দৰ চিকিৎসালয়ত মৃত্যু হয় । একেখন হাস্পতালতে স্বামীৰ মৃতদেহ আৰু কাষত সদ্যজাত কন্যা সন্তান । দুৰ্ভগীয়া পত্নীগৰাকীৰ বাবে কিমান কৰুণাদয়ক হ'ব এই ঘটনা !
লক্ষণীয়ভাৱে এগৰাকী গৰ্ভৱতী মহিলাই নিজৰ জিলাতে নিয়মীয়া প্ৰসৱৰ বাবে ৯০ কিলোমিটাৰ ভ্ৰমণ কৰিব লগা হয় । গ্ৰাম্য স্বাস্থ্য কেন্দ্ৰ, পিএইচচি আৰু চিএইচচি আছে যদিও গৰ্ভৱতী মহিলাসকলে স্বাভাৱিক প্ৰসৱৰ বাবে জিলাৰ কেন্দ্ৰলৈ যাবলগীয়া হয় । পিএইচচি আৰু চিএইচচিবোৰ নামত হে আছে । তাত বিশেষজ্ঞ চিকিৎসক বা এনাস্থেটিষ্ট নাথাকে । তেজৰ অভাৱৰ বাবে গৰ্ভৱতী মহিলাসকলক ব্যক্তিগত বা জিলাৰ কেন্দ্ৰৰ হাস্পতাললৈ প্ৰেৰণ কৰিবলগীয়া হয় । এই ঘটনাটোৱে চৰকাৰী চিকিৎসালয়সমূহৰ ভয়ংকৰ পৰিস্থিতি উন্মোচন কৰিছে । মৃত আনন্দৰ পৰিয়ালৰ সদস্যসকলে ক্ষোভ প্ৰকাশ কৰি কয় যে যদি চিকিৎসকসকলে কাৰাম্পুডি বা গুৰাজালাৰ চিকিৎসালয়তে কেঁচুৱাটো প্ৰসৱ কৰিব পাৰিলেহেঁতেন তেতিয়া হয়টো আজি আনন্দৰ মৃত্যু নহ'লহেঁতেন !
লগতে পঢ়ক :Agniveer dies on duty in high altitude Siachen: কৰ্তব্যৰত অৱস্থাত ছিয়াচেনত মৃত্যু অগ্নিবীৰৰ