ETV Bharat / bharat

Farmers Suicide : শস্য নষ্ট হোৱাৰ বাবে কীটনাশক খাই ৪ কৃষকৰ আত্মহত্যা

author img

By

Published : Aug 12, 2023, 12:34 PM IST

তেলেংগানাৰ বিভিন্ন জিলাত শুকুৰবাৰে চাৰিজন কৃষকে আত্মহত্যা কৰে । খেতিপথাৰৰ শস্য নষ্ট হোৱা আৰু ঋণগ্ৰস্ত হৈ এই কৃষককেইজনে কীটনাশক পান কৰি আত্মহত্যা কৰে ।

Farmers Suicide
Farmers Suicide

নিউজ ডেস্ক, ১২ আগষ্ট : দেশত পুনৰ কৃষকৰ আত্মহত্যা । এইবাৰ শস্য নষ্ট হোৱাৰ বাবে বিপুল ক্ষতিৰ সন্মুখীন হৈ চাৰি কৃষকৰ আত্মহত্যা । ধাৰাসাৰ বৰষুণৰ ফলত শস্যৰ ক্ষতিসাধন হোৱাত ঋণগ্ৰস্ত কৃষকে উপায়বিহীন হৈ আত্মহত্যাৰ দৰে চৰম পথ বাছি লয় । শুকুৰবাৰে তেলেংগানাৰ বিভিন্ন স্থানত এই চাৰিজন কৃষকে আত্মহত্যা কৰে ।

ইয়াৰে এজন হৈছে ৰাজ্যখনৰ কোঠাপল্লীগোৰী জিলাৰ কৃষক গাট্টু ৰাজায়া (৫৫) । তেওঁৰ ১.২০ একৰ মাটিৰ খেতিপথাৰ আছে । অন্য ১.২০ একৰ মাটি তেওঁ লীজত লৈ জলকীয়াৰ খেতি কৰে । কিন্তু ক'লা পলুৰ আক্ৰমণৰ বাবে তেওঁৰ শস্য নষ্ট হৈ যায় । আনহাতে, তেওঁ খেতিৰ বাবে ৫ লাখ টকা ঋণ লৈছিল । অৱশ্যে শেহতীয়াভাৱে যদিও তেওঁ কপাহ ৰোপণ আৰম্ভ কৰে, কিন্তু শেহতীয়া বৰষুণে তেওঁৰ বেছিভাগ উদ্ভিদেই ধ্বংস কৰে । ইয়াৰ উপৰি শুকুৰবাৰে পুৱা বৈদ্যুতিক মটৰটোও জ্বলি যায় । যাৰ ফলত কি কৰিব, কি নকৰিব উপায়ন্তৰ হৈ তেওঁ খেতিপথাৰতে কীটনাশক পান কৰি আত্মহত্যা কৰে ।

আন এক ঘটনাত মুলুগু জিলা এৰম ৰাম ৰামকৃষ্ণ ৰেড্ডীয়ে (৪৩) তেওঁৰ ৩০ বিঘা মাটিৰ লগতে আন ৭ একৰ মাটি লীজত লৈ কপাহৰ খেতি কৰিছিল । কিন্তু শেহতীয়াকৈ হোৱা ধাৰাসাৰ বৰষুণে গোটেই শস্য ক্ষতিগ্ৰস্ত কৰে । তেওঁ মহিলা সংগঠনৰ লগতে খেতিৰ বাবে বেঙ্কৰ পৰাও ৩.৫০ লাখ টকা ঋণ লৈছিল । কিন্তু শস্য নষ্ট হোৱাৰ বাবে পৰিশোধ কৰিব নোৱাৰাত তেওঁ কীটনাশক পান কৰি আত্মহত্যা কৰে ।

ভুৱনাগিৰি জিলাৰ ৰাজশেখৰ ৰেড্ডীয়ে (৩৫) তেওঁৰ মালিকানাধীন দুই একৰ মাটিৰ উপৰি আন তিনি একৰ মাটি লীজত লৈছিল । কিন্তু শস্যৰ উৎপাদন ভাল নোহোৱাৰ বাবে তেওঁ ৫ লাখ টকাৰ ঋণৰ বোজা বহন কৰিবলগা হৈছিল । সেয়ে উপায়ন্তৰ হৈ দুদিন পূৰ্বে ঘৰ এৰি যোৱা ৰাজশেখৰে কীটনাশক পান কৰি আত্মহত্যা কৰে । উল্লেখ্য যে তেওঁৰ এটা পুত্ৰ সন্তানৰ লগতে মাত্ৰ এসপ্তাহ পূৰ্বে এটি কন্যাশিশুৰ পিতৃ হৈছিল ।

চতুৰ্থটো ঘটনা সংঘটিত হৈছে নলগোণ্ডা জিলাত । জিলাখনৰ কৃষক অন্নম কৃষ্ণাই (৩২) নিজৰ লগতে আঢ়ৈ একৰ মাটি লীজত লৈ কপাহৰ খেতি আৰম্ভ কৰিছিল । কিন্তু প্ৰত্যাশিত উৎপাদন নোহোৱাত তেওঁৰ মূৰত ৪ লাখ টকাৰ ঋণৰ বোজা পৰিছিল । এইবাৰ তেওঁ ফাৰ্ম এখন লীজত লৈ তাত পৰিচালক হিচাপে কাম কৰিছিল । দুমাহ পূৰ্বে তেওঁৰ পত্নী লাৱণ্যৰ অসুস্থতাৰ বাবে ২.৫০ লাখ টকা খৰচ কৰি এখন ব্যক্তিগত চিকিৎসালয়ত অস্ত্ৰোপচাৰ কৰা হৈছিল । কিন্তু এই ঋণবোৰ কেনেদৰে নিষ্পত্তি কৰিব লাগে তাৰ একো উৱাদিহ নাপাই তেওঁ শুকুৰবাৰে কীটনাশক পান কৰি আত্মহত্যা কৰে । সংসাৰত তেওঁৰ দুগৰাকী ছোৱালী আছে ।

লগতে পঢ়ক :MP Road Accident : মধ্যপ্ৰদেশৰ সিধিত ট্ৰাক-বাছৰ সংঘৰ্ষ; আহত ৪০ তকৈ অধিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.